(Updated at 5:00 pm)

খ্ৰীষ্টচাৰ্চ, নিউজিলেণ্ডঃ নিউজিলেণ্ডৰ খ্ৰীষ্টচাৰ্চ নামৰ চহৰখনৰ এটা মছজিদত   
শুকুৰবাৰীয়া নামাজৰ সময়ত অজ্ঞাত বন্দুকধাৰীয়ে যধে-মধে গুলীচালনা কৰাত অতি কমেও ৪৯ জন লোক নিহত হোৱাৰ বাতৰি আহিছে৷ 

গুলীচালনাৰ সময়ত মছজিদটোত বাংলাদেশৰ ক্ৰিকেট দলটো নামাজৰ বাবে তাত উপস্থিত হৈছিল যদিও দলটো কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ ৰক্ষা পৰে৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে দুই আততায়ীয়ে মছজিদটোৰ দুই স্থানত গুলীচালনা কৰে আৰু তেওঁলোকে ভক্তসকলক ভাবুকি দিয়ে যে নিউজিলেণ্ডৰ কোনো মছজিদতে যাতে তেওঁলোকে প্ৰৱেশ নকৰে৷

প্ৰধানমন্ত্ৰী জাচিণ্ডা আৰ্ডেৰ্ণে এই ঘটনাৰ পাছতে ইয়াক দেশখনৰ বাবে এক ক’লা দিন বুলি অভিহিত কৰিছে৷

প্ৰধানমন্ত্ৰীজনে প্ৰকাশ কৰা মতে এই গুলীচালনাৰ ঘটনাত ৪০ জন লোক নিহত হৈছে আৰু ২০ জনতকৈ অধিক লোক আহত হয়। আৰক্ষীয়ে সক্ৰিয় হৈ থকা আততায়ীক ধৰিবলৈ ইতিমধ্যে সমগ্ৰ চহৰখনত অভিযান আৰম্ভ কৰিছে৷