newsnextone.com । শিৱসাগৰঃ অসম তথা সমগ্ৰ উত্তৰ-পূৱৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো ১৯৮৪ চনৰ পৰাই সমগ্ৰ ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উলহ-মালহেৰে পালন কৰা হৈ আহিছে।

তদুপলক্ষে শিৱসাগৰ জিলাৰ ৰংপুৰ জ্যোতি ক্লাৱতো সোমবাৰে পুৱা পতাকা উত্তোলনেৰে অভিৰুচি ক্ৰীড়া দিৱসৰ আৰম্ভণি কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি ৰংপুৰ জ্যোতি ক্লাৱে সমূহীয়া দৌৰৰ লগতে বিভিন্ন ধৰণৰ খেল-ধেমালীৰ আয়োজন কৰে।