নতুন দিল্লীঃ ফেচবুককে আদি কৰি সকলো ধৰণৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিবলৈ নতুন আইন প্ৰণয়ন কৰিব বুলি নেটিজেনসকল শংকিত হৈ থকাৰ সময়তে তেনে ধৰণৰ সম্ভাৱনা নুই কৰিছে কেন্দ্ৰ চৰকাৰে। বুধবাৰে কেন্দ্ৰীয় চৰকাৰে এক বিবৃতি যোগে স্পষ্ট কৰি দিছে যে ছ’চিয়েল মিডিয়াৰ একাউণ্টসমূহৰ ওপৰত শেন দৃষ্টি ৰাখিবলৈ আধাৰ কাৰ্ড সংযোগৰ কোনো পৰিকল্পনা এই মুহূৰ্তত চৰকাৰে গ্ৰহণ কৰা নাই।

উল্লেখ্য যে ফেচবুক, টুইটাৰ, হোৱাটছএপৰ দৰে জনপ্ৰিয় ছ’চিয়েল মিডিয়াবোৰত ফেক নিউজ বিয়পি পৰাৰ পৰিপ্ৰেক্ষিতত বিষয়টো একাধিকবাৰ আদালতত উত্থাপিত হোৱাৰ লগতে আধাৰ কাৰ্ডৰ সৈতে ইয়াক লিংক কৰাৰ প্ৰসংগও আহি পৰিছে। ইণ্টাৰনেটত চাইল্ড পৰ্ণ’গ্ৰাফিৰ ব্যাপক প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিততো আধাৰ কাৰ্ড লিংক কৰিব লাগে বুলি কৰি অহা দাবীয়ে আদালতৰ মজিয়াত গুৰুত্ব লাভ কৰে।

এনেধৰণৰ দাবীৰ মাজতে বিষয়টোৱে শংকিত কৰি তুলিছিল বহুতকে। বিশেষকৈ এনেদৰে ছ’চিয়েল মিডিয়াৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাতো ব্যক্তি স্বাধীনতা আৰু গোপনীয়তাৰ পৰিপন্থী বুলিও নেটিজেনসকলে এনে প্ৰস্তাৱৰ বিৰোধিতা কৰি আহিছে। 

ব্যক্তি স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়েই সৰ্বোচ্চ আদালতে কেইটামান নিৰ্দিষ্ট ক্ষেত্ৰৰ বাদে সকলোতে আধাৰ লিংক কৰাতো আইনসন্মত নহয় বুলি দিয়া ৰায়েও ইয়াৰ বিৰোধীসকলৰ যুক্তিক সবল কৰি তোলে। সেয়া হ’লেও যিকোনো মুহূৰ্ততে বিজেপি চৰকাৰখনে ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ ইছলামিক দেশসমূহৰ দৰেকৈ ব্যক্তি স্বাধীনতাৰ পৰিপন্থী এনে আইন প্ৰণয়ন কৰে বুলি শংকিত হৈ পৰিছিল দেশবাসী।

অৱশ্যে বুধবাৰে লোকসভাত বিষয়টো উত্থাপন হোৱাৰ পিছতে দূৰ হয় নেটিজেনসকলৰ তেনে আশংকা। বিষয়টোক লৈ কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে চৰকাৰে এনেধৰণৰ আইন প্ৰণয়ন কৰিবলৈ ওলাইছে বুলি প্ৰকাশিত বাতৰি মুঠেই সত্য নহয়। লিখিত উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে ছ’চিয়েল মিডিয়াৰ একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংযোগ কৰাৰ কোনো প্ৰস্তাৱ এতিয়ালৈ কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে গ্ৰহণ কৰা নাই। 

এই প্ৰসংগতে মন্ত্ৰীগৰাকীয়ে জনাই যে আধাৰ লিংকৰ কোনো প্ৰস্তাৱ গ্ৰহণ নকৰিলেও চাইল্ড পৰ্ণ’গ্ৰাফিৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰিবলৈ একাধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে বিগত সময়ছোৱাত দেশত ছ’চিয়েল মিডিয়াৰ জৰিয়তে 'ৰিভেঞ্জ পৰ্ণ’ৰ ঘটনা বৃদ্ধি পোৱালৈ চাই তেনে ঘটনাত জড়িত থকাসকলক শাস্তি বিহিবলৈ কঠোৰ আইন ৰূপায়ণ কৰাৰ ব্যৱস্থাও হাতত লৈছে চৰকাৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিশোধৰ মানসিকতাৰে একাংশ পুৰুষে ইণ্টাৰনেটত আপলোড কৰা পৰ্ণগ্ৰাফি যিকোনো কাৰণতে বন্ধ কৰিবলৈ চৰকাৰ বদ্ধ পৰিকৰ।

উল্লেখ্য যে ২০১৮ চনৰ জুলাই মাহত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ভিত্তিত অনলাইন অবৈধ কাম-কাজ বন্ধ কৰিবলৈ ছ’চিয়েল মিডিয়াৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব পাৰি নে নোৱাৰি সেই সন্দৰ্ভত বিবেচনা কৰিবলৈ চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত বম্বে আৰু মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়তো একাধিক আবেদন দাখিল কৰে কেবাজনো লোকে। ফলত সেই সকলো আবেদন উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰা হয়। উচ্চতম ন্যায়ালয়ত বিষয়টোক লৈ বৰ্তমানো শুনানি অব্যাহত থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে বুধবাৰে কৰা এই ঘোষণাই বহন কৰিছে বিশেষ তাৎপৰ্য।