নলবাৰীঃ তৰুণ প্ৰজন্মক সাহিত্যৰ প্ৰতি আকৰ্ষিত হ’ব লাগে আৰু কবিতাৰ বাবে যথেষ্টখিনি অধ্যয়ন কৰিব লাগিব৷ নলবাৰীত সময়ৰ লগে লগে বহুকেইজন কবি আজি প্ৰতিষ্ঠিত হৈছে। এয়া একমাত্ৰ অধ্যয়নৰ ফলতেই হ’ব পাৰিছে৷ বৰ্তমান সমাজত একাংশই সামাজিক মাধ্যমতে তেওঁলোকৰ সাহিত্য, কবিতা চৰ্চা আছে যদিও তাৰেই একাংশ আজি ঢৌ উটি ভাহি গ’ল৷ কিন্ত কবিতা, সাহিত্য চিৰস্থায়ী হোৱাৰ বাবে নতুন প্ৰজন্মক আহ্বান জনায় এই বক্তব্য বিশিষ্ট ঔপন্যাসিক, প্ৰবন্ধকাৰ পংকজ গোবিন্দ মেধিৰ৷

তেওঁ লগতে ইয়াকো প্ৰকাশ কৰে যে অসমৰ প্ৰতিজন কবিয়ে নিজৰ নিজৰ জীৱনত তেওঁৰ সাহিত্য চৰ্চাত মৃত্যু দেখে, কিন্ত সেয়া তেওঁ কেতিয়াও নিবিচাৰে৷ সেই বাবেই তেওঁ সকলোকে ধ্ৰুপদী সাহিত্য চৰ্চা কৰাৰ আহ্বান জনায়৷ নলবাৰী চ’কবজাৰস্থিত আগশাৰীৰ অনুষ্ঠান শংকৰদেৱ একাডেমিত বুধবাৰে অসম প্ৰতিষ্ঠানৰ উদ্যোগত আৰু শংকৰদেৱ একাডেমিৰ সহযোগত উদিয়মান কবি অম্লান জ্যোতি তালুকদাৰৰ 'ডায়েৰী পাতৰ শ্বায়েৰী’ নামৰ কবিতা পুথি এখন উন্মোচন কৰে৷

দিনেশ তালুকদাৰে আদৰণী ভাষণ আগবঢ়োৱা আৰু শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে উদিয়মান কবি অম্লান জ্যোতি তালুকদাৰে৷ উক্ত অনুষ্ঠানতটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি নলবাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ৰঞ্জনা ভট্টাচাৰ্য, দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ অধ্যাক্ষ থানেশ্বৰ শৰ্মা আৰু মৰোৱা আনন্দ ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাক্ষ লোহিত চন্দ্ৰ তালুকদাৰ৷

উক্ত সভাখনৰ আৰম্ভণিতে বিশিষ্ট চিত্ৰশিল্পী বেনু প্ৰসাদ মিশ্ৰৰ বিদহ আত্মাৰ শান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়৷