নলবাৰীঃ  নলবাৰী জিলাৰ টিহু হাইস্কুল খেল পথাৰত আজি  টিহু টাইকোৱানডো একাডেমীৰ ২৫ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । উক্ত দিৱসৰ লগত সংগতি ৰাখি ৰাতিপুৱা ৭ বজাত পতাকা  উত্তোলন কৰে একাডেমিৰ সভাপতি স্বপন দাসে । বন্তি প্ৰজ্বলন কৰে টিহু মহকুমা সাংবাদিক সন্থাৰ সভাপতি কিশোৰ কুমাৰ শৰ্মাই ।  

একাডেমীৰ ছাত্ৰ– ছাত্ৰীৰ উদ্দেশ্যে শুভেচ্ছা মূলক ভাষণ প্ৰদান কৰে  টিহু মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান  বিভাগৰ প্ৰবক্তা ৰাতুল কলিতা, অসম ৰাজ্যিক ভলীবল খেলুৱৈ কল্পনা ঠাকুৰীয়া ,একাডেমীৰ উপদেষ্টা মনোজ বড়ো, প্ৰশিক্ষক অংকিত মিশ্ৰ আৰু সংবাদ কৰ্মী লিখন ঠাকুৰীয়াই।  উক্ত অনুষ্ঠানত যথেষ্ট সংখ্যক ৰাইজ উপস্থিত থাকে।