ডিজিটেল ডেস্কঃ মুকেশ আম্বানীৰ ৰিলায়েন্স জিঅ'ৰ বিজনেছ প্লানে অনুপ্ৰাণিত কৰিছে এজন ফুচকা বেপাৰীক৷ সেয়ে ফুচকা বেপাৰীয়েও দিছে আনলিমিটেড অফাৰ৷

 ইয়াৰ বাবে ১০০ টকীয়া প্ৰাইম মেম্বাৰশ্বিপ ল’লেই হ’ল৷ সদস্য হ’লে যিমান মন যায় সিমান ফুচকা খাব পাৰিব৷

এই অফাৰ আগবঢ়াইছে গুজৰাটৰ পোৰবন্দৰৰ ৰবি জগদম্বা নামৰ ফুচকা বেপাৰীজনে৷ এই অফাৰ শুনিয়েই গ্ৰাহকে ভিৰ কৰিছেহি ৰবিৰ ফুচকা দোকানত৷

কেৱল দৈনিকেই নহয়, মাহিলি হিচাপতো এই সদস্যভূক্তিৰ ব্যৱস্থা কৰি লাভৱান হৈছে ৰবি৷ এনে কৰাৰ পিছতে গ্ৰাহকৰ সংখ্য বৃদ্ধি পোৱা বুলিও জানিবলৈ দিছে ৰবিয়ে৷