বিধায়ক ভৱেশ কলিতাৰ সৈতে NNO Digital Correspondent দীপাংকৰ দাস
বিধায়ক ভৱেশ কলিতাৰ সৈতে NNO Digital Correspondent দীপাংকৰ দাস

♦ চাওতে চাওতে নতুন চৰকাৰখনৰ এটা বছৰ পাৰেই হ’ল। এই এটা বছৰত সমষ্টিসমূহত কি কি কাম আগবাঢ়িল? কি কি সমস্যা নোহোৱা হ’ল? নতুন কোনো সমস্যাই দেখা দিলে নেকি? আজি newsnextone.comৰ 'সমষ্টি 1-2-6’ অনুষ্ঠানৰ অতিথি ৫৭ নং ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা। তেওঁৰ সৈতে কথা-বতৰাত ভাগ লৈছে newsnextone.comৰ ডিজিটেল কৰেছপণ্ডেণ্ট দীপাংকৰ দাসে

 

দীপাংকৰ দাসঃ newsnextone.comৰ তৰফৰ পৰা 'সমষ্টি 1-2-6’ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো।

ভৱেশ কলিতাঃ নমস্কাৰ।

 

দীপাংকৰ দাসঃ ৰঙিয়া সমষ্টিত বিধায়ক নিৰ্বাচিত হৈ আপুনি কেনেধৰণৰ অনুভৱ কৰিছে?

ভৱেশ কলিতাঃ এই অনুভৱ ভাষাৰে বুজাই ক’ব নোৱাৰি। সমষ্টিটোৰ ৰাইজে মোৰ প্ৰতি যি আস্থা স্থাপন কৰিছে, মোক কাম কৰাৰ সুযোগ দিছে সেই কথাটোৱে আনন্দিত কৰি তোলে।

 

দীপাংকৰ দাসঃ যোৱা এটা বছৰত সমষ্টিটোৰ সমস্যাসমূহৰ সমাধান কেনেকৈ সম্ভৱ কৰিবলৈ চেষ্টা চলাইছে?

ভৱেশ কলিতাঃ সমষ্টিটো যথেষ্ট সমস্যাবহুল। ইয়াৰে একাংশ অঞ্চল বিটিচিৰ অন্তৰ্গত। সেয়েহে বিধায়ক হিচাপে এই অঞ্চলত কাম কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। ষষ্ঠ অনুসূচী থাকিলে বিধায়ক হৈ বেছি কাম কৰিব নোৱাৰি। বিটিএডিৰ বাহিৰৰ অঞ্চলখিনিত সকলোবোৰ সমস্যা জানি লৈ সেয়া সমাধান কৰিবলৈ আগবাঢ়িছো। কিন্তু বিটিএডিৰ অন্তৰ্গত অঞ্চলখিনিৰ বাবে দোমোজাত পৰিছো।

 

দীপাংকৰ দাসঃ বিটিএডিৰ অন্তৰ্গত অঞ্চসমূহত কি সমস্যাৰ সন্মুখীন হৈছে?

ভৱেশ কলিতাঃ ষষ্ঠ অনুসূচীত বহুত বাধা। বিটিচি প্ৰশাসনে গোৰেশ্বৰকে আদি কৰি সমষ্টিটোৰ অন্তৰ্গত অঞ্চলসমূহত একোকে কৰা নাই। এই অঞ্চলসমূহ নন বিটিএডি অঞ্চল হোৱা হ’লে মই বিধায়ক হিচাপে বহু কাম আগবঢ়াব পাৰিলোহেতেন।

 

দীপাংকৰ দাসঃ বিটিএডি হোৱা বাবে উন্নয়ন বাধাপ্ৰাপ্ত হোৱা বুলি আপুনি ভাবে নেকি?

ভৱেশ কলিতাঃ নিশ্চয়। মোৰ বোধেৰে বিটিএডিৰ কোনো প্ৰয়োজনেই নাছিল। বিটিএডিত এতিয়া চৌদিশে অবাধ লুণ্ঠন চলিছে। বিভিন্ন আঁচনিৰ ধন ঠিকদাৰ বা দলীয় নেতা-পালি নেতাই উদৰস্থ কৰিছে। এনে কাৰণতে গোৰেশ্বৰকে আদি কৰি বিভিন্ন বিটিএডিৰ অন্তৰ্গত ৰঙিয়া সমষ্টিৰ অঞ্চলসমূহত পানী যোগানকে আদি কৰি একাধিক আঁচনি বিকল হৈ ৰৈছে। ৰাজ্যত পঞ্চায়তৰ অধীনত বহু উন্নয়নমূলক কাম-কাজ হৈছে।  কিন্তু বিটিএডিত গ্ৰামাঞ্চলৰ কাম-কাজ ভিচিডিচিৰ অধীনত হয়। ফলত উন্নয়ন স্থবিৰ হৈ পৰে। তাতে আকৌ ভিচিডিচিৰ পঞ্চায়তৰ দৰে ক্ষমতা নাথাকে।

দীপাংকৰ দাসঃ বিপিএফেৰে আপোনালোকৰ দলৰ মিত্ৰতা আছে। এই মিত্ৰতাই আপোনাক সহায় কৰিছিল নে?

ভৱেশ কলিতাঃ সহায় দূৰৈৰ কথা। মোক ক্ষতিহে কৰিছে। দুগৰাকী ই এম মহেশ্বৰ বসুমতাৰী আৰু গণেশ কছাৰীয়ে মোৰ বিৰুদ্ধে নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাইছিল। ওপৰৰ পৰ্যায়ত মিত্ৰতাৰ ফলত হয়তো লাভ হৈছে। কিন্তু মোৰ ক্ষেত্ৰত সেয়া হোৱা নাই।

♦ NNO সমষ্টি 1-2-6

দীপাংকৰ দাসঃ বাট-পথৰ উন্নয়নৰ বাবে কি পৰিকল্পনা হাতত লৈছে?

ভৱেশ কলিতাঃ বাইহাটা চাৰিআলিৰ পৰা বগামাটিলৈ পথছোৱাৰ কাম চলি আছে। গোৰেশ্বৰ সংযোগী যিসমূহ গড়কাপ্তানি পথ আছে তাৰো কাম আৰম্ভ কৰা হ’ব, কিন্তু অলপ সময়ৰ প্ৰয়োজন হ’ব। গোৰেশ্বৰ-আন্ধেৰীঘাট পথ নিৰ্মাণৰ বাবে ছেপ্তেম্বৰ মাহৰ পিছতে পুঁজি আবণ্টন হ’ব। পুঁজি মোকলাই দিলেই পথটোৰ কাম আৰম্ব হ’ব। গোৰশ্বৰ-খৈৰাবাৰী পথটোৰ মেৰামতি কৰা হ’ব আৰু ইয়াৰ বাবে পুঁজিও ধাৰ্য কৰা হৈছে। গোৰেশ্বৰ-তামুলপুৰ পথটোৰ কথাও ভবা হৈছে। পিছে পথটোৰ বাবে পুঠিমাৰী আৰু বৰলীয়া নৈত দলং নিৰ্মাণৰ প্ৰয়োজন হ’ব। সেয়ে এই সম্পৰ্কে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ সৈতে কথা-বতৰা আৰম্ভ কৰা হৈছে।

 

দীপাংকৰ দাসঃ সমষ্টিটোৰ অধিকাংশ অঞ্চলেই বানৰ কবলত পৰি আহিছে। এই সম্পৰ্কে কিবা ভবা হৈছেনে?

ভৱেশ কলিতাঃ পুঠিমাৰী নৈৰ বানে সমষ্টিটোৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰি আহিছে। সেয়ে কচুগাঁও, বগৰীবাৰী, নাথকুছি, কেলেংচ’ক, হাৰিযোৰা আদি অংশত দুৰ্বল মথাউৰিৰ মেৰামতি কৰিবলৈ আঁচনি হাতত লোৱা হৈছে। অৱশ্যে ইয়াৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব আৰু মথাউৰিৰ মেৰামতি সম্পূৰ্ণ হ’লে সমষ্টিটোৰ ৰাইজে বানপানীৰ পৰা সকাহ পাব বুলি আমি আশাবাদী।

 

দীপাংকৰ দাসঃ সমষ্টিটোৰ স্বাস্থ্য, শিক্ষা আদিৰ ক্ষেত্ৰত কোনো নতুন পৰিকল্পনা?

ভৱেশ কলিতাঃ সমষ্টিটোৰ কেবাখনো ঠাইত নতুন চিকিৎসা কেন্দ্ৰৰ কথা ভবা হৈছে। একেদৰে গোৰেশ্বৰত এখন অসামৰিক চিকিৎসালয় স্থাপনৰ বিষয়ে চিন্তা-চৰ্চা চলাই থকা হৈছে। ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ৰাজ্যিক চিকিৎসালয় একেলগ কৰি অসামৰিক চিকিৎসালয় এখন হ'লে ৰাইজে স্বাস্থ্যজনিত বিভিন্ন অসুবিধাৰ পৰা হাত সাৰিব পাৰিব। আৰু এটা সুখবৰ এয়ে যে গোৰেশ্বৰত অগ্নি নিৰ্বাপক কেন্দ্ৰ এটাৰ বাবে ইতিমধ্যে অনুমোদন লাভ কৰা হৈছে। সমষ্টিটোৰ কেবাটাও অঞ্চলত বি এড কলেজৰ প্ৰয়োজন। বিশেষকৈ গোৰেশ্বৰ কথা ভবা হৈছে। অঞ্চলটোৰ শিক্ষানুৰাগী ৰাইজ আগবাঢ়ি আহিলে আমি সহায় কৰিবলৈ সদা প্ৰস্তুত।

 

দীপাংকৰ দাসঃ তুলসীবাৰীৰ এপল’ মিলক লৈ আপোনাৰ পৰিকল্পনা?

ভৱেশ কলিতাঃ সুন্দৰ প্ৰশ্ন। মিলটোৰ বাবে এটা সু-খবৰ আছে। চৰকাৰে ইতিমধ্যে ৯কোটি ৩৫ লাখ টকাৰ আঁচনি প্ৰস্তুত কৰি মিলটোক পুনৰ কাৰ্যক্ষম কৰিবলৈ উদ্যোগ হাতত লৈছে। অতি কম সময়ৰ ভিতৰতে পুনৰ আৰম্ভ হ’ব এপল’ মিল।

 

দীপাংকৰ দাসঃ অলপ ৰাজনীতিৰ কথালৈ আহিছো। বিজেপিয়ে সংখ্যালঘূসকলক দমন কৰি ৰাখিবলৈ চেষ্টা চলাইছে বুলি ব্যাপকভাৱে প্ৰচাৰ হোৱা দেখা গৈছে। এই সম্পৰ্কে আপোনাৰ মতামত?

ভৱেশ কলিতাঃ এয়া তেনেই অমূলক। এয়া হৈছে ন্যস্ত স্বাৰ্থজনিত মহলৰ অপপ্ৰচাৰ। বিজেপিয়ে সকলোৱে একেলগে আগুৱাই লৈ যাব বিচাৰে। ইয়াত সংখ্যাগুৰু, সংখ্যালঘু বুলি কোনো কথা নাই। আমাৰ দল শাসনলৈ অহাত চৌদিশে শান্তিময় পৰিৱেশে বিৰাজ কৰা বুলিহে ক’ব পাৰি। মুঠৰ ওপৰত আমি সকলোৱে সদ্ভাৱনাৰে সমাজৰ হৈ কাম কৰি যাব লাগিব আৰু সকলোৱে মিলি দেশৰ বিকাশৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে কোৱাৰ দৰেকৈ কাম কৰি আমি আগুৱাই যাব লাগিব। কিন্তু এটা কথা ঠিক যে যিয়ে নিজৰ মাতৃভূমিক মাতৃভূমি বুলি জ্ঞান নকৰে তেওঁলোকৰ হৈ বিজেপিয়ে কাম নকৰে। নিজৰ মাতৃভূমিক শ্ৰদ্ধা-ভক্তি কৰা সকলৰ বাবেহে বিজেপিয়ে সদায় কাম কৰি যাব।

 

দীপাংকৰ দাসঃ অচিৰেই মন্ত্ৰীসভা সম্প্ৰসাৰণ হ’ব বুলি আপোনালোকৰ দলীয় সূত্ৰই সদৰী কৰিছে। নতুন মন্ত্ৰীসভাত আপুনি স্থান লাভ কৰিব বুলিও শুনিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত আপোনাৰ মতামত? 

ভৱেশ কলিতাঃ কথাতো ময়ো নুশুনা নহয়। মন্ত্ৰী হোৱাৰ মন অলপ হ’লেও আছে। যদিহে মুখ্যমন্ত্ৰী মহোদয় আৰু দলে আমাক যোগ্য বুলি ভাবিছে তেন্তে হয়তো সেই সৌভাগ্য উদয় হ’ব পাৰে। মন্ত্ৰী হোৱাৰ সৌভাগ্য হ’লে সমষ্টিৰ উন্নয়ন অধিক ত্বৰান্বিত কৰিব পাৰিম বুলি আশাবাদী।

দীপাকংৰ দাসঃ শেষৰটো প্ৰশ্ন, আগন্তুক নিৰ্বাচনক লৈ আপোনাৰ সপোন?

ভৱেশ কলিতাঃ যিহেতু ৰঙিয়া সমষ্টিৰ বিধায়ক হিচাপে ৰাইজে মোক আস্থাত লৈ নিৰ্বাচিত কৰিছে গতিকে হাতত আৰু যিখিনি সময় আছে সেইসময়খিনিৰ সদ্ব্যৱহাৰ কৰি সমষ্টিৰ সমস্যা সমাধান কৰাৰ কামত নিজে মনোনিৱেশ কৰিম। আগন্তুক বিধান সভা নিৰ্বাচনতো ৰাইজৰ বিপুল সহাঁৰি লাভ কৰিম বুলি মই আশাবাদী।

 

দীপাংকৰ দাসঃ বহুমূলীয়া সময় দিয়া বাবে newsnextone.comৰ তৰফৰ পৰা আপোনালৈ অশেষ ধন্যবাদ।

ভৱেশ কলিতাঃ মোৰ অভিমত ৰাইজৰ মাজলৈ লৈ যাবলৈ আগ্ৰহ প্ৰকাশ কৰা বাবে newsnextone.comৰ পৰিয়াললৈ ধন্যবাদ জনালো।