ডিজিটেল ডেস্কঃ অফাৰৰ ওপৰত অফাৰ। এবাৰ যদি হেপ্পী নিউ ইয়েৰ অফাৰ, এবাৰ প্ৰাইম মেম্বাৰশ্বিপ অফাৰ। আকৌ ছামাৰ ছাৰপ্ৰাইজ অফাৰ। এনেদৰে এটাৰ পিছত আনটো অফাৰেৰে গ্ৰাহকক প্ৰলোভিত কৰিবলৈ গৈ 'ট্ৰাই’ৰ ককৰ্থনাৰ সন্মুখীন হ’লেও অফাৰৰ মোহ এৰিব পৰা নাই জিঅ’ই।

ভোডাফোনৰ অভিযোগৰ পিছতে ট্ৰাইৰ নিৰ্দেশ অনুযায়ী জিঅ’ই ছামাৰ ছাৰপ্ৰাইজ অফাৰ বন্ধ কৰি দিয়ে। পিছে কি হ’ব। ছামাৰ ছাৰপ্ৰাইজ অফাৰ বন্ধ কৰি দিয়াৰ কেই মুহূৰ্তমানৰ পিছতে জিঅ’ই আকৌ ঘোষণা কৰিছে নতুন অফাৰ। এক কথাত ক'বলৈ গ'লে অফাৰ ঘোষণা কৰাতোৱেই যেন এতিয়া এক প্ৰকাৰ অভ্যাসত পৰিণত হৈছে জিঅ'ৰ।

এইবাৰ ঘোষণা কৰা এই নতুন অফাৰ হৈছে 'জিঅ’ ধন ধনা ধন’ অফাৰ। এই নতুন প্ৰম’শ্যনেল অফাৰৰ জৰিয়তে জিঅ’ৰ গ্ৰাহকসকলে তিনি মাহৰ বাবে বিনামূলীয়া সেৱা লাভ কৰিব পাৰিব। বিনামূলীয়া সেৱাসমূহৰ ভিতৰত থাকিব আনলিমিটেড ডাটা, ফ্ৰি এছ এম এছ আৰু জিঅ’ এপছ ছাবছক্ৰিপশ্যন। জিঅ’ ধন ধনা ধন অফাৰ প্ৰযোজ্য হ’বলগীয়া ৩০৯ আৰু ৫০৯ টকাৰ ৰিচাৰ্জ পেকত ক্ৰমে প্ৰতিদিনে ১ জিবি আৰু ২ জিবি ৪জি ডাটা উপলব্ধ হ’ব। 

জিঅ’ ধনা ধন অফাৰঃ

ছামাৰ ছাৰপ্ৰাইজ অফাৰ গ্ৰহণ কৰাত ব্যৰ্থ হোৱা গ্ৰাহকসকলক উদ্দেশ্য কৰিয়েই জিঅ’ই ঘোষণা কৰিছে নতুন ধন ধনা ধন অফাৰ। ছামাৰ ছাৰপ্ৰাইজ অফাৰৰ দৰেকৈ এই অফাৰ পাবলৈকো গ্ৰাহকসকলে জিঅ’ প্ৰাইম মেম্বাৰশ্বিপ প্লেন ছাবছক্ৰাইপ কৰিব লাগিব। যিসকল গ্ৰাহকে ইতিমধ্যে ছামাৰ ছাৰপ্ৰাইজ অফাৰ গ্ৰহণ কৰিছে সেইসকলে নতুন ধন ধনা ধন অফাৰৰ সুবিধা নাপাব বুলিও স্পষ্ট কৰি দিছে জিঅ’ই। 

জিঅ’ প্ৰাইম গ্ৰাহকসকলে ৩০৯ আৰু ৫০৯ টকাৰ ৰিচাৰ্ছৰ জৰিয়তে ৩ মাহৰ বাবে বিনামূলীয়া জিঅ’ সেৱা লাভ কৰিব পাৰিব। যিসকল গ্ৰাহকে এতিয়া প্ৰাইম মেম্বাৰশ্বিপ লোৱা নাই সেইসকলে ৪০৮ টকা (৯৯+৩০৯) অথবা ৬০৮ (৯৯+৫০৯) টকা খৰছ কৰি এমাহত ২৮ দিনকৈ তিনি মাহৰ বাবে বিনামূলীয়া সেৱা লাভ কৰিবলৈ সমৰ্থ হ’ব। উক্ত ৰিচাৰ্জ ক্ৰয় কৰাৰ লগে লগে গ্ৰাহকে ৮৪ দিনৰ (৩x২৮) বাবে বিনামূলীয়া জিঅ’ সেৱা লাভ কৰিব।

জিঅ’ৰ ৱেবছাইট আৰু এপছত উল্লেখ কৰা মতে গ্ৰাহকসকলৰ বাবে যি ৩০৯ আৰু ৫০৯ টকাৰ ৰিচাৰ্জ মুকলি কৰি দিয়া হৈছে প্ৰকৃততে উক্ত ৰিচাৰ্জ দুটাৰ মূল্য হৈছে ৩৪৯ টকা আৰু ৫৪৯ টকা। গ্ৰাহকসকলক ৪০ টকা ৰেহাইত ৰিচাৰ্জ দুটা ক্ৰয়ৰ সুবিধা দি থকা হৈছে বুলিও উল্লেখ কো হৈছে ৱেবছাইট আৰু এপছত। অৱশ্যে জিঅ’ই ধন ধনা ধন অফাৰৰ অন্তিম দিন আছে নে নাই সেয়া এতিয়ালৈকে প্ৰকাশ কৰা নাই।

উল্লেখ্য যে জিঅ’ ছাৰপ্ৰাইজ অফাৰ গ্ৰহণ কৰা গ্ৰাহকসকলে জুলাই মাহলৈকে বিনামূলীয়া সেৱা লাভ কৰিব। কিন্তু ধন ধনা ধন অফাৰ গ্ৰহণ কৰাসকলে কিমান দিনলৈ বিনামূলীয়া সেৱা লাভ কৰিব সেয়া ঘোষণা কৰা হোৱা নাই। সেয়া হ'লেও নতুন ধন ধনা ধন অফাৰ গ্ৰহণ কৰাসকলকো জুলাই পৰ্যন্ত বিনামূলীয়া সেৱা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।