হেমন্ত কলিতা, নলবাৰীঃ নলবাৰী জিলাৰ সিমান্তৰ কামৰূপ জিলাৰ কঞা গাঁৱৰ এজন শিক্ষিত উদ্যমী যুৱক পুলক কলিতা। পিতৃ গৌৰী কলিতাই বৰপেটা জিলা কৃষি বিষয়া কাৰ্যালয়ৰপৰা পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰিছে।

পুলক কলিতাই ২০০২ চনত গুৱাহাটী আৰ্য মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰীধাৰী হৈও চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰী নুফুৰি ২০০৭ চনত 'সগুণা ব্ৰইলাৰ কোম্পানী'ৰ অধীনত ঘৰতে এখন ব্ৰইলাৰ ফাৰ্ম আৰম্ভ কৰে।

ফাৰ্মখনে পুলক কলিতাৰ জীৱনলৈ আশাৰ ৰেঙণি কঢ়িয়াই অনাত আৰু ব্ৰইলাৰৰ চাহিদা দেখি ফাৰ্মখনৰ উপাৰ্জনেৰে ঘৰৰ ওচৰতে দুই বিঘা মাটি কিনি ফাৰ্মখন সম্প্ৰসাৰণ কৰে। পুলক কলিতাই ফাৰ্মখনক দোপক-দোপে আগবঢ়াই নিবলৈ সক্ষম হোৱাত কোম্পানীৰপৰা অসমৰ ভিতৰতে শ্ৰেষ্ঠ ফাৰ্মাৰৰ গোল্ড মেডেলিষ্ট বঁটা পাবলৈ সক্ষম হয়।

ইয়াৰ পাছতো পুলক কলিতাক চৰকাৰী কোনো আঁচনিয়ে ঢুকি নোপোৱাত দুখ প্ৰকাশ কৰিছে। চৰকাৰী সাহায্য পালে হয়তো আৰু অধিক আগবাঢ়ি যাব পাৰিলেহেঁতেন বুলি তেওঁ প্ৰকাশ কৰে। পুলক কলিতাই জানিবলৈ দিয়া মতে তেওঁৰ ফাৰ্ম খনত ৫ (পাঁচ) হাজাৰ পোৱালী ৰাখিব পৰা আন্তঃগাঁথনি আছে।

তেওঁ লগতে উন্নত জাতৰ দুজনী গাই গৰু পুহিবলৈ লয় আৰু প্ৰায় ৩(তিনি) বিঘা মাটিৰ এটা পুখুৰী খান্দি মাছ পুহিবলৈও লয়। তেওঁ ফাৰ্মখনৰপৰা কোনো কোনো মাহত ১ (এক) লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে।

আজি তেওঁৰ ফাৰ্মখনৰ উপাৰ্জনেৰে তেওঁৰ পৰিয়ালটিৰ লগতে ফাৰ্মখনত নিয়োগ কৰা ৪ (চাৰি) জন কৰ্মচাৰীৰ পৰিয়ালক ভৰণ-পোষণ সুন্দৰভাৱে দিবলৈ সক্ষম হৈছে বুলি কয়। তেওঁ ফাৰ্মখনক লৈ আজি বেচ সুখী বুলি প্ৰকাশ কৰে। পুলক কলিতা আজি অসমীয়া যুৱক সকলৰ এজন আদৰ্শৱান ব্যক্তি হিচাপে পৰিচিত হৈ পৰিছে।