বোকাজানঃ সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ বিনম্ৰ ছাত্ৰ নেতা নাছিৰ হুছেইনৰ স্মৃতি সজীৱ কৰি ৰখাৰ স্বাৰ্থত আছুৱে প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা ভলীবল প্ৰতিযোগিতাখনি এইবাৰ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ উদ্যোগ নগৰী হিচাপে খ্যাত বোকাজানত অনুষ্ঠিত হ’ব ৷ সদৌ অসম ছাত্ৰ সন্থাই অনুষ্ঠিত কৰি অহা ছাত্ৰ নেতা নাছিৰ হুছেইন সোঁৱৰণী আন্তঃজিলা আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতাখনি সুচাৰুৰূপে পৰিচালিত কৰিবলৈ আজি এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয় ৷

বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সত্যপ্ৰদীপ বৰদলৈৰ পৌৰাহিত্যত অনুষ্ঠিত আজিৰ ৰাজহুৱা সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়া, কাৰ্যনিৰ্বাহক সদস্য ভৱেশ গগৈৰ লগতে কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ত্ৰিদিপ বৰা, জিলা ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি ভৱজ্যোতি বৰা, সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চে, বোকাজান অঞ্চলৰ বহু সমাজকৰ্মী, জেষ্ঠ নাগৰিক, বিভিন্ন মহাবিদ্যালয়ৰ প্ৰবক্তা, মহিলা সমিতি, প্ৰাক্তন ছাত্ৰ নেতাৰ উপৰি জিলা ছাত্ৰ সন্থা তথা বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সভাত উপস্থিত আছিল ৷

আজিৰ সভাই সৰ্বসন্মতিক্ৰমে সমাজকৰ্মী সূৰ্য্য শইকীয়াক সভাপতি, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ভবেশ গগৈক কাৰ্যকৰী সভাপতি আৰু সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াক সম্পাদক হিচাপে লৈ কেইবাখনো সমিতি তথা উপ-সমিতি গঠনেৰে ২০১ জনীয়া এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয় ৷ আছুৰ সাংগঠনিক সম্পাদক তথা অভ্যৰ্থনা সমিতিৰ সম্পাদক বেদান্ত শইকীয়াই সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বোকাজানত অনুষ্ঠিত হবলগীয়া আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতাখনি বোকাজানৰ লগতে জিলাখনৰ বাবে এক ভাল খবৰ বুলি কোৱাৰ লগতে প্ৰতিযোগিতাখনিত ২২ ৰ পৰা ২৫ টা দলে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷

বোকাজানৰ লগতে জিলাখনৰ সন্মানৰ কথা জড়িত হৈ থকা এই প্ৰতিযোগিতাখন সৰ্বাংগসুন্দৰভাৱে সকলো  স্তৰতে সাফল্যমণ্ডিত কৰি তুলিবলৈ অভ্যৰ্থনা সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া, সদস্য তথা সমূহ বোকাজানবাসী ৰাইজৰ দিহা-পৰামৰ্শ, সহায়-সহযোগ আৰু উপস্থিতি সম্পাদকগৰাকীয়ে কামনা কৰাৰ লগতে প্ৰতিযোগিতাখনৰ তাৰিখ আৰু খেলপথাৰৰ স্থান সম্পৰ্কে পৰৱৰ্তী সময়ত আলোচনা মৰ্মে সিদ্ধান্ত লোৱা হব বুলিও জানিবলৈ দিয়ে ৷

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধাচৰণ কৰি নেছ'ই জনোৱা উত্তৰ পূৰ্বাঞ্চল বন্ধৰ সময়ত ত্ৰিপুৰাত বন্ধ সমৰ্থকৰ ওপৰত ত্ৰিপুৰা চৰকাৰে কৰা বৰ্বৰ আক্ৰমণত আঘাটপ্ৰাপ্তসকলৰ খবৰ লবলৈ যোৱা নেছ'ৰ বিষয়ববীয়াসকলক ত্ৰিপুৰা চৰকাৰে বাধা প্ৰদান কৰা কাৰ্যৰ বিৰুদ্ধে আজিৰ সভাতেই ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা ৰাইজে কলা বেজ পৰিধান কৰি কলা দিৱস পালনেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে আজিৰ সভাতেই সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি ভৱজ্যোতি বৰা আৰু সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেৰ উপৰি জিলা সমিতিৰ সমূহ বিষয়ববীয়াক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে প্ৰেছ ক্লাৱ, বিভিন্ন মহিলা সমিতিয়ে ফুলাম গামোছাৰে আদৰণি জনাই ৷