বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ ক্ষণৰপৰাই আৰম্ভ সময়ৰ। ইয়াৰ অন্ত নাই, মাত্ৰ আছে পৰিমাপ। দিন যায় ৰাতি আহে, মাহ বাগৰি বছৰ আহে। বছৰেও মেলানি মাগে, আহে নতুন বছৰ। এয়া চিৰাচৰিত কথা। কিন্তু তাৰ মাজতে আমি নতুন বছৰত নতুন উদ্যম পাওঁ, নৱ-প্ৰেৰণাৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ। এয়া মানুহৰ সহজাত চৰিত্ৰ।

আমি পুৰণি বছৰ বিদায় দি নতুন বছৰ আদৰি লওঁ। আমি আদৰিছোঁ ২০১৯ক। ’১৮ত কি পালোঁ কি হেৰুৱালোঁ সেই কথা কাষৰীয়া কৰি থৈ সকলো মজগুল হওঁ নতুনক নতুনত্ব দিবলৈ। আয়োজন কৰোঁ নতুনক আদৰাৰ। গীত-মাত-ফটকা-ভোজ ভাতৰ মাজেৰে আমি আদৰিলোঁ ২০১৯ক। 

মানুহৰ দুটা জীৱন, এটা ব্যক্তিগত আৰু আনটো সামাজিক। সকলোৰে ব্যক্তিগত জীৱন আনন্দময় হওক, সেয়া আমাৰ কাম্য। আনহাতে সামাজিক জীৱন আমাৰ আলোচনাৰ বিষয়। আগন্তুক বছৰটো ভাৰত তথা অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। 

এই বছৰটোতে অনুষ্ঠিত হ’ব দেশৰ সাধাৰণ নিৰ্বাচন। গণতন্ত্ৰক শক্তিশালী কৰা নিৰ্বাচনে প্ৰদান কৰিব নতুন চৰকাৰ। এই চৰকাৰেই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সামাজিক আচৰণ তথা সামগ্ৰিক লক্ষ্যৰ গতি নিৰ্ধাৰণ কৰে। সেয়ে এখন চৰকাৰৰ নিৰ্বাচন দেশৰ বাবে, দেশবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ। 

এইখিনিতে আমি মনত পেলোৱা উচিত যে ভাৰতবৰ্ষৰ বৈশিষ্টই হ’ল বৈচিত্ৰৰ মাজত ঐক্য। ভৰতত থকা শ শ জাতি-জনগোষ্ঠীৰ সম বিকাশ আৰু অধিকাৰ সুৰক্ষিত কৰিহে দেশ-মাতৃ আগুৱাই যাব পাৰিব। গতিকে সেয়া চৰকাৰে সুনিশ্চিত কৰাটো মৌলিক দায়িত্ব। আনহাতে প্ৰতিজন ভাৰতীয় নাগৰিকক অৰ্থনৈতিকভাৱে সুৰক্ষিত কৰিব পৰাটো প্ৰতিখন চৰকাৰৰ কৰণীয়।

গণতন্ত্ৰ বৰ্তি থাকে বাক স্বাধীনতাৰ ভিত্তিত। সেয়ে ইয়াক বৰ্তাই ৰখা অতীব প্ৰয়োজনীয়। সুস্থ গণতন্ত্ৰৰ বাবে লাগতিয়াল আন আন স্তম্ভকেইটা হ’ল ন্যয়পালিকা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা। ন্যায়পালিকাক কোনো ভয়-ভাবুকি বা আন কৌশলেৰে চৰকাৰে নিজৰ হাতৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰা অশনিৰ সংকেত। সংবাদ মাধ্যমক স্বাধীনভাৱে কাম কৰাৰ পৰিৱেশ ৰচনা কৰা অতি গুৰুত্বপূৰ্ণ। 

অসমৰ প্ৰেক্ষাপট আলোচনা কৰিবলৈ যাওঁতে পোন প্ৰথমেই আহে অসমীয়া জাতিৰ সুৰক্ষা নিশ্চিত কৰাটো। নতুন বছৰটো সঁচাকৈ অসমীয়াৰ বাবে সংকটপূৰ্ণ হ’ব বুলি শংকা হৈছে। নাগৰিকত্ব সংশোধনী বিধেয়কখন সামগ্ৰিকভাৱে দেশৰ বাবে প্ৰণয়নৰ দিহা কৰা হৈছে যদিও ই অসমত কু-প্ৰভাৱ পেলাব। অসমীয়াৰ অস্তত্বৰ সংকটৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উলাই কৰিছে। নতুন বছৰত এয়া অসম-অসমীয়াৰ বাবে অতি দুৰ্ভাগ্যজনক হিচাপে বিবেচিত হৈছে।

অসমীয়া এটা সংগ্ৰামী জাতি। ভাৰতীয় সংবিধান প্ৰণয়ন হোৱাৰ পূৰ্বৰেপৰা অসমত ধৰ্মনিৰপেক্ষতা প্ৰচলন হৈ আহিছে। সেয়ে সকলো জাতি-ধৰ্ম-বৰ্ণৰ অসমীয়াই লগ হৈ ২০১৯ত সংগ্ৰাম কৰিবলৈ কঁকালত টঙালি বান্ধিবৰ হ’ল। জনতাৰ সংগ্ৰাম সদায় সফল হয়, সেয়া আমাক ইতিহাসে কয়। অসমীয়াই সকলোধৰণৰ শত্ৰুক নিপাত কৰিবলৈ সক্ষম হওক, সেয়াই আমাৰ নৱ-বৰ্ষক আশা, নৱ-বৰ্ষৰ কাম্য।