ডিজিটেল ডেস্কঃ আমেৰিকাৰ যুঁজাৰু জাহাজক এবাৰতেই ধ্বংস কৰিব পাৰে উত্তৰ কোৰিয়াই৷ দেওবাৰে দেশখনৰ শাসক দলৰ বাতৰি কাকত 'ৰ’ডং চিনমোন’ত প্ৰকাশ পাইছে এই কথা৷ আমেৰিকাৰ যুদ্ধ জাহাজক সাগৰ পৃষ্ঠত ডুবাবলৈ সাজু দেশখন৷

উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশ মৰ্মে আমেৰিকাৰ যুদ্ধ জাহাজ ইউএসএস কাৰ্ল ভিনসন কোৰিয়ান পেনিনচুলাৰ দিশে গতি কৰিছে৷ উত্তৰ কোৰিয়াৰ নিৰন্তৰ মিছাইল আৰু পাৰমাণৱিক পৰীক্ষনৰ ওপৰত ক্ষুণ্ণ হৈয়েই এই নিৰ্দেশ ট্ৰাম্পৰ৷

কিন্তু আমেৰিকাৰ এই ভাবুকিৰ পিছতো ক্ষান্ত হোৱা নাই কিম জং৷ আমেৰিকাক প্ৰতিহত কৰি দেশখনৰ সামৰিক শক্তিৰ পৰিচয় দিবলৈ সাজু হৈছে উত্তৰ কোৰিয়া৷ আনহাতে আমেৰিকাক সহায় কৰাৰ বাবে জাপানৰ বিৰুদ্ধেও যুদ্ধৰ বাবে সাজু হৈছে দেশখন৷