গুৱাহাটীঃ দেশত এতিয়া এজনেই সৎ মানুহ আছে, সেইজন হৈছে বৰ্তমানৰ অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই মন্তব্য শাসক দলৰ কোনো মন্ত্ৰী বিধায়ক অথবা নেতা-পালিনেতাৰ নহয়। এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ।

গগৈ চৰকাৰৰ এসময়ৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলত গমন কৰাৰ পিছত হিমন্ত আৰু গগৈৰ ৰাজহুৱা বাক যুদ্ধ সৰ্বজনবিদিত। মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেওঁৰ কইনাধৰাস্থিত চৰকাৰী বাসভৱনত অনুষ্ঠিত কৰা এক সংবাদ মেলত অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে।

সংবাদ মেলত গগৈয়ে আৰু কয় যে, বিজেপিয়ে আৰ এছ এছৰ ভাষাৰে কথা কৈ হিন্দুত্ববাদৰ নিচান উৰুৱাই সমাজখনক বিভক্ত কৰাৰ অপচেষ্টাত লিপ্ত হৈছে। হিমন্ত বিশ্ব শৰ্মাই যদি অসমখনক গুজৰাটৰ দৰে উন্নতিৰ শিখৰত আৰোহণ কৰাব পাৰে তেন্তে হিমন্তক এশখন গামোচা আৰু শৰাই আগবঢ়াব বুলিও কটাক্ষ কৰে প্ৰাক্তন মুখ্য়মন্ত্ৰীজনে।

তেওঁ আৰু কয় যে ছাত্ৰী নিৰ্যাতনৰ দৰে গুৰুতৰ ঘটনাতো হিমন্ত বিশ্ব শৰ্মা একেবাৰে নিমাতী কইনা। কংগ্ৰেছৰ আমোলত জনহিতাৰ্থে গ্ৰহণ কৰা সকলোবোৰ আঁচনি বিজেপিয়ে বন্ধ কৰা বুলিও মন্তব্য কৰে গগৈয়ে। বিজেপিক শ্লোগানৰ পৰিৱৰ্তে কৰ্মেৰে নিজৰ পৰিচয় দিবলৈকো আহ্বান জনায় প্ৰাক্তন মুখ্যমন্ত্ৰীজনে। মাজুলীক জিলা ঘোষণা কৰাৰ অন্তৰালত গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ আছে বুলি গগৈয়ে সংবাদ মেলত প্ৰকাশ কৰে।

নিজৰ কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মাক বহু দুৰ্নীতি আৰু কেলেংকাৰীত ৰক্ষণাবেক্ষণ দি এতিয়া সেই পাপৰ ফল ভুগিবলগীয়া হৈছে বুলিও সংবাদ মেলত এক প্ৰকাৰ স্বীকাৰ কৰিবলৈ বাধ্য হয় প্ৰাক্তন মুখ্যমন্ত্ৰীজন।