ডিজিটেল ডেস্কঃ বলিউডৰ চকলেট বয় হিচাপে খ্যাত ৰণবীৰ কাপুৰৰ দুখন ফটোয়ে ছ’চিয়েল মিডিয়াত এতিয়া খলকনিৰ সৃষ্টি কৰিছে। ৰণবীৰ কাপুৰে অলপতে সঞ্জয় দত্তৰ জীৱনত আধাৰিত এখন বোলছবিৰ কাম সমাপ্ত কৰি বিদেশ ভ্ৰমনলৈ উৰা মাৰে।

কিন্তু ৰণবীৰৰ এই বিদেশ ভ্ৰমণৰ কাৰণ কোনো চিনেমাৰ শ্বুটিং নহয়। ইয়াৰ কাৰণ হ'ল ৰণবীৰৰ নতুন প্ৰেমিকা হে। পিছে ৰণবীৰৰ নতুন প্ৰেয়সীগৰাকী সীমাৰ সিপাৰৰ হে। তেওঁ হ'ল পাকিস্তানৰ অভিনেত্ৰী, যিয়ে শ্বাহৰুখ খানৰ ছবি ‘ৰইস’ত অভিনয়ৰ যোগেদি বলিউদত প্ৰৱেশ কৰিছিল। তেওঁ আন কোনো নহয় তেওঁ হৈছে মাহিৰা খান।

এই ফটো কেইখন যদিও জুলাই বা আগষ্টৰ হয়, কিন্তু চচিয়েল মিডিয়াত এতিয়াহে ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছে৷