গুৱাহাটীঃ ৰাজ্যৰ উজনি-নামনিৰ প্ৰায় ৪২ লাখ খিলঞ্জীয়া ইছলামধৰ্মী ভূমিপুত্ৰ শংকিত হৈ পৰিছে৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত তেওলোকক প্ৰকৃত নাগৰিকৰ মৰ্যদা দিয়া হ’ব নে নাই তাক লৈ শংকিত ৪০ লাখ খিলঞ্জীয়া থলুৱা ইছলামধৰ্মী৷ ৰাজ্যৰ খিলঞ্জীয়া ইছলামধৰ্মী গাওঁ সমূহত ইাকে লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে যোৱা দেওবাৰে মহনগৰীত এখন নাগৰিক সভা অনুষ্ঠিত কৰি চৰকাৰক দাবী জনায় তেওলোকক প্ৰকৃত বাসিন্দা (Original Inhabitant) হিচাবে অন্তৰ্ভুক্ত কৰাৰ কেবাটাও ইছলামধৰ্মী খিলঞ্জীয়া সংগঠনে৷

দেওবাৰৰ নাগৰিক সভাই ‘ভূমিপুত্ৰ ইছলামধৰ্মী সমন্বয়ৰক্ষী সমিতি’ নামেৰে এটি সমিতিও গঠন কৰে৷ ভূমিপুত্ৰ ইছলামধৰ্মী সমন্বয়ৰক্ষী সমিতিয়ে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেল অনুষ্ঠিত কৰি সংগঠন সমূহে পুৰ্বৰ স্থিতি স্পষ্ট কৰি বিদেশী সমস্যাৰ স্থায়ী সমাধান অসম চুক্তি অনুসৰি হ’ব লাগিব বুলি কয়৷

আনহাতে সংগঠনকেইটাই এখন বিদেশীমুক্ত অসমৰ স্বাৰ্থত এনআৰচি মহামান্য উচ্চতম ন্যায়লয়ে বান্ধি দিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰতে প্ৰকাশ হ’ব লাগিব বুলিও কয়৷

সংবাদ মেলত জ্যেষ্ঠ অধিবক্তা তথা অসম আন্দোলনৰ নেতা নেকিবুৰ জামান সহ খিলঞ্জীয়া ইছলামধৰ্মী জনগোষ্ঠীসমূহৰ প্ৰতিনিধি ইনামূল হক, ইছলামূল হক মণ্ডল, হাফিজুল আহমেদ, চেলিম আহমেদৰ লগতে কেইবাগৰাকীও নেতা-কৰ্মী উপস্থিত থাকে। অসমৰ ইছলামধৰ্মী সংগঠন কেইটাই  ইতিমধ্যে ইছলামধৰ্মী খিলঞ্জীয়াৰ নথি-পত্ৰৰ ভিত্তিত এনআৰচিত নাম অন্তৰ্ভুক্ত হোৱা বুলি কয় সংবাদমেল যোগে৷

খিলঞ্জীয়া ইছলামধৰ্মী সংগঠনৰ প্ৰতিনিধিয়ে সংবাদ মেল যোগে ২৮ জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ সৈতে হোৱা আলোচনাৰ পিছত আমি সম্পুৰ্ণ ৰূপে আশ্বস্ত আৰু শংকামুক্ত বুলি উল্লেখ কৰে৷ এনআৰচিৰ পৰা কোনো লোক বঞ্চিত নহয় বুলি কয়৷ ২৮ জনগোষ্ঠীয় সংগঠনে খিলঞ্জীয়া জনগোষ্ঠীয়ে সমূহৰ বাবে হাতত লোৱা প্ৰচেষ্টাক শলাগ লয় সংগঠনসমূহে৷ বাংলাদেশীৰ হৈ ওকালতি কৰা একাংশ লোকে সদায় এনআৰচি সময়মতে প্ৰকাশ কৰাত বিধি-পথালি দিব খোজা বুলি অভিযোগ উত্থাপন কৰি এনে কাৰ্যৰ বিৰোধিতা কৰি তেনে কাৰ্যৰ পৰা বিৰত থকাৰ বাবে সকীয়াই দিয়ে ইছলামধৰ্মী খিলঞ্জীয়া সংগঠনৰ নেতৃত্বই৷

এনআৰচিৰ কাম-কাজত বাধা জন্মাব পৰা তেনে দল-সংগঠনৰ আহ্বানত সহাৰি নজনাবলৈ আহ্বানো জনায়৷ বিশেষকৈ গৰিয়া, মৰিয়া, দেশী, পাংগাল, জোলহা, মাইমেল, কাছাৰী জনগোষ্ঠীৰ খিলঞ্জীয়া ইছলামধৰ্মীৰ লোকসকলক এনআৰচি সম্পৰ্কত কোনো আহুকালৰ সন্মুখীন হলে  ‘ভূমিপুত্ৰ ইছলামধৰ্মী সমন্বয়ৰক্ষী সমিতি’ৰ সৈতে যোগাযোগ কৰাৰ আহ্বান জনায় খিলঞ্জীয়া ইছলামধৰ্মী সংগঠনৰ প্ৰতিনিধিয়ে সংবাদ মেল যোগে৷ ইমানে নহয় কোনো বিষয়া-কৰ্মচাৰীয়ে গৰিয়া, মৰিয়া, দেশী, পাংগাল, জোলহা, মাইমেল, কাছাৰী জনগোষ্ঠীৰ লোকক ইচ্ছাকৃত ভাবে মুল বাসিন্দা নতুবা (Original Inhabitant) হিচাবে অন্তৰ্ভুক্ত কৰিব নিবিচাৰে তেন্তে ‘ভূমিপুত্ৰ ইছলামধৰ্মী সমন্বয়ৰক্ষী সমিতি’ৰ সৈতে যোগাযোগ কৰাৰ আহ্বান জনায় খিলঞ্জীয়া ইছলামধৰ্মী সংগঠনৰ প্ৰতিনিধিয়ে৷

খিলঞ্জীয়া ভুমিপুত্ৰ ইছলামধৰ্মীসকলৰ ভৱিষ্যত প্ৰজন্মৰ বাবে আহি থকা দিনবোৰ অভিশাপ হবলৈ ওলাইছে বুলিও ক্ষোভ ব্যক্ত কৰি দেওবাৰে ইছলামধৰ্মী খিলঞ্জীয়া সংগঠনসমূহ একত্ৰিত হয় গুৱাহাটীত। খিলঞ্জীয়া ভূমিপুত্ৰ ইছলামধৰ্মীসকলৰ ইতিহাসত প্ৰথম খন সভা যত সকলোৱে একেখন মঞ্চত একত্ৰিত হ’ব মঞ্চত একত্ৰিত হৈছিল৷ বছৰ বছৰ ধৰি বঞ্চিত অৱহেলিত ৰাজ্যৰ থলুৱা ইছলামধৰ্মী গৰিয়া, মৰিয়া, দেশী, জোলহা আদি জনগোষ্ঠীৰ লোক৷ জনগোষ্ঠীয় পৰিচয় বিচাৰি গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ লোকসকলে আজিও প্ৰতিবাদ কৰি আহিব লগা হৈছে৷ স্বাধীনতা আন্দোলন, ভাষা আন্দোলন, অসম আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰা ভূমিপুত্ৰ ইছলামধৰ্মী লোকসকলে বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বুলি অভিযোগ উত্থাপন হয়৷