গুৱাহাটীঃ শৈশৱৰ পৰাই সংগীতৰ অনুৰাগী এগৰাকী যুৱতী৷ শৈশৱৰ সংগীতৰ অনুৰাগী যুৱতীগৰাকীয়ে যোৱা কেবাটাও বছৰ ধৰি ব্যস্ত সংগীতৰ সাধনাত৷ সংগীতৰ বাহিৰে আন একো বুজি নোপোৱা যুৱতীগৰাকীয়ে সংগীতৰ জগতত নিজকে চিনাকী দিবলৈ সক্ষম হৈছে৷

সৰুৰেপৰা ঘৰত সংগীতৰ পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱা যুৱতীগৰাকীয়ে বিটিএডি অঞ্চলৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত তথা মঞ্চত গীত পৰিৱেশন কৰি জনপ্ৰিয়তা লভিছে৷

 

তাৰ মাজতে সংগীতৰ সাধনাত ব্ৰতি হৈ থকা যুৱতীগৰাকীয়ে দুটি অডিঅ’ গান মুকলি কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷

ৰাজ্যত উৎসৱ মুখৰ পৰিবেশৰ মাজতে প্ৰায় পোন্ধৰ দিন পুৰ্বে মুকলি কৰি দিয়া বিটিএডিৰ বাক্সা জিলাৰ ঐতিহাসিক গোৰেশ্বৰৰ নাওকাটাৰ সমীপৰ কলবাৰীৰ উদিয়মান কন্ঠশিল্পী চুমি ডেকাৰ দুয়োটা গানেই জনপ্ৰিয়তা লাভ কৰে৷

চুমিয়ে ‘কঁহুৱা’ আৰু ‘পৰশ’ নামেৰে উৎসৱৰ বতৰত উপহাৰ দিছে দুটি সুন্দৰ গীত৷ প্ৰেম ভালপোৱাৰ কথাৰে ভৰপুৰ গীত দুটি ইউটিউবতো ইতিমধ্যে মুকলি হৈছে৷ মুকলি কৰাৰ লগে লগে জনপ্ৰিয়তাও লাভ কৰা পৰিলক্ষিত হৈছে৷ চুমিয়ে কন্ঠদান কৰা অসমীয়া আধুনিক গীত দুটিৰ সংগীত কথা, সুৰ পংকজ তৰুণ, ৰাতুল দাস শৰনীয়া আৰু বিকাশ বৰুৱাৰ৷

আৰডিএছ প্ৰদাকচনৰ নিবেদন কৰিছে গীত দুটি৷ উৎসৱৰ বতৰত ৰাইজৰ মাজত বিশেষ উপহাৰ হিচাপে মুকলি কৰা গীতটোৱে সমাদৰ লাভ কৰাত আনন্দিত হৈ পৰিছে চুমি৷

সংগীতৰ জগতত ব্যস্ত হৈ থকা চুমিয়ে পৰবৰ্ত্তী সময়ত কেবাটাও নতুন আধুনিক গীত ৰাইজৰ মাজলৈ লৈ আহিব বুলি জানিবলৈ দিয়ে৷

আনহাতে অডিঅ’ গীত দুটিক ভিডিঅ’ আকাৰে ৰাইজে মাজলৈ লৈ আহিব চুমিয়ে।পুৰ্বেও চুমিয়ে কেবাটাও গীতত কন্ঠদান কৰিছে৷। কন্ঠশিল্পী চুমিয়ে নিজ সাধনাৰ জৰিয়তে ভৱিষ্যতে সংগীতৰ জগতত সফল হোৱাৰ আশা পুহি ৰাখিছে৷