নাজিৰাঃ আৰ্থিক দুৰৱস্থাকো নেওচি একাগ্ৰতা তথা সাধনাৰ বলত ৰাজ্যবাসীলৈ সু-খবৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এগৰাকী খেলুৱৈয়ে। নিজৰ ক্ৰীড়া শৈলীৰে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা এই খেলুৱৈগৰাকী হৈছে শিৱসাগৰ জিলাৰ নাজিৰাৰ হুদুপাৰা অঞ্চলৰ ভনিতা গগৈ।

যোৱা ২৮ আৰু ২৯ এপ্ৰিলত নতুন দিল্লীত ৫খন দেশৰ মাজত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ইউ এফ আই মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ-২০১৭ৰ কিক বক্সিঙৰ লগতে সমৰ কলাত দুটাকৈ স্বৰ্ণ পদক জয় কৰিবলৈ সমৰ্থ হয় এইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে।

নামতি বালিকা বিদ্যালয়ৰ দশম শ্ৰেণীত অধ্যয়নৰত দৰিদ্ৰ পৰিয়ালৰ ভনিতা গগৈয়ে ৩৬-৪০ কিলোগ্ৰাম শাখাত দুটাকৈ সোণৰ পদক অজয় কৰে।

উল্লেখ্য যে পিতৃ অতুল গগৈ এজন দৰিদ্ৰ কৃষক যদিও পৰিয়ালটোক আজিলৈকে চৰকাৰী কোনো আঁচনিয়েই ঢুকি পোৱা নাই। অভাৱৰ মাজতো নিজ চেষ্টাৰে শিৱসাগৰ জিলাৰ লগতে সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা ভনিতাক অভিনন্দন জ্ঞাপন কৰিছে অঞ্চলবাসীয়ে।

আনহাতে উক্ত প্ৰতিযোগিতাৰ সমৰ কলাৰ ৫১-৫৫ কিলোগ্ৰাম শাখাত নাজিৰাৰ বাউলীপুখুৰীৰ তথা নামতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উৎপল দাসে ব্ৰঞ্জৰ পদকেৰে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।