গোলাঘাটঃ ৰাজ্যখনত ক’ভিড-১৯ ভাইৰাছ জনিত সংক্ৰমনৰ বিৰুদ্ধে চৰকাৰ তথা জনসাধাৰনে ঐক্যবদ্ধভাৱে যুজ কৰি থকাৰ বাবে আজি ৰাজ্যখনৰ ক’ভিড সংক্ৰমন লাহে লাহে হ্ৰাস পোৱাটো পৰিলক্ষিত হৈছে৷ চৰকাৰৰ সৈতে এই যুজখনত ৰাজ্যখনৰ বিভিন্ন সমাজসেৱী অনুস্থান অহৰহভাৱে কাম কৰি অহা দেখা গৈছে৷

আজি ঠিক তেনেকুৱা উদ্দেশ্যৰেই গোলাঘাটৰ এক অগ্ৰণী বেচৰকাৰী সংগঠন প্ৰয়াস উন্নয়ন সমিতিয়ে আজি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াক সাক্ষাৎ কৰি জিলাখনৰ ক’ভিড যোদ্ধাসকল আৰু জনসাধাৰনৰ সুবিধা হোৱাকৈ তেখেতৰ হাতত কিছুসংখ্যক মাস্ক,  গ্ল'ভছ, চেনিটাইজাৰ আৰু পি পি ই কিট অৰ্পণ কৰে।  

উল্লেখ্য যে আজি বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ বুলি বৰঙণি বিচাৰি এক সাহাৰ্য্য সংগ্ৰহ কেন্দ্ৰ স্থাপন কৰা হৈছিল আৰু উক্ত কাৰ্যসূচীতে  গোলাঘাটৰ প্ৰয়াস উন্নয়ন সমিতিৰ সভাপতি পাৰ্থ প্ৰতীম ৰাজপুতে তেওঁৰ কেইজনমান সহযোগীসহ  খুমটাইত উপস্থিত হৈ বিধায়ক শইকীয়াৰ হাতত উক্ত সামগ্ৰী সমূহ অৰ্পণ কৰে। ইফালে খুমটাইবাসী ৰাইজে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ আশাব্যঞ্জক সঁহাৰি আগবঢ়োৱা দেখা যায়।

গোলাঘাট ৰ পৰা সিদ্ধাৰ্থ সন্দিকৈ