গুৱাহাটীঃ স্তনৰ কেঞ্চাৰৰ চিকিৎসাৰ সুবিধাৰ বাবে ৰাছিয়াই প্ৰথমটো যন্ত্ৰ উদ্ভাৱন কৰিবলৈ স্বাবে হ’ল্ডিং (ৰছটেক ষ্টেট কৰ্পৰেশ্যনৰ অংশ) আৰু পীটাৰ দ্য গ্ৰেট ছেইন্ট পীটাৰ্ছবাৰ্গ পলিটেকনিক ইউনিভাৰ্ছিটিয়ে একেলগে কাম কৰিছে। এই নতুন হাই-ইন্টেনছিটি ফকাছ আল্ট্ৰাছাউণ্ড (এইছ আই এফ ইউ) ব্যৱস্থাৰনিৰ্মাণ নভ’ছিবিৰ্সক ইন্সট্ৰুমেন্ট-মেকিং প্ৰকল্প আৰু প্ৰথম প্ৰট’টাইপছ ২০১৯ চনৰ শেহৰ ফাললৈ নিৰ্মান কৰা হ’ব।

হাৰ্ডৱেৰ আৰু ছফটৱেৰ দুয়োটাই অন্তৰ্ভুক্ত থকা, এইছ আই এফ ইউ ব্যৱস্থাত, হাই-ইন্টেনছিটি আল্ট্ৰাছাউণ্ডৰ ব্যৱহাৰেৰে স্তনগ্ৰন্থীৰ টিউমাৰৰ চিকিৎসা আৰু ৰোগ নিৰ্ণয় কৰিব পৰাকৈ আৰ্হি প্ৰস্তুত কৰা হৈছে। এই ব্যৱস্থাত পাৱাৰ মডিউল, মণিটৰ আৰু কন্ট্ৰল পেনেলৰ সৈতে মেডিকেল ষ্টেণ্ড, ৰবটিক মেনিপুলেটৰ ইউনিট, চিকিৎসা আৰু ৰোগ নিৰ্ণয়ৰ বাবে যুটীয়া আল্ট্ৰাছনিক পিজ’ইলেক্ট্ৰিক ট্ৰেন্সডিউচাৰ অন্তৰ্ভুক্ত কৰা হৈছে। “চিকিৎসাৰ সামগ্ৰীৰ ক্ষেত্ৰত ৰছটেকে নিয়মীয়াকৈ ইয়াৰ সম্প্ৰসাৰণ ঘটাইছে। ৰাছিয়াৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ অংশীদাৰিত্বৰ সৈতে আমি জীৱন ৰক্ষাকাৰী হাই-টেক চিকিৎসা সঁজুলি নিৰ্মাণ কৰি আহিছো। কেনচাৰৰ চিকিৎসাৰ বাবে এক অন্যতম সুৰক্ষিত চিকিৎসা হ’ল নন-ইনভেছিভ চিকিৎসা। আমাৰ এইছ আই এফ ইউ ব্যৱস্থা আন বিদেশী এনালগৰ তুলনাত বিভিন্ন ক্ষেত্ৰত আগবঢ়া। এই যন্ত্ৰব্যৱহাৰ কৰিবলৈ অধিক সহজ আৰু কম পৰিসৰৰ।” ৰছটেকৰ কাৰ্যবাহী সঞ্চালক অলেগ ইভটোছেংকোৱে কয়।

প্ৰযুক্তিগত আৰু ডিজাইনৰ উন্নতি ঘটোৱা কাম ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে, এতিয়া প্ৰকল্প দলে ছিষ্টেম এপ্লিকেশ্যন পদ্ধতিৰ সৈতে সবিশেষ লিপিবদ্ধৰ কাম কৰি আছে। এই ব্যৱস্থাৰ প্ৰথম প্ৰট’টাইপ ২০১৯ চনৰ শেহৰ ফাললৈ সৃষ্টি কৰা হ’ব আৰু প্ৰথমটো চিকিৎসা পৰীক্ষা ২০২০ চনত সম্পন্ন কৰা হ’ব। ইয়াৰ পাছত, এই প্ৰকল্পই পঞ্জীয়ন চাৰ্টিফিকেট লাভ কৰিব আৰু সমূহীয়াভাবে উৎপাদনৰ কাম আৰম্ভ কৰিব।“ভাৰত, চীন আৰু দক্ষিণ পূব এছিয়া আৰু লেটিন আমেৰিকাৰ দৰে উচ্চ-জনসংখ্যা আৰু উন্নয়নশীল দেশসমূহৰ বাবে আমাৰ এই হাই-টেক চিকিৎসা সঁজুলিৰ বৃহৎ সম্ভাৱনা আছে।” ৰছটেকৰ ইন্টাৰনেশ্যনেল ক’অপাৰেশ্যন এণ্ড ৰিজ’নেল পলিচি ডিপাৰ্টমেন্টৰ সঞ্চালক ভিক্টৰ ক্লাডভে কয়। “ৰাছিয়াৰ বিশেষজ্ঞই সৃষ্টি কৰা এই নতুন এইছ আই এফ ইউ ব্যৱস্থাই, বিভিন্ন বিদেশী বজাৰত উচ্চ মাত্ৰাৰ
চাহিদা লাভ কৰাৰ সম্ভাৱনা আছে।”ভৱিষ্যতে, এই প্ৰকল্পক ভিত্তি কৰি নতুন এনালগ সঁজুলি উদ্ভাৱন কৰা হ’ব। লিভাৰ, প্ৰষ্টেট গ্লেণ্ড আৰু মগজুৰ দৰে বিভিন্ন টিউমাৰৰ চিকিৎসাৰ বাবে নতুন সঁজুলি নিৰ্মাণ কৰা হ’ব।

স্বাবে হ’ল্ডিং ষ্টেট কৰ্পৰেশ্যন ৰছটেকৰ এটা অংশ হোৱাৰ লগতে ৰাছিয়াৰ প্ৰধান অপ্টিকেল উদ্যোগৰ বহুকেইটা সংস্থাৰ সৈতে একেলগে কাম কৰিছে। দেশৰ প্ৰতিৰক্ষা, ৰাষ্ট্ৰ আৰু ৰাজহুৱা সুৰক্ষা, আৰু ৰাজহুৱা উদ্যোগৰ স্বাৰ্থত হ’ল্ডিং এন্টাৰপ্ৰাইজে নতুন অপ্ট’ইলেক্ট্ৰ’নিক আৰু লেজাৰ টেকন’লজিৰ সৃষ্টি কৰিছে।

তেওঁলোকৰ উৎপাদন ক্ষেত্ৰত, ৰাছিয়ান ফেডাৰেশ্যনৰ সামৰিক বাহিনীৰ বাবে উদ্ভাৱনমূলক অপ্ট’ইলেকট্ৰনিক আৰু লেজাৰ ব্যৱস্থাৰ লগতে আৰ্থ এৰ’স্পেচ মনিটৰিং আৰু ৰিম’ট ছেন্সিং, অপ্টিকেল মেটেৰিয়েলছ, চিকিৎসা সঁজুলি, বৈজ্ঞানিক সামগ্ৰী আৰু শক্তি ৰাহি কৰা লাইটিঙৰ উন্নয়ন ঘটোৱাৰ লগতে একাদিক্ৰমে উৎপাদন কৰি আহিছে। স্বাবেৰ সামগ্ৰী ৰাছিয়াৰ সকলো অঞ্চলৰ লগতে বিশ্বৰ ৯৫ খন দেশলৈ ৰপ্তানি কৰা হয়।

বৰ্তমান ইয়াৰ কাৰ্যালয় চীন, জাৰ্মানি, ছুইজাৰলেণ্ড আৰু বেলাৰুছত আছে। উন্নয়নত উৎসাহ দিয়া, নাগৰিক আৰু সামৰিক ক্ষেত্ৰৰ বাবে হাই-টেক উদ্যোগিক সামগ্ৰীৰ উৎপাদন আৰু ৰপ্তানিৰ উদেশ্যত ২০০৭ চনত ৰাছিয়ান কৰ্পৰেশ্যন ষ্টেট কৰ্পৰেশ্যন ৰছটেক প্ৰতিষ্ঠা কৰা হয়। মিলিটেৰি ইণ্ডাষ্ট্ৰিয়েল কমপ্লেক্সৰ কাম-কাজ চলোৱা এঘাৰটা কোম্পানীৰ বৰ্তমান অংশ হোৱাৰ লগতে,৭০০ৰো অধিক সংস্থাৰ সৈতে অন্তৰ্ভুক্ত, চিভিলিয়ান উদ্যোগৰ সৈতে কাম কৰা চাৰিটা হ’ল্ডিং কোম্পানী, আৰু ৮০ টা প্ৰত্যক্ষভাবে পৰিচালিত কোম্পানীৰ সৈতে এয়া জড়িত। এভট’ভাজ, কামাজ, কালাছনিকভ, ৰাছিয়ান হেলিকপ্তাৰ, ইউৰেল ভেগন জেভদ আদিৰ দৰে অতি জনপ্ৰিয় ব্ৰেণ্ডৰ সৈতে ৰছটেক অন্তৰ্ভুক্ত হৈ আছে।

২০১৭ চনত ৰছটেকৰ সংহত ৰাজহৰ পৰিমাণ আছিল ১ ত্ৰিলিয়ন ৫৮৯ বিলিয়ন ৰুবল। ৰছটেকৰ পৰিকল্পনা অনুসৰি, কৰ্পৰেশ্যনৰ প্ৰধান লক্ষ্য হ’ল উচ্চভাব প্ৰতিযোগিতামূলক বিশ্বৰ বজাৰত ৰাছিয়াক প্ৰযুক্তিগতভাবে উন্নতি ঘটোৱা। ৰছটেকৰ মূল লক্ষ্যৰ ভিতৰত আছে নতুন টেকন’-ইক’নমিক আৰ্হি আৰু ৰাছিয়াৰ অৰ্থনীতিৰ ডিজিটেলাইজেশ্যন।