হেমন্ত কলিতা, নলবাৰীঃ সমাগত লোকসভা নিৰ্বাচনক লৈ ৰাজ্যজুৰি নিৰ্বাচনকেন্দ্ৰিক গৰম বতাহ বলিলেও এতিয়ালৈকে ৮ নং মংগলদৈ  লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীত নাই কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীৰে প্ৰচাৰৰ চমক৷

জয়-পৰাজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলেও সাংসদ উন্নয়ন পুঁজিৰপৰা আজোকপতি বঞ্চিত হৈ আহিছে সমষ্টিৰ ৰাইজ৷ লোকসভা সমষ্টিটোৰ একেবাৰে সীমাত অৱস্থিত নলবাৰীৰ প্ৰতি সদায় সাংসদসকলে বিগত সময়ত মাহীআইৰ দৃষ্টি নিক্ষেপ কৰি আহিছে৷ সাংসদৰ উন্নয়ন পুঁজিৰ চাৰি শতাংশ ধনো খৰচ নকৰা সমষ্টিটোত সাংসদসকলৰ ভূমিকাত ক্ষুব্ধ নলবাৰীবাসী ৰাইজ৷

আনকি পাঁচ বছৰীয়া কাৰ্যকালত এদিনো সময় নাপালে সমষ্টিবাসীৰ খবৰ ল’বলৈ সাংসদজনে৷ মুঠৰ ওপৰত প্ৰতিগৰাকী সাংসদৰ ওপৰত সমষ্টিবাসীৰ আছে তীব্ৰ ক্ষোভ৷ অসমৰ বিভিন্ন প্ৰান্তত লোকসভা নিৰ্বাচনক লৈ উখল-মাখল পৰিৱেশ পৰিলক্ষিত হৈছে যদিও অতি আশ্চাৰ্যজনকভাৱে নলবাৰীত নাই এতিয়ালৈ কোনো এটা ৰাজনৈতিক দলকে শক্তিশালী ৰূপত দেখা নাই৷ 

মূলত দলীয় বাদ-বিসম্বাদ আৰু প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা বৰ্তমান বিজেপি দলৰ মুখপাত্ৰ জয়ন্তমল্ল বৰুৱাৰ আজিও নিষ্ক্ৰিয় হৈ আছে সমষ্টিত৷ বিগত পঞ্চায়ত নিৰ্বাচনত দলটোৱে দিন-ৰাতি একাকাৰ কৰি সমষ্টিটোৰ মৰণপণ যুঁজ দি আত্মসন্মান ৰক্ষা কৰে৷ এজিপিৰ স্থিতিয়ো পুতৌ লগা৷ মংগলদৈ লোকসভা সমষ্টিতো ৰমেন ডেকাৰ দখলত থাকিলেও বিগত পাঁচ বছৰীয়া কাৰ্যকালত বাঁহজানীত সাংগঠনিক ভেটি শক্তিশালী কৰাত চুড়ান্তভাৱে ব্যৰ্থ হৈছে সাংসদ গৰাকী৷ পাঁচ বছৰত মাত্ৰ দুদিনমান নলবাৰীত উপস্থিত হোৱা পৰিলক্ষিত হৈছিল বুলি ৰাইজে অভিযোগ কৰে৷

আনহাতে, কংগ্ৰেছৰ দুৰ্বল স্থিতিৰ সুযোগ গ্ৰহণ কৰিব পৰা নাই নলবাৰী অগপই৷  নলবাৰীত অগপ শিবিৰ লগতে আনকি বিধায়কগৰাকীয়ে সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত নিজৰ শক্তি প্ৰদৰ্শন কৰি অভিলেখ সংখ্যক আসন দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে শূন্যতে সীমাবদ্ধ আছিল এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱা অগপ৷

কিন্তু লোকসভা নিৰ্বাচনত অগপ-বিজেপি আৰু বিপিএফৰ মিত্ৰজোঁটে দিলীপ শইকীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰাত বিজেপি শিবিৰ উৎফুল্লিত হৈ পৰিছে যদিও নলবাৰীত জোৰদাৰ কৰিব পৰা নাই নিৰ্বাচনী প্ৰচাৰ৷ ইতিমধ্যে অগপ-বিজেপিৰ মিত্ৰজোঁটে সমষ্টিতোত নিৰ্বাচনী সমিতি এখন গঠন কৰিছে যদিও সমতিসমূহ গতিশীল হ’ব পৰা নাই৷

এতিয়া দিলীপ শইকীয়াৰ জয়ৰ পথ প্ৰশস্ত হ’ব লাগিলে নলবাৰীত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব লাগিব যে এইটো খাটাং৷ স্থানীয়  বিধায়কজনে কিমান সহযোগিতা আগবঢ়াবলৈ সক্ষম হয় সেয়াও লক্ষ্যনীয় হ’ব৷ সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনেই তাৰ প্ৰমাণ৷ এতিয়া বিধায়ক শৰ্মা  আশিসধন্য হৈ নলবাৰীৰ পৰা দিলীপ শইকীয়াই অধিক ভোট প্ৰদান কৰাৰ সপোন দেখিছে৷ পৰৱৰ্তী সময়ত কংগ্ৰেছ কিমান শক্তিশালী হয় বা নলবাৰীৰপৰা অগপই গেৰুৱা দলটোক কিমান সহায় কৰে সেয়া লক্ষ্যনীয় হ’ব৷