newsnextone.com | গুৱাহাটীঃ অহা ৩০ জুনত যে এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ নাপায় এই খবৰ একপ্ৰকাৰ নিশ্চিত হৈছে৷ নতুন দিন ঘোষণা সন্দৰ্ভত ২ জুলাইত উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে৷ শেহতীয়াকৈ অসমত হোৱা বানপানী আৰু নেৰেনেপেৰা বৰষুণৰ বাবে প্ৰায় ১০টা দিন এনআৰচিৰ কামৰ ক্ষতি হৈছে বুলি এনআৰচি কৰ্তৃপক্ষই দাবী কৰিছিল৷ এনআৰচিৰ কৰ্তৃপক্ষই বন্ধ খামত ন্যায়ালয়ত আবেদন জনাইছিল৷

নতুন দিন ঘোষণা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাই এনআৰচিৰ মুখ্য সমন্বয়ত প্ৰতীক হাজেলাই৷ আদালতে পুনৰাই এটা নতুন দিন ঘোষণা কৰাৰ সম্ভৱনাই দেখা দিছে৷ ৰাজ্য চৰকাৰৰ সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰে এনআৰচিৰ খচৰা প্ৰকাশৰ দিন পিছুৱাবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনোৱাৰ বাবেও সাজু হৈছে৷

অহা ৩০ জুনত এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ে শেষ সীমা নিৰ্ধাৰণ কৰিছিল৷ কিন্তু বান পৰিস্থিতিয়ে এনআৰচিৰ কাম স্থবিৰ কৰা বুলি দাবী কৰে  এনআৰচি কৰ্তৃপক্ষই৷ যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পূৰ্বে নিৰ্ধাৰিত দিন পিছুৱাই দিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিবলৈ সাজু হৈছে দেশৰ গৃহ মন্ত্ৰালয়৷

কেন্দ্ৰীয় চৰকাৰে এনআৰচিৰ পূৰ্ণ খচৰা প্ৰকাশ কৰাৰ দিন অহা ৩০ জুন আছিল যদিও সেই দিন ৮ জুলাইলৈ বৃদ্ধি কৰাৰ বাবে আবেদন জনোৱাৰ থল আছে৷ কেন্দ্ৰীয় চৰকাৰে এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন পিছুৱাবলৈ বাৰে বাৰে ন্যায়ালয়ত আবেদন জনাইছিল যদিও ন্যায়ালয়ে এবাৰো এই আবেদন মানি লোৱা নাছিল৷ 

পূৰ্বৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পূৰ্বে এনআৰচি প্ৰকাশ পোৱাটো এনেয়ো বিছৰা নাছিল কেন্দ্ৰীয় চৰকাৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পূৰ্বে এনআৰচিৰ খচৰা প্ৰকাশ হোৱাটো বিচৰা নাই কেন্দ্ৰীয় চৰকাৰে৷ বান পানীৰ বাবে এনআৰচিৰ কাম কিছু স্থবিৰ হৈ পৰা কাৰ্যৰ গইনা লৈ খচৰা প্ৰকাশৰ পূৰ্বে নিৰ্ধাৰিত ৩০ জুন পিছুৱাবৰ বাবে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাব পাৰে বুলি গৃহ বিভাগে৷

উল্লেখ্য যে, এনআৰচিৰ ৰাজ্যিক সমন্বয়কে ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল ন্যায়ালয়ত৷ যদিও ৩০ জুনলৈ মাথো ২টা দিন বাকী থকা সময়লৈকে উচ্চতম ন্যায়ালয়ে কোনো সিদ্ধান্ত লব নে নাই সেয়াহে লক্ষ্যণীয় হ’ব৷

উল্লেখ্য যে, ৰাজ্যত ভয়াবহ বানে কেইবাখনো জিলাক ক্ষতিগ্ৰস্ত কৰাত কেইবাটাও দিন ধৰি এনআৰিচত নিয়োজিত হৈ থকা লোকসকলে তথ্য পাতি পৰীক্ষণৰ কাম কৰিব পৰা নাাছিল৷ বহু সেৱা কেন্দ্ৰত বানৰ পানী উঠাত কাম কাজ কৰিব নোৱাৰাৰ লগতে কেইবাটাও সেৱা কেন্দ্ৰ স্থানান্তৰিত কৰিব লগা হৈছিল৷

এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই সোমবাৰে সংবাদ মাধ্যমৰ সন্মুখত বানপানীৰ প্ৰভাৱৰ ফলত এনআৰচিৰ চূড়ন্ত খচৰা প্ৰকাশ পোৱাত বিলম্ব হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে বুলি আশংকা ব্যক্ত কৰিছিল। বানৰ প্ৰভাৱৰ ফলত এনাৰচিৰ চূড়ান্ত খচৰা ৩০ জুনত প্ৰকাশ নাপাব পাৰে বুলি আশংকা ব্যক্ত কৰি হাজেলাই বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত বহু এনএছকে আজিও পানীৰ তলত বুলি কয়৷ ইতিমধ্যে ৬টা এনএছকে স্থানান্তৰিত কৰিব লগা হৈছে৷ বানপানীৰ বাবে সময় নষ্ট হৈছে৷ হোজাই আৰু পশ্চিম কাৰ্বি আংলঙতো এনএছকে ক্ষতিগ্ৰস্ত হৈছে৷ আমি ডেডলাইন মতে কাম কৰিবলৈ চেষ্টা কৰি আছোঁ৷ কিন্তু বানপানীয়ে কেনেধৰণে ক্ষতি কৰিছে কেইদিনমান পিছতহে গম পোৱা যাব বুলি সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছিল হাজেলাই৷

বৰাক উপত্যকা, হোজাই, গোলাঘাট, পশ্চিম কাৰ্বিআংলং জিলাৰ বহু সংখ্যক এনআৰচিৰ সেৱা কেন্দ্ৰ পানীত ডুব যোৱাৰ খবৰ যোৱা কেইবাটাও দিন ধৰি প্ৰচাৰ হৈ আহিছে৷ পূৰ্ব নিৰ্ধাৰিত সময় অনুসৰি অহা ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰীক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাত গভীৰ অনিশ্চয়তাই দেখা দিয়াত ৰাইজ একপ্ৰকাৰ চিন্তিত হৈ পৰিছে৷

সেৱা কেন্দ্ৰই বংশবৃক্ষ পৰীক্ষণৰ বাবে বহু লোকক জাননী প্ৰেৰণ কৰিছে যদিও বানৰ পানীৰ বাবে শুনানী-পুনৰীক্ষণৰ কাম কৰিব পৰা নাই বুলি খবৰ আহিছে৷ যাৰ ফলত অহা ৩০ জুনত প্ৰকাশ কৰিব নোৱাৰিব পাৰে এনআৰচিৰ খচৰা৷ প্ৰাকৃতিক দূৰ্যোগৰ বাবে এনআৰচিৰ খচৰা প্ৰকাশত বিলম্ব হোৱাৰ আশংকা কৰিছে বিষয়া-কৰ্মচাৰীও৷ 

উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশৰ বাবে এনআৰচিৰ কাম যুদ্ধকালিন তৎপৰতাৰে অব্যাহত ৰাখিও ৰাজ্যত হোৱা বানপানীৰ বাবে ৰাজ্যৰ ৬ খন জিলাত প্ৰায় ৭ দিনেই পৰীক্ষণৰ কাম স্তদ্ধ হৈ পৰিছিল৷ ৩০ জুনৰ পূৰ্বে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিব নোৱাৰাত এনআৰচি কৰ্তৃপক্ষই দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি কিছু দিন বিচাৰে৷ 

৬ ৰাজ্যত বানপানীয়ে তাণ্ডৱ চলোৱাত ৩০ জুনত যে এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ কৰাত বাধা আহি পৰিছে সেই বিষয় আদালতক অৱগত কৰি সময় বিচাৰিে এনআৰচি কৰ্তৃপক্ষই৷ অহা ২ জুলাইত ৰাষ্ট্ৰীয় নাগৰীক পঞ্জীৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ত পুৰ্বনিৰ্ধাৰিত শুনানি অনুষ্ঠিত হ’ব৷ কিন্তু তাৰ দুদিনৰ পূৰ্বে যিহেতু এনআৰচিৰ সম্পৰ্ণ খচৰা প্ৰকাশ পাব লাগে সেয়েহে এনআৰচিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ে উচ্চতম ন্যায়ালয়ক বানপানীৰ কথা অৱগত কৰি বিষয়টো চিন্তা চৰ্চা কৰিবলৈ কয়৷