নতুন দিল্লী/গুৱাহাটীঃ বিজেপিৰ মুখপাত্ৰ নুপূৰ শৰ্মাৰ হজৰত মহম্মদ বিতৰ্কক লৈ উত্তাল হৈ পৰিছে সমগ্ৰ দেশ। ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদে ইতিমধ্যে কেবাখনো ৰাজ্যত ধাৰণ কৰিছে হিংসাত্মক ৰূপ। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছে দুজনকৈ লোকে। উত্তৰ প্ৰদেশকে ধৰি বহুকেইখন ৰাজ্যত প্ৰতিবাদত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শতাধিক লোকক। 

নুপূৰ শৰ্মা আৰু নবীন জিন্দালৰ মন্তব্যক লৈ ভাৰতীয় মুছলমানসকলৰ মাজত অব্যাহত থকা প্ৰতিক্ৰিয়াই অসমত বৰ্তমানলৈকে ভয়াৱহ ৰূপ ধাৰণ কৰা নাই যদিও ৰাজ্যখনত ইয়াৰ আন এক প্ৰভাৱ পৰাহে দেখা গৈছে। প্ৰাপ্ত খবৰ অনুযায়ী এই সমগ্ৰ ঘটনাৰ ফলত আৰ্থিকভাৱে বিগত সময়ছোৱাত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে অসমৰ চাহ উদ্যোগ।

অৱশ্যে চাহ ৰপ্তানিৰ সৈতে জড়িত সূত্ৰটোৱে এই বিষয়টোক একাষৰীয়া কৰি থৈ ইয়াৰ বাবে চাহৰ গুণগত মানদণ্ডৰ কথাটোতহে গুৰুত্ব দিয়া দেখা গৈছে। আৰ্থিক বিষয়ক নিউজ ৱেবছাইট 'দ্য মিণ্ট’ত প্ৰকাশিত বাতৰি মতে নিৰ্ধাৰিত মাত্ৰাতকৈ অধিক পৰিমাণৰ কীটনাশকৰ উপস্থিতি ধৰা পৰাৰ পিছতেই ইৰাণে ভাৰতীয় চাহৰ তিনিটাকৈ কণ্টেইনাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। 

বাতৰিটোত প্ৰকাশ পোৱা মতে ইৰাণৰ লগতে টাইৱানেও ভাৰতীয় চাহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ইৰাণৰ দৰেকৈ টাইৱানেও একেটা কাৰণতে চাহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা বুলি দাবী কৰিছে টী বৰ্ড অব ইণ্ডিয়াৰ শীৰ্ষ সূত্ৰই। কিন্তু অধিকাংশ বিশেষজ্ঞই টাইৱানক বাদ দি মধ্যপ্ৰাচ্যৰ দেশসমূহে ভাৰতীয় চাহ উভতাই পঠিওৱাৰ আঁৰত হজৰত মহম্মদক লৈ নুপূৰ শৰ্মাই কৰা বিতৰ্কিত মন্তব্য অন্যতম কাৰণ হ’ব পাৰে বুলি মন্তব্য কৰা পৰিলক্ষিত হৈছে।

মধ্যপ্ৰাচ্যৰ ওপৰত কিমান নিৰ্ভৰশীল ভাৰতৰ চাহ উদ্যোগ?

ভাৰতৰ পৰা চাহ ৰপ্তানি কৰা দেশসমূহৰ ভিতৰত অন্যতম হৈছে মধ্যপ্ৰাচ্যৰ দেশসমূহ। ইৰাণ, কাটাৰ, কুৱেইট, ছৌদি আৰৱৰ দৰে দেশসমূহে ভাৰতৰ পৰা অতীজৰে পৰা চাহ আমদানি কৰি আহিছে যদিও এই ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰি আহিছিল শ্ৰীলংকাই। কিন্তু চুবুৰীয়া ৰাষ্ট্ৰখনত দেখা দিয়া আৰ্থিক মন্দাৱস্থাৰ ফলত চাহৰ ক্ষেত্ৰত দেশকেইখন একপ্ৰকাৰ ভাৰত নিৰ্ভৰ হ’বলৈ বাধ্য হৈ পৰিছিল।

কিন্তু শেহতীয়াকৈ ভাৰতৰ পৰিৱৰ্তে মধ্যপ্ৰাচ্যৰ এই দেশসমূহে চাহৰ ক্ষেত্ৰত চীনকহে অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে, চাহ ৰপ্তানিৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষ স্থানত আছে অসম। এনে পৰিপ্ৰেক্ষিতত গুণগত মানেই হওক বা যি কাৰণতেই নহওক কিয় আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় চাহৰ চাহিদা হ্ৰাস পোৱাত প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হৈ পৰিছে অসমৰ চাহ উদ্যোগ।

এক পৰিসংখ্যা অনুযায়ী ২০১৩ চনত মধ্যপ্ৰাচ্যৰ এখন আগশাৰীৰ দেশ ইৰাণলৈ ভাৰতে ৰপ্তানি কৰা চাহৰ পৰিমাণ আছিল ১৪ মিলিয়ন কিলোগ্ৰাম। ২০১৮ চনত সেয়া বৃদ্ধি পাই ৩১ মিলিয়ন কিলোগ্ৰাম আৰু ২০১৯ চনত ৫০ মিলিয়ন কিলোগ্ৰামলৈ বৃদ্ধি পাইছিল। কিন্তু ২০২০ আৰু ২০২১ চনত সেয়া উদ্বেগজনকভাৱে হ্ৰাস পাবলৈ আৰম্ভ কৰে। ২০২০ চনত দেশখনলৈ ২৯ মিলিয়ন কিলোগ্ৰাম আৰু ২০২১ চনত মাত্ৰ ২০ মিলিয়ন কিলোগ্ৰাম চাহপাতহে ৰপ্তানি কৰা হৈছিল। 

শেহতীয়াকৈ নুপূৰ শৰ্মা বিতৰ্কৰ পিছত ভাৰত সন্দৰ্ভত আন্তঃৰ্জাতিক প্ৰেক্ষাপটত যথেষ্ট সৰৱ হৈ পৰিছে ইৰাণ। এনে পৰিপ্ৰেক্ষিতত অনাগত দিনত ইৰাণে গুণগত মানৰ অজুহাত দেখুৱাই ভাৰতৰ পৰা চাহ ক্ৰয় কৰাতো আৰু কমাই দিব পাৰে বুলি এতিয়া শংকিত হৈ পৰিছে দেশৰ চাহ ৰপ্তানিকৰ্তাসকল। 

কাটাৰত ভাৰতীয় সামগ্ৰী বিক্ৰী হ্ৰাস

নুপূৰ শৰ্মা বিতৰ্কৰ পিছতে ভাৰতৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক সৰৱ হৈ পৰা দেশখনেই হৈছে কাটাৰ। মধ্যপ্ৰাচ্যৰ এই দেশখনে উক্ত বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পিছতে ভাৰত চৰকাৰক বিষয়টো সন্দৰ্ভত তীব্ৰ আপত্তি প্ৰদৰ্শন কৰে। ইমানেই নহয়, দেশখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে একপ্ৰকাৰ ভাৰতীয় সামগ্ৰীসমূহো বৰ্তন কৰিবলৈ আৰম্ভ কৰে। কাটাৰৰ লগতে কুৱেইটৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বিশেষকৈ ছুপাৰ মাৰ্কেটসমূহৰ পৰা বৰ্জন কৰা ভাৰতীয় সামগ্ৰীসমূহৰ ভিতৰত অন্যতম আছিল ভাৰতীয় চাহ। 

উল্লেখ্য যে, শ্ৰীলংকাৰ আৰ্থিক আৰু ৰাজনৈতিক দুৰৱস্থাৰ পিছতেই ভাৰতে চাহ ৰপ্তানিক লৈ যথেষ্ট পৰিকল্পনা কৰিছিল। 'চাহ ৰপ্তানিৰ ক্ষেত্ৰত আমি নতুন লক্ষ্য নিৰ্ধাৰণ কৰিছো। শ্ৰীলংকাৰ শেহতীয়া ঘটনাৰাজিৰ পিছত ভাৰতীয় চাহৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। এই বৰ্ষত আমি ২২৫ মিলিয়ন কিলোগ্ৰাম চাহ ৰপ্তানি কৰিবলৈ সমৰ্থ হম বুলি আশাবাদী।’-এমাহ পূৰ্বে এই আশা ব্যক্ত কৰিছিল ইণ্ডিয়ান টী এক্সপৰ্টাৰ্ছ এছ’চিয়েশ্যনৰ অধ্যক্ষ অংশুমান কানোৰিয়াই।

কিন্তু হজৰত মহম্মদ বিতৰ্কৰ পিছতে মধ্যপ্ৰাচ্যৰ দেশসমূহত হোৰাহোৰে হ্ৰাস পাইছে ভাৰতীয় চাহৰ চাহিদা। ইৰাণে গুণগত মানৰ দিশটো আঙুলিয়াই বৃহৎ পৰিমাণৰ ভাৰতীয় চাহ উভতাই পঠিওৱাৰ পিছতে এতিয়া শংকিত হৈ পৰিছে চাহ ৰপ্তানিকৰ্তাসকল। নাম প্ৰকাশত অনিচ্ছুক এজন ভাৰতীয় চাহ ৰপ্তানিকৰ্তাই কেবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কৈছে যে নুপূৰ শৰ্মা বিতৰ্কৰ পিছতে তেওঁলোকে কৰা আশাত একপ্ৰকাৰ চেঁচাপানী পৰিবলৈ আৰম্ভ কৰিছে।

নিম্নমানৰ ভাৰতীয় চাহ

অসমৰ অৰ্থনীতি বহু পৰিমাণে চাহ উদ্যোগৰ ওপৰত নিৰ্ভৰশীল যদিও আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহৰ গুণগত মানক লৈ আপত্তি বহুদিনীয়া। বিপৰীতে শ্ৰীলংকাই জৈৱিক চাহ উৎপাদনেৰে সমগ্ৰ বিশ্বৰে চাহপ্ৰেমীসকলৰ মাজত একক স্থান দখল কৰিবলৈ সমৰ্থ হৈ আহিছে। লাহে লাহে অসমত জৈৱিক চাহ উৎপাদনৰ বিষয়টোৱে গুৰুত্ব লাভ কৰিছে যদিও ই সম্পূৰ্ণৰূপে ব্যৱসায়িক হৈ পৰা নাই।

টী বৰ্ড অব ইণ্ডিয়াৰ এগৰাকী প্ৰাক্তন বিষয়াই দ্য মিণ্টৰ আগত সদৰী কৰা মতে ভাৰতত কুইনালফছ ৰসায়নৰ ক্ষেত্ৰত নিৰ্ধাৰিত মাত্ৰা হৈছে প্ৰতি কিলোগ্ৰামত ০.০১ মিলিগ্ৰাম। এয়া হৈছে আন্তঃৰাষ্ট্ৰীয় মানকৰ ভিতৰত আটাইতকৈ কঠিন মানক। ইউৰোপীয় সংঘৰ ক্ষেত্ৰত এই মাত্ৰা হৈছে ০.৭ আৰু জাপানত ০.১। টাইৱানে ০.০১ মাত্ৰাত গুৰুত্ব দি আহিছে।

'ভাৰতত কঠোৰ নিয়ম প্ৰৱৰ্তন হৈ আছে। কিন্তু বাস্তৱত সেয়া পৰিলক্ষিত নহয়। ভাৰতৰ চাহ খেতিয়কসকলে বিষয়টোক প্ৰায়ে এৰাই চলে। সেয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত গুণগত মানৰ ক্ষেত্ৰত ভাৰতীয় চাহ শ্ৰীংলকাতকৈ পিছপৰি ৰবলগীয়া হয়।’-এইদৰে আক্ষেপ প্ৰকাশ কৰে প্ৰাক্তন বিষয়াগৰাকীয়ে।  

বতৰৰ বাবে এইবাৰ চিন্তিত চাহ খেতিয়ক

ভূতৰ ওপৰত দানহৰ দৰে এইবাৰে বতৰেও বিধি-পথালি দিছে অসমৰ চাহ খেতিয়কসকলক। কেবাগৰাকী চাহ খেতিয়কে NNOৰ আগত জনোৱা মতে ৰ’দ কম হ’লে আৰু বৰষুণৰ মাত্ৰা বৃদ্ধি পালে চাহৰ উৎপাদন হ্ৰাস পায়৷

‘এইবাৰ বৰষুণৰ পৰিমাণ অধিক হৈছে৷ ফলত আমাৰ বাগিছাসমূহত উৎপাদন হ্ৰাস পাইছে৷ আমাৰ দৰে ক্ষুদ্ৰ চাহখেতিয়কসকল যথেষ্ট সমস্যাত পৰিছো৷ প্ৰতিকেজি কেঁচা চাহপাতৰ দাম ক্ৰমাৎ হ্ৰাস পাইছে৷ এইকেইদিন নানা অজুহাত দেখুৱাই বটলিফ ফেক্টৰীসমূহে আমাৰ পৰা কমকৈ চাহ ক্ৰয় কৰিছে৷ সুধিলে এটাই উত্তৰ আহে মাৰ্কেট ডাউন৷’-এইদৰে কয় বিশ্বনাথৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে৷

নাম প্ৰকাশত অনিচ্ছুক শোণিতপুৰৰ আন এগৰাকী চাহ খেতিয়কৰ মতে নুপূৰ শৰ্মা বিতৰ্কৰ স্পষ্ট প্ৰভাৱ পৰিছে অসমৰ চাহ উদ্যোগত৷ তেওঁ কয় যে অসমৰ পৰা বৃহৎ পৰিমাণৰ চাহ মধ্যপ্ৰাচ্যৰ দেশসমূহলৈ ৰপ্তানি হয়৷ কিন্তু শেহতীয়া বিতৰ্কৰ পিছত কেবাখনো দেশে ভাৰতৰ পৰা চাহ ক্ৰয়ত অনীহা দেখুৱাইছে৷

‘ইৰাণে গুণগত কাৰণত চাহ ঘূৰাই পঠিওৱাৰ কথা জানিব পাৰিছো৷ কিন্তু আচল কাৰণ হয়তো গুণগত মানদণ্ড নহয়৷ আগতেও ভাৰতৰ পৰা ইৰাণে চাহ ক্ৰয় কৰি আহিছে৷ এতিয়া হঠাৎ গুণগত মান হ্ৰাস পাইছে বুলি ঘূৰাই পঠিওৱাৰ আচল কাৰণ আন কিবাহে৷ কুৱেইটেও ভাৰতীয় সামগ্ৰীবোৰ বৰ্জন কৰিছে৷ তাত চাহো থাকিব৷ গতিকে গুণগত মানৰ কথা ক’লেও ইয়াৰ নিশ্চিত প্ৰভাৱ আমাৰ ওপৰত পৰিছে৷ আমি কম দামতে কোম্পানীক কেঁচা পাত বেচিবলগীয়া হৈছে৷ তাতে আকৌ এইবাৰ বতৰৰ বাবে উৎপাদন কমিছে৷’-আন এজন চাহ খেতিয়কৰ মন্তব্য৷