প্ৰাক্তন মিছ ইণ্ডিয়া তথা অভিনেত্ৰী তনুশ্ৰী দত্তই আনিছে এই অভিযোগ
ধাৰা ৩৫৪,৩৫৪(এ),৩৪ আৰু ৫০৯ অধীনত এফ আই আৰ দাখিল

newsnextoneমুম্বাই ৯অক্টোবৰঃ জনপ্ৰিয় অভিনেতা নানা পাটেকাৰৰ বিৰুদ্ধে যৌন আতিসাহ্যৰ অভিযোগ কৰি উত্থাপন প্ৰাক্তন মিছ ইণ্ডিয়া তথা অভিনেত্ৰী তনুশ্ৰী দত্তই এইবাৰ মহাৰাষ্ট্ৰ মহিলা আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে।

নানা পাটেকাৰ, প্রযোজক স্বামী চিদ্দিকী,পৰিচালক ৰাকেশ চাৰং, গণেশ আচার্য,   আদিকে ধৰি মহাৰাষ্ট্ৰ নবনিৰ্মাণ সেনাৰ বহুতো নেতা কৰ্মীৰ বিৰুদ্ধে তদন্তৰ দেৱী কৰিছ অভিনেত্ৰী গৰাকীয়ে।

অভিনেত্ৰীগৰাকীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪,৩৫৪(এ)ধাৰা,৩৪ আৰু ৫০৯ ধাৰাৰ অধীনত এফ আই আৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে শ্বুটিঙৰ সময়ত অশ্লীল নৃত্য নকৰে বুলি পৰিচালকক জনাই দিয়াৰ পিচতো শ্বুটিঙৰ চতুৰ্থদিনাখন নানা পাটেকাৰে তনুশ্ৰীৰ লগত অশালীনভাৱে ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।প্ৰেয় দহ বছৰ আগতে ঘটা এই ঘটনাৰ বিষয়ে প্ৰতিবাদ কৰাৰ সময়ত নবনিৰমান সেনাৰ কৰ্মী সকলে অভিনেত্ৰী গৰাকীক ধমকিও দিছিল। 
যোৱা সোমবাৰে নিজৰ বিৰুদ্ধে উঠা অভিযোগ খণ্ডন কৰি অভিনেতা নানা পাটেকাৰে ১০ বছৰ আগৰ হ’লেও ঘটনাটো মনেসজা বুলি তেওঁ বিশ্বাস কৰে।কৰিঅগ্ৰাফাৰ গণেশ আচার্য্যয়েও জানিবলৈ দিছে যে এনেকুৱা ঘটনা কেতিয়াও ঘটা নাছিল।