newsnextone.com | নামতিঃ শিৱসাগৰ জিলাৰ নামতিত শনিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কেইবাটাও সংগঠনে উত্তাৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নামতি আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰা গণবিক্ষোভ কাৰ্যসূচীত স্তব্ধ হৈ পৰে নামতিৰ জনজীৱন। নামতি চাৰিআলিৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানে স্বতঃস্ফূর্ত ভাৱে ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখি কাৰ্যসূচীত নৈতিক সমৰ্থন আগবঢ়াই। 

নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় প্ৰাংগনৰ পৰা নামতি চাৰি আলিলৈ ৰূপায়ণ কৰা কাৰ্যসূচীত আটাছু বৰুৱাপুখুৰী আঞ্চলিক সমিতি, নামতি প্ৰেছ গীল্ড, নামতি আঞ্চলিক কৰ্মচাৰী পৰিষদ, কলিতা ছাত্ৰ সন্থা, গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ, নামতি চাৰি আলি সন্মিলিত মুছলিম যুৱ সমাজ, অমৰ মিলন গ্ৰাম্য সংগঠন ত‍থা অসম আন্দোলনৰ নিৰ্যাতিত পৰিয়াল, প্ৰাক্তন আছু নেতা-কৰ্মী, জ্যেষ্ঠ নাগৰিক‍কে প্ৰমুখ্য কৰি অঞ্চলটোৰ ১০ খন চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে। 

বিক্ষোভ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷ নামতি আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক কন্দৰ্প নেওগে আঁতধৰা প্ৰতিবাদী সভাত আছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক শৰৎ হাজৰিকা, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অসীম দত্ত, আটাছুৰ শিৱসাগৰ জিলা সাংগঠনিক সম্পাদক অখিল আহোম, মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকা, কৰ্মচাৰী পৰিষদৰ হীমাদ্ৰী জ্যোতি দত্তকে ধৰি কেইবাজনে নেতাই ভাষণ প্ৰদান কৰে। নামতিৰ গৰিষ্ঠ সংখ্যক বিদ্যালয়ৰ অংশগ্ৰহণৰ বিপৰীতে এখন বেচৰকাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয়ক প্ৰতিবাদত অংশ গ্ৰহণৰ বাবে আহ্বান জনোৱা হৈছিল যদিও আহ্বানক কেৰেপ নকৰিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনে৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয় খনে প্ৰতিবাদী সমদল আৰু সভাত অংশগ্ৰহণ নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷