দেশত অস্বাভাৱিক হাৰত হ্ৰাস পাইছে গাড়ী বিক্ৰীৰ সংখ্যা৷ ভাৰতৰ অট’ম’বাইল ছেক্টৰত চলিছে এক প্ৰকাৰৰ মন্দাৱস্থা৷ ক্ৰমাগতভাৱে প্ৰতিটো মাহত গাড়ীৰ বিক্ৰীৰ হাৰ হ্ৰাস পোৱাত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অ’লা-উবেৰকে জগৰীয়া কৰিছে৷ সীতাৰমণে কয় ‘‘গাড়ীকলৈ মানুহৰ এতিয়া চিন্তাধাৰা বহুত সলনি হ’ল৷ গাড়ী এখন ক্ৰয় কৰাৰ চিন্তা বাদ দি আধুনিক যুগৰ মানুহ অ’লা উবেৰ বা অন্যান্য কেবৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। ইয়াৰ কুপ্ৰভাৱ দেশৰ অৰ্থনৈতিক অৱস্থাত বৰ বেয়াকৈ পৰিছে আৰু ই ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰৰ উন্নয়নত ই বৃহৎ প্ৰত্যাহ্বান হৈ থিয় দিছে৷’’ উল্লেখ্য যে বিগত ২১ বছৰৰ পৰা যোৱা আগষ্ট মাহত গাড়ীৰ বিক্ৰীৰ হাৰ সৰ্বনিম্ন হৈছে৷  Society of Indian Automobile Manufacturers (SIAM)ৰ মত অনুসৰি আগষ্ট মাহৰ গাড়ীৰ বিক্ৰীৰ হাৰ ৪১ শতাংশলৈ হ্ৰাস পালে৷

 

বিত্ত মন্ত্ৰীৰ মন্তব্যক লৈ প্ৰশ্ন


অট’ম’বাইল ছেক্টৰত চলি থকা মন্দাৱস্থাক কেন্দ্ৰ কৰি বিত্ত মন্ত্ৰীয়ে কোৱা মতক লৈ উঠিছে প্ৰশ্ন৷ টুইটাৰতো #NirmalaSitharaman, Ola and Uber আৰু #Millenial ট্ৰেণ্ডিঙত আছে৷ দেশৰ সকলো খণ্ডৰ সমস্যাক লৈ চৰকাৰ চিন্তিত আৰু ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱা হ’ব বুলি দাবী কৰিলেও বিৰোধী কেবাগৰাকী নেতাই বিত্তমন্ত্ৰীগৰাকীক প্ৰশ্নৰে থকা-সৰকা কৰা দেখা গৈছে।

 

কংগ্ৰেছ নেতা সঞ্জয় ঝাই কৈছে, '২.৭ ট্ৰিলিয়ন ডলাৰৰ অৰ্থব্যৱস্থাক অলা-উবেৰে নিম্নগামী কৰিলে... সঁচাই আশ্চৰ্যকৰ৷ 'আনহাতে ৰূপা সুব্ৰমণিয়ামে কয় যে, 'নীতি আয়োগৰ মতে  দেশত এতিয়া আৰু নিবনুৱা সমস্যা চলি থকা নাই৷ অলা-উবেৰে সংস্থাপন দি আছে মানুহক৷ ইফালে বিত্ত মন্ত্ৰীয়ে কয় দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে দায়ী অলা-উবেৰ৷ অলা-উবেৰে মানুহক সংস্থাপন দিছে কিন্তু গাড়ী কিনা নাই..এয়া কেনেকৈ সম্ভৱ৷' জ’কাৰ শীৰ্ষক এটা টুইটাৰ একাউণ্টৰ পৰা কৰা টুইটো ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। টুইটোত লিখিছে, 'ভালেই হ’ল অৰবিন্দ কেজৰিৱাল চৰকাৰে ফ্ৰী মেট্ৰ’ সেৱা আৰম্ভ নকৰিলে, নহ’লে ইয়াতো আঙুলি উঠিলেহেঁতেন যে দিল্লীত ফ্ৰী মেট্ৰ’ সেৱা আৰম্ভ হোৱাৰ পৰা গাড়ী বিক্ৰী বন্ধ হৈ গৈছে৷' বিবেকানন্দ সিংহ নামৰ এজন টুইটাৰ ইউজাৰে ব্যাংগ কৰি লিখিছে, 'মানুহে ৰাস্তাত লগা জামৰ ভয়তে গাড়ী কিনা বন্ধ কৰিছে। সেইবাবেই দেশৰ অট’ ছেক্টৰত চলিছে মন্দাৱস্থা।' মহম্মদ আৰ্শদ আলী নামৰ আন এজনৰ মন্তব্য, 'মন্দাৱস্থা চলিবলৈ দেশৰ কিমান চহৰত অলা-উবেৰৰ ছাৰ্ভিছ চলি আছে?

 

সমস্যাৰে জৰ্জৰিত গাড়ী নিৰ্মাণ উদ্যোগ

 

ভাৰতৰ অট’ ছেক্টৰক নানা সমস্যাই আগুৰি ধৰিছে, ফলত গাড়ীৰ কোম্পানীয়ে হাজাৰোধিক লোকক চাকৰিৰ পৰা উলিয়াই দিছে। অনেকজনৰ চাকৰি এই যাওঁ এই যাওঁ অৱস্থা। উল্লেখ্য যে দেশৰ অট’ ছেক্টৰত পৰা মন্দাৱস্থাই সামগ্ৰী যোগান কোম্পানীবোৰতো প্ৰভাৱ পেলাইছে। তীব্ৰ গতিত নিম্নগামী হোৱা এই অৱস্থাৰ বাবে গাড়ীৰ পাৰ্টছ ছাপ্লাই কৰা ৪০০ টা কোম্পানী এই বছৰৰ বিত্তীয় বৰ্ষত ১০ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে।

 

২০১৯ বৰ্ষৰ অট’ ছেক্টৰৰ মন্দাৱস্থাৰ কুপ্ৰভাৱ AIFI (ASSOCIATION OF INDIAN FORGING INDUSTRY)তো পৰিছে। আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হৈছে লঘূ উদ্যোগ। লঘূ উদ্যোগে ২০১৮-১৯ বিত্তীয় বৰ্ষত ৫০ হাজাৰ কোটি আয় উপাৰ্জন কৰিছিল কিন্তু এইবাৰৰ বিত্তীয় বৰ্ষত ৯-১০ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। লঘূ উদ্যোগৰ পণ্য সামগ্ৰী সমূহ অট’ ছেক্টৰৰ নিম্নগামী অৱস্থাৰ বাবেই বিক্ৰী নোহোৱাকৈ আছে। অট’ পাৰ্টছ বিক্ৰী নোহোৱাৰ বাবেই পাৰ্টছ নিৰ্মাণ কৰা কোম্পানীসমূহ লোকচানৰ সন্মুখীন হৈছে। ইয়াৰ ফলত লঘূ উদ্যোগৰ কৰ্মচাৰীৰ চাকৰি যোৱা-থোৱা অৱস্থা হৈছে। 

 

উল্লেখ্য যে দেশত ট্ৰাকৰ বিক্ৰীৰ হাৰো ৪০ শতাংশলৈ হ্ৰাস পাইছে। দেশৰ অৰ্থনৈতিক ব্যৱস্থা উন্নীতকৰণত ট্ৰাক ক্ৰয়ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে কিয়নো এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ সামগ্ৰী প্ৰেৰণ কৰিবলৈ ট্ৰাকৰ বাহিৰে বেলেগ গতন্ত্যৰ নাই।

 

 

আগশাৰীৰ কোম্পানী বিপাঙত

 


দেশৰ আগশাৰীৰ গাড়ী নিৰ্মাণ কোম্পানী টাটা মটৰ্ছতো লাগিছে ঘাটি। কোম্পানীটোৰ ব্যক্তিগত বাহন বিক্ৰীৰ হাৰ ৫৮ শতাংশ আৰু ট্ৰাক বিক্ৰীৰ হাৰ ৪৫ শতাংশলৈ হ্ৰাস পাইছে।  গাড়ীৰ বিক্ৰীৰ হাৰ বঢ়াবলৈ এইবাৰৰ উৎসৱৰ বতৰত টাটা মটৰ্ছৰ গাড়ী বিক্ৰীত বহু শতাংশ ডিচকাউণ্ট দিয়াৰ সম্ভাৱনা বৃদ্ধি পাইছে। একে পথৰে যাত্ৰী মাৰুতি ছুজুকীও। মহিন্দ্ৰা, অশোক লিলেণ্ডকে আদি কৰি আন গাড়ী নিৰ্মাণ সংস্থাৰো অৱস্থা তথৈবচ।

 

দেশত গাড়ী বিক্ৰী হ্ৰাস পোৱাৰ কাৰণসমূহ

 

১) গাড়ীৰ দাম ১৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে।
২) ক্ৰমাগত ভাৱে বৃদ্ধি পোৱা পেট্ৰ’ল ডিজেলৰ মূল্য।
৩) জিডিপি ৫ শতাংশলৈ অৱনমিত।
৪) পূৰ্বৰ তুলনাত হেছবেক(hatchback) গাড়ীৰ চাহিদা কমিছে জনসাধাৰণৰ মাজত।
৫) যান বাহনৰ অধিনিয়ম ২০১৯ অনুসৰি নিয়মভংগকাৰী চালকৰ জৰিমনা ৪-১০ শতাংশলৈ বৃদ্ধি পালে। মুম্বাইত ভুল স্থানত পাৰ্কিং কৰিলে ২৩ হাজাৰ পৰ্যন্ত জৰিমনা ভৰিব লাগিব চালকে। 
৬) কাৰ  ল'ন ল’বলৈও গ্ৰাহকৰ ওপৰত অতিৰিক্ত নিয়মাৱলী বান্ধি দিছে বেংকে। ফলত কাৰ ল’ন লোৱা মানুহৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে।
৭) গাড়ী ক্ৰেতাই ১ বছৰৰ সলনি ৩ বছৰলৈকে বীমা কৰাব লাগিব।
৮) কেন্দ্ৰই গাড়ী পঞ্জীকৰণৰ মূল্য ১৩ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিলে।
৯) পথৰ দুৰাৱস্থাইয়ো মানুহক গাড়ী ক্ৰয় কৰাৰ চিন্তাত ব্যাঘাত জন্মাইছে। কাৰণ লাখটকীয়া সম্পদ এটাক পথৰ দুৰাৱস্থাই হানি কৰাতো কোনেও নিবিচাৰে।
১০) বিগত দুই তিনি বছৰ ধৰি গাড়ী নিৰ্মাণ কোম্পানীসমূহে বিজুলী চালিত গাড়ী বজাৰলৈ উলিয়াই দিয়াৰ কথা কৈ আছে। তাৰবাবেও অপেক্ষা কৰি আছে গ্ৰাহকে, কাৰণ পেট্ৰ’ল-ডিজেল চালিত গাড়ীৰ মূল্যতকৈ বিজুলী চালিত গাড়ীৰ মূল্য বহুগুণে কম হ’ব৷