নলবাৰীঃ ৮ নং মংগলদৈ লোকসভা সমষ্টিৰ নিৰ্বাচনলৈ কেইটামান দিন বাকী থকাত মংগলবাৰে নলবাৰী বিধানসভা সমষ্টিত বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ হিমন্ত বিশ্ব শৰ্মাই এক বিশাল ৰোড শ্ব’ৰে নিৰ্বাচনী প্ৰচাৰ চলায়৷ 

নলবাৰীৰ ঐতিহ্যমণ্ডিত গৰ্ডন উচ্চতৰ মাধ্যমিক খেল পথাৰৰপৰা আৰম্ভ কৰা ৰোড শ্ব’ত নলবাৰীৰ বড় মছজিদ, বাটা চ’ক, জৈন মন্দিৰ, নাগাৰা চ’ক, থানা চ’ক হৈ হাজো পথৰ মাজেৰে খোজ কাঢ়ি ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাই পুনৰ গৰ্ডন খেল পথাৰত উপস্থিত হৈ তেওঁ ভাষন প্ৰদান কৰি কয় যে নৰেন্দ্ৰ মোডীক আকৌ এবাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ বাৰে বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াক ভোট দি জয়ী কৰিব লাগিব বুলি কৈ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে৷ 

হিমন্ত বিশ্ব শৰ্মাই পুনৰাই কয় যে নলবাৰীত এইবাৰ দিলীপ শইকীয়াক এক লাখ ভোটত জিকাব লাগিব৷ ৰাজনীতি কৰিবলৈ ৰাজীৱ গান্ধীৰ তেজ আৰু তৰুণ গগৈৰ তেজৰ প্ৰয়োজন নাই বুলি কৈ নলবাৰীৰ দিলীপ শইকীয়াৰ দৰে গাঁওৰ ল’ৰাই সাংসদ হোবাৰ বাৰে বহুতো নতুন যুৱক ৰাজনীতি কৰিব ওলাই আহিব বুলিও তেওঁ ভাষনত কয়৷ 

উপস্থিত ৰাইজক হাতত থকা মোবাইল ফোনৰ পোহৰ জ্বলাই দিলীপ শইকীয়াৰ জয়ী দোবাৰ বাবে আগতীয়াকৈ দিপাৱলী উদযাপন কৰিবলৈ তেওঁ কয়৷ প্ৰাৰ্থী দিলীপ শইকীয়াক লগত লৈ নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ বিধাইক নাৰায়ণ ডেকা, বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মনও অংশগ্ৰহণ কৰে৷ 

উক্ত ৰোড শ্ব’ত বিজেপি কেইবা হাজাৰ কৰ্মীৰ লগতে অসম গণ পৰিষদৰ নেতা কৰ্মী সকলো অংশগ্ৰহণ কৰি এজিপি, বিপিএফ আৰু বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷