আৰু মাত্ৰ এটা সপ্তাহ....তাৰ পিছতেই কালৰ বুকুত চিৰদিনলৈ বিলীন হৈ যাব বিক্ৰম আৰু প্ৰজ্ঞান। ৬ ছেপ্তেম্বৰৰ নিশা চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ মাত্ৰ ২.১ কিলোমিটাৰ বাকী থাকোতে ইছৰ'ৰ সৈতে সংযোগ বিছিন্ন হৈছিল লেণ্ডাৰ বিক্ৰমৰ। ৮ ছেপ্তেম্বৰত অৰ্বিটাৰে নিজৰ থাৰ্মেল ইমেজ প্ৰেৰণ কৰিছিল পৃথিৱীলৈ। এতিয়াও বিক্ৰমৰ সৈতে সংযোগ স্থাপন কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ইছৰ'ৰ বিজ্ঞানীয়ে। কিন্তু তেওঁলোকে কোনোধৰণৰ আশাব্যঞ্জক সঁহাৰি লাভ কৰা নাই এতিয়ালৈকে। বিগত এসপ্তাহৰ নেৰানেপেৰা প্ৰচেষ্টা অহা নাই কোনো কামত। বাকী আছে আৰু সাত দিন, এই সাত দিনৰ ভিতৰত ইছৰ’ই বিক্ৰমৰ সৈতে যদি সংযোগ ঘটাব নোৱাৰে তেন্তে চিৰদিনৰ বাবে হেৰুৱাব লাগিব বিক্ৰমক। 

 

এতিয়া কি হ’ব বিক্ৰম-প্ৰজ্ঞানৰ

 

বিক্ৰমৰ আশে পাশে ৰ’ভাৰ প্ৰজ্ঞান। চন্দ্ৰত প্ৰজ্ঞানৰ আয়ুস কাল মাত্ৰ ১ দিন। চন্দ্ৰত ১ দিনৰ অৰ্থ হৈছে পৃথিৱীত ১৪ দিন। অৰ্থাৎ চন্দ্ৰত ১দিন হ’বলৈ যিমান সময় লাগে, পৃথিৱীত সেই সময়ৰ হিচাপত ১৪ দিন উকলি যায়। এই ১৪ দিনৰ ৭ দিন ইতিমধ্যেই শেষ হৈছে আৰু বাকী আছে ৭ দিন। এইকেইদিনৰ ভিতৰতে যদি ৰ’ভাৰ প্ৰজ্ঞানৰ পৰা কোনো তথ্য উলিয়াই ল’ব নোৱাৰে তেন্তে সকলোবোৰ অথলে যাব, চন্দ্ৰযানৰ অভিযান এক অৰ্থত নিৰৰ্থক হ’ব। ইছৰ'ৰ বিজ্ঞানীয়ে সদৰী কৰা মতে প্ৰজ্ঞানত লগোৱা বেটাৰীৰ চাৰ্জ লাহে লাহে কমি আহিছে, কম চাৰ্জৰ বেটাৰীয়ে সুসংবাদ লাভ কৰাৰ সম্ভাৱনাও ক্ৰমান্বয়ে কমাই আনিছে। বিক্ৰমে সঠিক দিশত অৱস্থান কৰা হ’লে নিজৰ ছ’লাৰ পেনেলৰ জৰিয়তে প্ৰজ্ঞানৰ বেটাৰীক চাৰ্জ কৰি দিলেহেঁতেন। কিন্তু তেনেকুৱা হোৱাৰ কোনো লক্ষণেই দেখা নাই ইছৰ’ই। লেণ্ডাৰ বিক্ৰমৰ সৈতে ইছৰ’ৰ সংযোগ বিছিন্ন হোৱাৰ বাবেই ৰ’ভাৰ প্ৰজ্ঞানেও নিজৰ কোনো ধৰণৰ কাম কৰিব পৰা নাই। ইছ’ৰৰ বিজ্ঞানীয়ে হাৰ নামানি বিক্ৰমৰ সৈতে সংযোগ স্থাপনৰ প্ৰচেষ্টা এক ছেকেণ্ডৰ বাবেও এৰি দিয়া নাই কিন্তু কোনো ধৰণৰ সফলতাৰ বাতৰি নোপোৱাৰ কথাটোৱে স্বাভাৱিকতে হতাশ আৰু দুখী কৰি তুলিছে দেশবাসীক।

 

নাছা হৈছে সহযোগী


ইছৰ’ৰ এই দুঃসময়ৰ সংগী হ’বলৈ আগবাঢ়ি আহিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা 'নাছা’( NASA- National Aeronautics and Space Administration )৷ বিক্ৰমৰ সৈতে সংযোগ স্থাপন কৰিবলৈ নাছাৰ ৰ’কেট অধ্যয়নৰ প্ৰয়োগশালা আৰু অন্তৰীক্ষত গৱেষণা কৰা নেটৱৰ্কৰ সহায়ত প্ৰচেষ্টা চলোৱা হৈছে৷ সংযোগ বিছিন্ন বিক্ৰমক বিচাৰি উলিয়াবলৈ নাছাই Deep Space Network- অৰ্থাৎ DSNৰ জৰিয়তে ৰেডিঅ’ ছিগনেল প্ৰেৰণ কৰিছে৷ কিন্তু কোনোধৰণৰ উত্তৰ লাভ কৰা নাই বিক্ৰমৰ পৰা৷ যদি লেণ্ডাৰ বিক্ৰমে ৰেডিঅ’ৰ ছিগনেলৰ প্ৰতি সঁহাৰি জনায় তেন্তে সন্ধানহীন বিক্ৰমৰ সৈতে ইছৰ’ই সংযোগ স্থাপন কৰিব পাৰিব৷  উল্লেখ্য যে চন্দ্ৰক প্ৰদক্ষিণ কৰি থকা চন্দ্ৰযানৰ অৰ্বিটাৰে ইতিমধ্যে এই ৰেডিঅ’ ছিগনেলৰ প্ৰতি সঁহাৰি জনাইছে৷

 

নাছাৰ DSN ষ্টেছন আছে আমেৰিকাৰ দক্ষিণ কেলিফৰ্ণিয়া, স্পেইনৰ মাদ্ৰিদত আৰু অষ্ট্ৰেলিয়াৰ কেনবেৰাত৷ তিনিওটা ষ্টেছন ইটোৱে সিটোৰ পৰা ১২০ ডিগ্ৰী কোণত অৱস্থিত৷ এই ষ্টেছন কেইটা মহাকাশত থকা যিকোনো ছেটেলাইটৰ সৈতে সম্পৰ্ক আৰু সংযোগ স্থাপন কৰিব পৰাকৈ ক্ষমতাশালী৷ ষ্টেছন কেইটাত আছে চাৰিখনকৈ এণ্টেনা আৰু কেউখনেই ২৫-৭০ মিটাৰ ক্ষেত্ৰফলত ব্যাপ্ত হৈ আছে৷ এণ্টেনা কেইখনৰ একেসময়তে কেইবাটাও ছেটেলাইটৰ সৈতে সংযোগ ঘটাব পৰা ক্ষমতা আছে৷ 

 

চন্দ্ৰত আগৰে পৰা থকা নাছাৰ এটা ছেটেলাইটে সেই স্থানলৈকে গতি কৰিব য’ত বিক্ৰমৰ লেণ্ডিং হৈছিল৷ ইয়াৰ পাছত সেই স্থানৰ আগৰ আৰু পাছৰ ফটো নাছাই ইছৰ’ক দেখুৱাব যাতে ইছ’ৰৰ চন্দ্ৰযান অভিযান সফল হোৱাত সহায় হয়৷  DSN-এ লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ এইখিনিতে উনুকিয়াই থব পাৰি যে ২০০৮ চনত ভাৰতে চলোৱা প্ৰথমটো চন্দ্ৰ অভিযানৰ যান চন্দ্ৰযান-১ৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ পিছতো নাছাই তাৰ সন্ধান অব্যাহত ৰাখি সন্ধান উলিয়াবলৈ সমৰ্থ হৈছিল।

 

১৪ দিনৰ দিন আৰু ১৪ দিনৰ ৰাতি

 

ইছৰ’ই প্ৰেৰণ কৰা চন্দ্ৰযানৰ অৰ্বিটাৰৰ পৰা পৃথক হৈ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত প্ৰৱেশ কৰে যদিও লেণ্ডিঙৰ বাবে ২.১ কিলোমিটাৰ বাকী থকা অৱস্থাত সংযোগ বিছিন্ন ঘটে ইছৰ’ৰ সৈতে৷ বিক্ৰমৰ পেটৰ ভিতৰতে সোমাই আছিল ৰ’ভাৰ প্ৰজ্ঞান৷ কথা আছিল বিক্ৰমে লেণ্ডিং কৰিব আৰু তাৰ প্ৰায় তিনি ঘণ্টাৰ ভিতৰত বিক্ৰমৰ পেটৰ পৰা ওলাই প্ৰজ্ঞানে চন্দ্ৰত ১৪ দিনলৈকে নিজৰ গৱেষণাৰ কাম আৰম্ভ কৰিব৷ কিন্তু তেনেকুৱা নহ’ল৷ 

 

উল্লেখ্য যে চন্দ্ৰত ১৪ দিন দিন আৰু ১৪ দিন ৰাতি হৈ থাকে৷ বিক্ৰম আৰু প্ৰজ্ঞানে কাম সমাপন কৰিব লাগিব ১৪ দিনৰ দিনৰ ভাগতে৷ চন্দ্ৰত ১৪ দিনৰ দিনৰ সময়ছোৱা সম্পূৰ্ণ হ’ব ২১ ছেপ্তেম্বৰত৷  ইয়াৰ পাছৰ পৰা চন্দ্ৰত ১৪ দিনলৈকে ৰাতি আৰম্ভ হ’ব৷ এই ৰাতি হৈ থকাৰ সময়ছোৱাত চন্দ্ৰত পৰিব অতিপাত হিমশীতল ঠাণ্ডা৷ চন্দ্ৰৰ ঠাণ্ডা সহিব পৰাকৈ বিক্ৰম আৰু প্ৰজ্ঞানক নিৰ্মাণ কৰা হোৱা নাই৷ এতিয়া বাকী আছে আৰু ৭ দিন৷ এই ৭ দিনৰ ভিতৰত লেণ্ডাৰ বিক্ৰমৰ সৈতে ইছৰ’ই সংযোগ স্থাপন কৰিব নোৱাৰিলে চন্দ্ৰ অভিযানৰ সকলো সপোন, আশা, আকাংক্ষা ধূলিস্যাৎ হৈ পৰিব৷ এতিয়া দেশবাসীৰ অপেক্ষা মাথো এক ইতিবাচক খবৰলৈ!

 


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us