বেংগালুৰুঃ মহাকাশৰ বিচিত্ৰ পৰিঘটনাৰাজি নিৰীক্ষণ কৰিবৰ বাবে ভাৰতে ছমাহ পৰ্বে জম্মু আৰু কাশ্মীৰল লাডাখৰ হানলে নামৰ স্থানত স্থাপন কৰা হৈছে GROWTH-India নামৰ দূৰবীক্ষণ যন্ত্ৰটো৷ এই দূৰবীক্ষণ যন্ত্ৰই প্ৰথমবাৰৰ বাবে দূৰ মহাকাশত সংঘটিত এক ‘ন’ভা বিস্ফোৰণ’ প্ৰত্যক্ষ কৰে৷

‘ন’ভা’ হৈছে মহাকাশৰ বগা বাওনা তৰাৰ উপৰিভাগত সৃষ্টি হোৱা ভয়াবহ বিস্ফোৰণ যাৰ বাবে নক্ষত্ৰটোৰ উজ্জ্বলতা অস্থায়ীভাৱে বৃদ্ধি পায়৷ অৱশ্যে ছুপাৰন’ভাত এনে বিস্ফোৰণৰ পাছত তৰাটো ধ্বংস হোৱাৰ বিপৰীতে ‘ন’ভা’ৰ বিস্ফোৰণৰ পাছত তৰাটো পুনৰ আগৰ অৱস্থা লাভ কৰে৷

শূন্য দশমিক সাত মিটাৰ দৈৰ্ঘ্যৰ GROWTH-Indiaই ৮-১০ নৱেম্বৰত কৰা এই নীৰিক্ষণৰ ফলাফল বিজ্ঞান আলোচনী ‘দ্য এষ্ট্ৰ’নমাৰ্ছ টেলিগ্ৰাম’ত প্ৰকাশ পাইছে৷

উল্লেখ্য যে এই দূৰবীক্ষণ যন্ত্ৰৰে পৃথিৱীৰপৰা কোটি কোটি আলোক বৰ্ষ (১ আলোকবৰ্ষ = ছেকেণ্ডত প্ৰায় ৩ লাখ কিল’মিটাৰ বেগেৰে পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্ব) আঁতৰত থকা তৰাৰ গতি-বিধি নিৰীক্ষণ কৰিব পৰা যায়৷