৩১ আগষ্টৰ দিনটোলৈ সকলোৱে অপেক্ষা কৰিছিল। অৱশেষত অন্ত পৰিল অপেক্ষাৰ। প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। একাংশ সন্তুষ্ট হ’ল, একাংশ অসন্তুষ্ট। সন্তুষ্টি-অসন্তুষ্টি দল-সংগঠনৰ পৰা আৰম্ভ কৰি ছ’চিয়েল মিডিয়া আনকি মেইনষ্ট্ৰীম মিডিয়াতো স্পষ্ট ৰূপত ভাসমান হৈ উঠিল।

 

গুৱাহাটীৰ পৰা প্ৰকাশিত আগশাৰীৰ দৈনিক কাকত নিয়মীয়া বাৰ্তা আৰু দৈনিক জনমভূমিয়ে মুখ্য বাতৰি (লীড নিউজ)ত স্পষ্ট ৰূপত এনআৰচিক লৈ দেখা দিয়া অসন্তুষ্টিক প্ৰাধান্য দি বাতৰি পৰিৱেশন কৰা দেখা গ’ল। 'নিয়মীয়া বাৰ্তা’ নামৰ কাকতখনে এনআৰচিক ফ্লপ শ্ব’ আখ্যা দিয়াৰ বিপৰীতে দৈনিক জনমভূমিয়ে এনআৰচিক আখ্যা দিয়ে বিদেশীৰ ৰক্ষা কবচ হিচাপে। বাকী কাকতকেইখনেও তথ্য তথা আন বিষয় সামৰি প্ৰকাশ কৰিছে এই বিষয়ক বাতৰি।

 

কাকতসমূহৰ লগতে গুৱাহাটীত মুখ্য কাৰ্যালয় থকা টিভি চেনেলকেইটাই পৰিৱেশন কৰা বা-বাতৰিতো এনআৰচিক লৈ সন্তুষ্ট লোক কমেই যেন দেখা গৈছে। একেদৰে ছ’চিয়েল মিডিয়াতো দেখা গৈছে নানা মুনিৰ নানা মত। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানসমূহেও প্ৰকাশ কৰিছে এনআৰচি বিষয়ক ভিন্ন ধৰণৰ বিতং বাতৰি। এইবোৰৰ মাজতে এনআৰচিক লৈ অসমৰ সৰ্বত্ৰে দেখা গৈছে অসন্তুষ্টি। কিন্তু কিয় এই অসন্তুষ্টি? এনআৰচিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে কোনে?

 

জাতীয় দল-সংগঠনসমূহৰ লগতে ৰাজনৈতিক দলসমূহেও এনআৰচিক দীৰ্ঘদিন ধৰি খিলঞ্জীয়াৰ ৰক্ষা কবচ আখ্যা দি আহিছিল। সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুকে ধৰি একাধিক জাতীয় সংগঠনে ইয়াক জাতীয় দলিল হিচাপেও অভিহিত কৰিছিল। কিন্তু ৩১ আগষ্টৰ পিছতে সকলোৱে সুৰ সলাবলৈ আৰম্ভ কৰে। আছুৰ লগতে এনআৰচিক লৈ উচ্চতম ন্যায়ালয়ত চলি  থকা দীঘলীয়া গোচৰৰ অন্যতম গুচৰীয়া পক্ষ অসম পাব্লিক ৱৰ্কছ চমুকৈ এপিডব্লিউৱেও চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে এনআৰচিক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে। আচৰিত ধৰণে বিৰোধী কংগ্ৰেছৰ লগতে শাসকীয় বিজেপি আৰু মিত্ৰ দল অগপেও এনআৰচিক লৈ অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে।

 

আছুৱে কি ক’লে?

 

এনআৰচিক লৈ মুঠেই সুখী নহয় আছু। চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে সংবাদমেল অনুষ্ঠিত কৰি আছুৰ নেতৃত্বই কয় যে ঐতিহাসিক জাতীয় দায়িত্ব পালনত চূড়ান্তভাৱে ব্যৰ্থ হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ। এনে এখন এনআৰচিক লৈ কোনোপধ্যে সুখী হ’ব নোৱাৰি বুলি উল্লেখ কৰি পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি সদৰী কৰে ছাত্ৰ সংগঠনটোৱে।

 

আৰু কোন যাব উচ্চতম ন্যায়ালয়লৈ?

 

আছুৰ লগতে উচ্চতম ন্যায়ালয়লৈ যোৱাৰ হুংকাৰ দিয়া আন এটা সংগঠন হৈছে এপিডব্লিউ। সংগঠনটোৰ হৰ্তা-কৰ্তা অভিজিৎ শৰ্মাৰ দাবী এনআৰচিৰ জৰিয়তে বিদেশীসকলক স্বদেশীহে সজোৱা হৈছে। শৰ্মাই এশ শতাংশ পুনৰীক্ষণৰ দাবীৰ লগতে এনআৰচি প্ৰস্তুতত ব্যয় হোৱা ১৬০০ কোটি টকাৰ সম্পূৰ্ণ হিচাপ বিচাৰি সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি জনায়। তেওঁ এনে এখন পয়ালগা এনআৰচিৰ বাবে উচ্চতম ন্যায়ালয়ত গোচৰ চলোৱাৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰে সাহায্য আগবঢ়োৱা প্ৰদীপ ভূঞা আৰু বন্তি ভূঞাৰ ওচৰত ক্ষমা বিচাৰি ৩১ আগষ্টৰ দিনটোত ধৰ্মঘটতো বহে।

 

অগপে কি ক’লে?

 

অসম আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা আঞ্চলিকতাবাদত বিশ্বাসী ৰাজনৈতিক দল অগপৰ নেতৃবৃন্দয়ো এনআৰচিক লৈ প্ৰকাশ কৰিছে অসন্তুষ্টি। সম্প্ৰতি ৰাষ্ট্ৰীয় দলৰ সৈতে মিলি চৰকাৰ চলাই থকা দলটোৰ সভাপতি অতুল বৰাই কয় যে এইখন এনআৰচি অসমবাসীৰ কাম্য নাছিল। এইখন এনআৰচিয়ে ৮৫৫ ছহিদৰ কেঁচা তেজক মূল্য দিয়াত সমূলি ব্যৰ্থ হ’ল বুলি দাবী কৰাৰ লগতে লাখ লাখ বাংলাদেশী ক’ত অন্তৰ্ধান হ’ল বুলি তেওঁ প্ৰশ্ন কৰে।

 

অসন্তুষ্ট বিজেপিয়ে কি কয়?

 

চূড়ান্ত খচৰা প্ৰকাশৰ পূৰ্বৰে পৰা এনআৰচিক লৈ ভীষণ অসন্তুষ্টি ব্যক্ত কৰি আহিছিল বিজেপিয়ে। চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে সেয়ে সংবাদ মেলযোগে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে স্পষ্টকৈ কয় যে এনআৰচিত লাখ লাখ অনুপ্ৰৱেশকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে। এই এনআৰচি মানি ল’লে অসম আন্দোলনকে নস্যাৎ কৰা হ’ব বুলিও কয় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। দাসে এনআৰচিৰ পৰা খিলঞ্জীয়া লোকৰ নাম বাদ পৰা বুলিও দাবী কৰে। নাম বাদ পৰা খিলঞ্জীয়া লোকসকলক অন্তৰ্ভুক্তিৰ বাবে প্ৰয়োজনত আইন সংশোধন কৰা হ’ব বুলিও তেওঁ সদৰী কৰে। ইয়াৰ লগতে দলটোৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এনআৰচিক লৈ কোনেও একো চিন্তা কৰাৰ কাৰণ নাই বুলি মন্তব্য কৰে।

 

কংগ্ৰেছৰ বিৰোধিতাৰ কাৰণ কি?

 

বিজেপিৰ দৰেকৈ কংগ্ৰেছৰো এক প্ৰকাৰ একেই মন্তব্য যে এনআৰচিৰ পৰা বৈধ ভাৰতীয়ৰ নামো বাদ পৰিছে। কেৱল বিজেপিয়ে খিলঞ্জীয়া শব্দটো ব্যৱহাৰ কৰিছে আৰু কংগ্ৰেছে ব্যৱহাৰ কৰিছে বৈধ ভাৰতীয় শব্দটো। অৱশ্যে অনুপ্ৰৱেশকাৰী অন্তৰ্ভুক্ত হ’ল বুলি জোৰকৈ দাবী কৰা নাই কংগ্ৰেছে। চূড়ান্ত এনআৰচিক সম্পূৰ্ণৰূপে ক্ৰটিপূৰ্ণ আখ্যা দি নাম বাদ পৰা বৈধ ভাৰতীয়সকলক আইনী সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰিছে বিৰোধী দলটোৱে। আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসম আন্দোলনৰ সময়ত ৫০ লাখ বিদেশী থকা বুলি কোৱা অগপৰ জন্মদাঁতা আন এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এতিয়া কিয় নীৰৱ বুলিও কটাক্ষ কৰে। কংগ্ৰেছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনআৰচিখন গ্ৰহণ কৰিব নে নকৰে সেয়া স্পষ্ট কৰিবলৈকো আহ্বান জনায়।

 

আমছুৰো বিৰোধিতা

 

এনআৰচিক লৈ উৎফুল্লিত নহয় আমছু। বহুতে আমছুৱে সন্তুষ্টি ব্যক্ত কৰিব বুলি ভাবিছিল যদিও সংগঠনটোৱে খচৰা প্ৰকাশৰ পিছতে কয় যে এনআৰচিয়ে আশা কৰা ধৰণে বিদেশী সমস্যাৰ সমাধান দিব নোৱাৰিলে। সংগঠনটোৰ নেতৃত্বৰ মতে বিদেশী চিনাক্তকৰণ সংখ্যাৰ খেল নহয়। ধৰ্মৰ পৰিৱৰ্তে তথ্যৰ ভিত্তিত বিদেশী চিনাক্তকৰণ কৰিবলৈকো সংগঠনটোৱে পুনৰবাৰ আহ্বান জনায়। 

 

উচ্চতম ন্যায়ালয়ক দোষ জাপিলে বিজেপিয়ে!

 

এনআৰচিক লৈ কংগ্ৰেছ-বিজেপি কোনোৱে সন্তুষ্ট নহয়। ইয়াৰ মাজতে এনআৰচিত হোৱা ভুল-ক্ৰটিৰ বাবে সৰ্বোচ্চ ন্যায়ালয়কে একপ্ৰকাৰ জগৰীয়া কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে। ন্যায়ালয়ক সমালোচনা নাই কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে আদালতে এনআৰচি প্ৰক্ৰিয়াৰ পৰা চৰকাৰক আতৰাই ৰখা বাবেই এনে ভুল হ’বলৈ পালে।


 

এনআৰচিক লৈ কিয় সন্তুষ্ট নহয় অধিকাংশ অসমীয়া?

 

অসমত আছে লাখ লাখ বাংলাদেশী। অসম আন্দোলনৰ সময়ৰে পৰা এই বাক্যশাৰীয়েই শুনি আহিছে প্ৰতিজন অসমীয়াই। কিন্তু কোনেও ইয়াৰ প্ৰকৃত সংখ্যা নাজানে। সংসদত কোনোখন চৰকাৰে যদি অসমত ৫০ লাখ বাংলাদেশী আছে বুলি কৈছে আন কোনোখন চৰকাৰে আকৌ কৈছে যে অসমত ৩০ লাখ বাংলাদেশী আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মাজতে অসমত এজনো বাংলাদেশী নাই বুলি কোৱা কথাও বহুতৰে মনত আছে। অগপৰ মতে অসমত আছে ৫০ লাখৰো অধিক বাংলাদেশী। আছুৱেও বাংলাদেশীৰ সংখ্যা ৩০ লাখৰ অধিক হ’ব বুলি সময়ে সময়ে কৈ আহিছে। এনে পৰিপ্ৰেক্ষিতত অধিকাংশ অসমীয়াই দৃঢ়ভাৱে ধাৰণা কৰি আহিছে যে অসমত ৪০-৫০ লাখ বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে। কিন্তু চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা  লোকৰ সংখ্যা হৈছে মাত্ৰ ১৯,০৬,৬৫৭। ধাৰণা কৰা সংখ্যা আৰু এনআৰচিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা সংখ্যাৰ আকাশ-পাতাল পাৰ্থক্যৰ বাবেই এনআৰচিক মানি ল’ব পৰা নাই অধিকাংশ লোকে। আনহাতে এনআৰচিৰ চূড়ান্ত খচৰা প্ৰস্তুতৰ সময়ত হোৱা ভিন্ন প্ৰকাৰৰ ক্ৰটিৰ বাবে বহু বৈধ ভাৰতীয়ৰ নাম বাদ পৰা বিষয়টোৱেও একাংশ লোকক অসন্তুষ্ট কৰি তুলিছে। চৰকাৰী পক্ষই এনআৰচি সন্দৰ্ভত কৰা বিভিন্ন প্ৰকাৰৰ মন্তব্যয়ো সৰ্বসাধাৰণৰ মনত এনআৰচি সন্দৰ্বত বিৰূপ ধাৰণা জগাই তোলাত ইন্ধন যোগাইছে।

 

এনআৰচিক লৈ কোন সন্তুষ্ট?

 

এনআৰচিক সম্বন্ধীয় বা-বাতৰি চালে দেখা যায় যে এনআৰচিক লৈ সন্তুষ্ট হোৱা বা মুকলি মনেৰে আদৰণি জনোৱা লোকৰ সংখ্যা তেনেই তাকৰ। সেয়া হ’লেও এইক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোঁহাইৰ। বিশিষ্ট চিন্তাবিদগৰাকীৰ মতে এনআৰচি প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ তদাৰকত হৈছে আৰু এই প্ৰক্ৰিয়াত বাদ পৰা লোকৰ যিটো সংখ্যা ওলাইছে তাক লৈ আপত্তি কৰাতো গৰ্হিত কাৰ্য। তেওঁ কয় যে বস্তুনিষ্ঠ তথ্য-প্ৰমাণৰ আধাৰত এনআৰচি প্ৰস্তুত কৰা হৈছে। ইয়াত মানৱীয় ভুল হিচাপে দুই-এটা ভুল ৰৈ যোৱাতো স্বাভাৱিক। কিন্তু তাৰ বাবে গোটেই প্ৰক্ৰিয়াটোকে ভুল বুলি দাবী কৰা অনুচিত। নিজৰ পচন্দ হ’লেহে এনআৰচিক শুদ্ধ আৰু অপচন্দ হ’লেই এনআৰচিক অশুদ্ধ আখ্যা দিয়াতোক অদ্ভূত আখ্যা দিয়ে ড০ গোঁহাইয়ে। অসম আন্দোলনৰ সময়ত উক্ত আন্দোলনৰ ধৰণ-কৰণে সমস্যা সমাধানৰ পৰিৱৰ্তে সমস্যাৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰি ৰোষত পৰা ড০ গোঁহাইয়ে চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে উক্ত খচৰাৰ পৰা বাদ পৰা লোকসকলক মানৱীয় দৃষ্টিৰে চাবলৈকো আহ্বান জনায়। হীৰেণ গোঁহাইৰ লগতে এনআৰচিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ সৈতে কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে। 

 

এনআৰচিক লৈ একপ্ৰকাৰ সন্তুষ্টি ব্যক্ত কৰিছে এআইএমআইএমৰ নেতা আছাদুদ্দিন ওৱেচিয়ে। ইমানদিনে একাধিক দল-সংগঠনে এনেয়ে অসমখন অবৈধ বাংলাদেশীৰে ভৰি আছে বুলি কৈ ৰাজনৈতিক মুনাফা আদায় কৰি আহিছিল বুলি দাবী কৰে হায়দৰাবাদৰ সাংসদজনে।এইখিনিতে গুৰুত্বপূৰ্ণ দিশটো হৈছে, কেন্দ্ৰ-ৰাজ্য উভয়তে শাসনত থকা বিজেপিয়ে এনআৰচিৰ বিৰোধিতা কৰাৰ সময়তে ইয়াক লৈ সন্তুষ্টি ব্যক্ত কৰিছে বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰৱীশ কুমাৰে।  তেওঁ কয় যে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত স্বচ্ছভাৱে এনআৰচিৰ কাম-কাজ সম্পন্ন হৈছে। 

 

এনআৰচিক লৈ সম্পূৰ্ণৰূপে সন্তুষ্ট নহ’লেও একপ্ৰকাৰ সন্তুষ্টিৰ হাঁহি দেখা গৈছে এআইইউডিএফ দলৰ নেতা-কৰ্মীসকলৰ মাজত। দলটোৱে সংবাদমেলযোগে এনআৰচি প্ৰকাশৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কয় যে এতিয়াৰে পৰা অসমত এনআৰচিক লৈ ৰাজনীতি বন্ধ হৈ পৰিব। এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত সন্তুষ্টি ব্যক্ত কৰা আন এজন ব্যক্তি হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। এসময়ত ৫০ লাখ বিদেশী থকা বুলি দাবী কৰা মহন্তই কয় যে এই এনআৰচি একপ্ৰকাৰ মাইলৰ খুঁটি স্বৰূপ। নাম বাদ পৰা লোক যিমানেই নাথাকক কিয় বাদ পৰাটোৱে অসমত যে বাংলাদেশী আছে সেয়া স্পষ্ট কৰে বুলিও তেওঁ মন্তব্য কৰে। 

 

হীৰেন গোঁহাইক লৈ বিতৰ্ক

 

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ হৈ সংবাদমেল সম্বোধন কৰি ড০ হীৰেন গোঁহাইয়ে এনআৰচিক আদৰণি জনোৱা বুলি কৰা মন্তব্যৰ পিছতে একাংশ সংবাদ মাধ্যমে অৰ্ধ সত্য বাতৰি পৰিৱেশন কৰাত ৰাইজৰ মাজত সৃষ্টি হয় বিৰূপ প্ৰতিক্ৰিয়াৰ। ড০ গোহাইয়ে নাম বাদ পৰাসকলৰ প্ৰতি মানৱীয় দৃষ্টি ৰাখিব লাগে বুলি কৰা মন্তব্যক কেবাটাও সংবাদ প্ৰতিষ্ঠানে অবৈধ বাংলাদেশীসকলক ভাৰতীয় নাগৰিকত্ব দিবলৈ আহ্বান জনোৱা বুলি বাতৰি পৰিৱেশন কৰে। ফলত ছ’চিয়েল মিডিয়াত বিভিন্নজনে ড০ গোঁহাইক পূৰ্বৰ দৰেকৈ গালি-গালাজ আৰম্ভ কৰে। অৱশ্যে পিছত কথাটো স্পষ্ট হৈ পৰে যে অসম চৰকাৰেও নাম বাদ পৰা সকলক শংকিত নহ’বলৈ আহ্বান জনাইছে, তেনে ক্ষেত্ৰত ড০ গোঁহাইয়ে নাম বাদ পৰাসকলক মানৱীয় দৃষ্টিভংগীৰে চাবলৈ কোৱা কথাষাৰৰ মাজত বৰ বিশেষ পাৰ্থক্য নাই। 

 

বাংলাদেশৰ স্থিতি

 

পূৰ্বৰ স্থিতিতে অটল আছে চুবুৰীয়া বাংলাদেশ। যিখন দেশক লৈ অসমৰ ৰাজনীতি সদা তোলপাৰ হৈ থাকে সেইখন দেশ এনআৰচি প্ৰসংগত নিৰ্বিকাৰ। মুঠৰ ওপৰত ঢাকাৰ স্থিতি স্পষ্ট যে এনআৰচিৰ পৰা বাদ পৰাসকল কোনোপধ্যে বাংলাদেশৰ নাগৰিক নহয় আৰু এয়া কেৱল ভাৰতৰহে সমস্যা, তেওঁলোকৰ ইয়াত কৰিবলগীয়া একো নাই। এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে পূৰ্বৰ স্থিতিত অটল থাকি মন্তব্য প্ৰদান কৰে দেশখনৰ বিদেশ মন্ত্ৰণালয়ে।

 

এনআৰচিক লৈ কিয় উঠিছে সন্দেহৰ আঙুলি?

 

এনআৰচিৰ পৰা বাদ পৰিছে হাজাৰ হাজাৰ খিলঞ্জীয়া লোকৰ নাম। কামৰূপ জিলাৰ ৰঙিয়াত ৭ সহস্ৰাধিক লোকৰ নাম বাদ পৰাৰ বিপৰীতে ডিমৰীয়া, নগাঁও, কাকী, বৰপেটা আদি ভিন্ন স্থানত বাদ পৰিছে বহু খিলঞ্জীয়া লোকৰ নাম। আনহাতে অন্তিম সীমা উকলি যোৱাৰ পিছতো নাম অন্তৰ্ভুক্তি হোৱা বুলি প্ৰকাশ পোৱা বাতৰিয়েও সকলোকে এনআৰচিক লৈ সন্দেহৰ আঙুলি টোৱাবলৈ সাহস প্ৰদান কৰিছে। ইমানেই নহয়, এনআৰচিৰ পৰা এনে কেইজনমান বিশেষ লোকৰ নাম বাদ পৰিছে যাৰ বাবে সকলোৰে চকু কপালত উঠিছে।

 

কোন কোন বিশেষ ব্যক্তি তথা পৰিয়াল বাদ পৰিছে এনআৰচিৰ পৰা?

 

এনআৰচিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা এটা বিশেষ পৰিয়াল হৈছে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পৰিয়াল। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ৰঙিয়া মহকুমা নিবাসী ভাতৃ ইকৰামুদ্দিন আলী আহমেদৰ পৰিয়ালৰ নাম নাই এনআৰচিত।  নাম নথকা আন এজন বিশেষ ব্যক্তি হৈছে প্ৰাক্তন সেনা বিষয়া ছানাউল্লাহ। ছানাউল্লাহৰ পত্নীৰ নাম এনআৰচিত আছে যদিও তেওঁ আৰু তেওঁলোকৰ তিনি সন্তানৰ নাম নাই এনআৰচিত। উল্লেখ্য যে ৩০ বছৰ সেনা বাহিনীত থাকি দেশসেৱা কৰা অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীক বিদেশী ঘোষণা কৰিছিল বিদেশী ন্যায়াধীকৰণে। এই সন্দৰ্ভত এতিয়াও চলি আছে গোচৰ। এনআৰচিৰ পৰা বাদ পৰিছে এআইইউডিএফ দলৰ দুজনকৈ জনপ্ৰতিনিধিও। ইয়াৰে এজন বৰ্তমানৰ আৰু আনজন প্ৰাক্তন। অভয়াপুৰী দক্ষিণ সমষ্টিৰ বৰ্তমানৰ বিধায়ক অনন্ত মালোৰ নাম অহা নাই এনআৰচিত। আচৰিত ধৰণে তেওঁৰ ভাতৃৰ নাম অন্তৰ্ভুক্ত হৈছে যদিও তেওঁৰহে নাম অহা নাই। নাম নহা প্ৰাক্তন বিধায়কজন হৈছে আটাউৰ ৰহমান মাঝাৰ ভূঞা। পৰিয়ালৰ বাকী সদস্যসকলৰ নাম আছে যদিও প্ৰাক্তন বিধায়কজন আৰু তেওঁৰ ৩ সন্তানৰ নাম নথকাত অসন্তুষ্ট হৈ পৰিছে মাঝাৰ ভূঞা। আনহাতে পঞ্চমটো পৰিয়াল হৈছে বৰপেটাৰ। এই পৰিয়ালটোৰ তিনিজন ভাতৃৰ আটাইকেইজনে সুৰক্ষা বাহিনীত কৰ্মৰত। পিছে চহিদুল নামৰ এজন ভাতৃৰ এনআৰচিত নাম অহাৰ বাদে বাকী দুজন ভাতৃ দিলবৰ আৰু মিজানুৰৰ নাম নাই। 


 

নাম নাথাকিলেও চিন্তাৰ কাৰণ নাই, পিছে চিন্তাৰ শেষ নাই...

 

চৰকাৰে কৈছে যে এনআৰচিত নাম নাথাকিলে বুলিয়ে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ বাবে তেওঁলোকৰ হাতত আছে আৰু ১২০ দিন। ৩১ ডিচেম্বৰ ২০১৯ৰ পূৰ্বে আইনী প্ৰক্ৰিয়াৰ মাজেৰে নাম বাদপৰাসকলেও পুনৰ নিজকে ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ কৰাৰ সুযোগ লাভ কৰিব। সেয়া হ’লেও নাম নথকাসকলে এতিয়া চিন্তাৰ মাজেৰেই দিন পাৰ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে পৰৱৰ্তী কি সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰে তালৈ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে। বিশেষকৈ সুদীৰ্ঘ সময়ৰ অন্তত এনআৰচি প্ৰকাশৰ পিছত এই প্ৰসংগটোৰ অৱসান হ’ব বুলি সকলোৱে আশা কৰিছিল যদিও এতিয়া তাৰ বিপৰীত ছবি এখনহে সকলোৰে মনত ভাহি উঠিছে। সাতে সোতৰে মিলি বহুতেই পুনৰ আশংকা কৰিছে যে অনাগত দিনসমূহতো এনআৰচিক লৈ অসমত ৰাজনীতি হৈয়েই থাকিব! তাতে আকৌ  আহি পৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ কেবৰ প্ৰসংগ! ইয়াৰ মাজতে আকৌ অসমীয়া হিচাপে প্ৰতিজনৰে নিজস্ব মতামত তথা ভয়-শংকাৰ কথা আছেই...

 


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us