দিগন্ত বৰ্মণ,বৰনৰ্দ্দী

 

বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণগাঁৱৰ প্ৰস্থাৱিত ভুমিত নলবাৰী চিকিৎসা মহাবিদ্যালয় পুৰ্ণগতি চলি থকা নিৰ্মাণ কাৰ্য্যৰ আজি অসমৰ স্থাস্থ‍্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই পৰিভ্ৰমণ কৰাৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত বৃক্ষৰোপন কৰে।

মন্ত্ৰীগৰাকীয়ে আজি দুপৰীয়াভাগত মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়া, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, গড়কাপ্তানী বিভাগৰ বিষয়াবৰ্গৰ সৈতে আজি নলবাৰীৰ ঘগ্ৰাপাৰৰ দক্ষিণগাঁৱৰ নিৰ্মীয়মান নলবাৰী চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে এই চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়া, নলবাৰীৰ বিধায়ক অশোক শৰ্মাই এজোপাকৈ মূল‍্যৱান গছৰ পুলি ৰোপন কৰে।

মন্ত্ৰী শৰ্মা বৃক্ষৰোপন কৰি কয় যে বৃক্ষ বিহীন পৃথিৱীত মানুহ জীয়াই থকা অসম্ভৱ। বৃক্ষ থাকিলেহে মানুহকে ধৰি জীৱ জন্তু জীয়াই থাকিব। লগতে মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত এক হাজাৰ বৃক্ষৰোপন কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশক দিয়ে। ইয়াৰ পিছত মন্ত্ৰী শৰ্মাই চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মীয়মানকাৰী সংস্থা, বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ সৈতে এক আলোচনাত মিলিত হৈ চিকিৎসা মহাবিদ্যালয়খনৰ কামৰ অগ্ৰ্গতিৰ খতিয়ান লয়। লগতে মন্ত্ৰী শৰ্মাই নলবাৰী চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণৰ কাম নিৰ্ধাৰিত সময়সূচী অনুসৰি সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকললৈ নিৰ্দেশ জাৰি কৰে৷