গুৱাহাটীঃ চিচি টিভি কেমেৰা সংস্থাপন, আৰক্ষী নিয়োগেৰে চমক দেখুৱাবলৈ গৈ চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাত এইবাৰো সম্পূৰ্ণ ৰূপে ব্যৰ্থ হ’ল ছেবা আৰু ৰাজ্যৰ শিক্ষা বিভাগ। চিচি কেমেৰাৰ ব্য়ৱস্থা কৰা স্বত্বেও  প্ৰথম দিনাই ৰাজ্যখনৰ একাধিক পৰীক্ষাকেন্দ্ৰত নকলৰ পয়োভৰ ঘটে। এক কথাত ক’বলৈ গ’লে ছেবাই গ্ৰহণ কৰা সকলোবোৰ প্ৰচেষ্টা পুনৰবাৰ অসাৰ প্ৰতিপন্ন হ’ল।

কিয়নো পৰীক্ষা কেন্দ্ৰসমূহত ছেবাই হাতত লোৱা প্ৰায়বোৰ কটকটীয়া ব্যৱস্থাৰ মাজতো ঠায়ে ঠায়ে অসত পথ অৱলম্বন কৰে পৰীক্ষাৰ্থীসকলে। কেবাটাও কেন্দ্ৰত পৰীক্ষা গৃহৰ ভিতৰত পৰীক্ষাৰ্থীক নকল যোগান ধৰিবলৈ গৈ আৰক্ষীৰ জালত পৰে অভিভাৱক। হাইলাকান্দিত ১৬ জন, কাছাৰত ৮ জন, কোকৰাঝাৰত ১০ জন আৰু কৰিমগঞ্জত ১জন পৰীক্ষাৰ্থীক নকল কৰাৰ বাবে পৰীক্ষাগৃহৰ পৰা বহিষ্কাৰ কৰা হয়।

গুৱাহাটীৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  দেৱাল বগাই পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় এজন যুৱক। আনহাতে ভিন্ন প্ৰান্তৰ কেবাটাও পৰীক্ষাকেন্দ্ৰত পৰীক্ষাৰ্থীক নকল যোগান ধৰা আৰু পৰীক্ষাগৃহত মোবাইল ফোন ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হয় কেবাজনো শিক্ষক।

এনেকৈয়ে একাধিক খেলিমেলিৰ মাজেৰে প্ৰথম দিনাৰ পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত আজি দুটাকৈ পৰীক্ষা কেন্দ্ৰত দেখা দিয়ে প্ৰশ্ন কাকত বিসংগতি। আজি অনুষ্ঠিত গণিত বিষয়ৰ পৰীক্ষাত বাগছা আৰু হোজাই জিলাৰ পৰীক্ষাকেন্দ্ৰত হোৱা প্ৰশ্ন কাকতৰ খেলিমেলিয়ে সমগ্ৰ ৰাজ্যৰ পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলক উদ্বিগ্ন কৰি তুলিছে।

প্ৰাপ্ত বাতৰি মতে বাগছা জিলাৰ মুছলপুৰ ৮২নং বৰিমখা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত গণিতৰ পৰিৱৰ্তে পৰীক্ষাৰ্থীসকলে লাভ কৰে অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত। পিছত নিৰ্ধাৰিত সময়তকৈ পলমকৈ আন কেন্দ্ৰৰ পৰা গণিত বিষয়ৰ প্ৰশ্ন কাকত আনি জেৰক্স কৰি পৰীক্ষা অনুষ্ঠিত কৰা হয়। একে পৰিস্থিতিৰ উদ্ভৱ হয় হোজাই জিলাৰ মোৰাঝাৰত। মোৰাঝাৰৰ পৰীক্ষা কেন্দ্ৰটোত গণিতৰ পৰিৱৰ্তে পেকেট খুলি প্ৰত্যক্ষ কৰে সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত। ফলত এই কেন্দ্ৰটোতো  আন কেন্দ্ৰৰ পৰা অনা প্ৰশ্ন কাকত জেৰক্স কৰি ডেৰ ঘণ্টা পলমকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হয়।

আনহাতে দক্ষিণ শালমাৰা-মানকাছাৰ আৰু বঙাইগাঁৱৰ কোকিলাত কেবাটাও পৰীক্ষাগৃহত মমবাতিৰ পোহৰত অনু্ষ্ঠিত হয় পৰীক্ষা। এনেধৰণৰ একাধিক বিসংগতি উদ্ভৱ হোৱাত পৰীক্ষাৰ্থী-অভিভাৱকসকলৰ লগতে ক্ষুব্ধ হৈ পৰে একাধিক দল-সংগঠন। বিয়লিৰ ভাগত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে আন কেবাটাও ছাত্ৰ সংগঠনে প্ৰতিখন জিলাৰ ভিন্ন স্থানত ছেবা আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। লগতে পৰীক্ষাৰ বাকী থকা দিনকেইটাত যাতে এনেধৰণৰ বিসংগতিয়ে দেখা নিদিয়ে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকীয়াই দিয়ে।

ইফালে এনে খাম-খেয়ালি আৰু বিতৰ্কৰ মাজতে সংবাদ মাধ্যমসমূহলৈ প্ৰেৰণ এক বিজ্ঞাপন বাৰ্তাত ছেবাই মুছলপুৰ আৰু মোৰাঝাৰত প্ৰশ্ন কাকত ফাদিলৰ বাতৰিৰ সত্যতা অস্বীকাৰ কৰে। উক্ত পৰীক্ষা কেন্দ্ৰ দুটাত অসমীয়া আৰু সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত ভুলতে অনা হৈছিল যদিও সেয়া পৰীক্ষাৰ্থীৰ হাতত নপৰাকৈ অক্ষত অৱস্থাতে পুনৰ ঘূৰাই দিয়া হয় বুলিও স্পষ্ট কৰি দিয়ে ছেবাই। বিজ্ঞাপন বাৰ্তাটোত ছেবাই আৰু স্পষ্ট কৰি দিয়ে যে বাকী থকা সকলো বিষয়ৰ পৰীক্ষা পূৰ্ব নিৰ্ধাৰিত সূচী মতেই অনুষ্ঠিত হ’ব। কিন্তু পিছ মুহূৰ্ততে নিজৰ ভুল অস্বীকাৰ কৰা ছেবাই পূৰ্বৰ বিবৃতি সলনি কৰি অহা ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া সমাজ বিজ্ঞানৰ পৰীক্ষা নতুন বিবৃতি যোগে  ৮ মাৰ্চত অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে। অৱশ্যে বাকী থকা  আন বিষয়ৰ পৰীক্ষাসমূহ পূৰ্বৰ সময়সূচী মতেই অনুষ্ঠিত হ'ব।