মাৰ্চ মাহত হোৱা লকডাউনে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰে। কম দিনৰ ভিতৰতে হেজাৰ হেজাৰ লোক কৰ্মহীন হৈ পৰে। বহুসংখ্যকে কৰ্মস্থানৰ লগতে আশ্ৰয়স্থলো হেৰুৱায়। লকডাউনৰ সময়চোৱাত এনে কৰ্মহীন, অসহায় লোকৰ ওচৰত থিয় দিয়ে  পদাতিক নাৰী সমাজে আৰু প্ৰায় ২০০০ মানুহ বিভিন্ন ধৰণে সহায় কৰে। কিন্তু কিদৰে তেওঁলোকে সংকটৰ সময়তো  অজস্ৰ মানুহক সহায় কৰিবলৈ সক্ষম হ'ল! 

এটা ফেচবুক প'ষ্ট আৰু ৪ লাখৰো অধিক টকাৰ সাহায্য

পদাতিক নাৰী সমাজৰ এগৰাকী আহ্বায়ক পূজা নিৰালাই NNO ৰ সাংবাদিকৰ আগত কয়, 'আমি প্ৰথমে সামাজিক মাধ্যমত এটা পষ্ট দিছিলো শ্ৰমজীৱী লোকসকলৰ আৰ্থসামাজিক অৱস্থাক লৈ, লগতে জনাইছিলো আমি ৰাইজৰ সহাঁৰি পালে এইসকল লোকক সহায়ৰ হাত আগবঢ়োৱাৰ এক পদক্ষেপ গ্ৰহণ কৰিম।এই পষ্টটোত পোৱা সহাৰি, আমাৰ ওপৰত থকা ৰাইজৰ আস্থাই আমাক এই কামৰ বাবে আগ্ৰহী কৰি তুলিলে। এনেকৈ জনসাধৰণৰ পৰা পোৱা ৪,২১,৩৭৭ টকাৰ  বৰঙণিৰ লগতে আমাক সহায় কৰিবলৈ আগবাঢ়ি অহা সাতটা সংগঠন আৰু ১৫৭ গৰাকী দাতাক লৈ আমি খাটিখোৱা ২০০০ লোকক খাদ্য সাহায্য যোগান ধৰিবলৈ সক্ষম হ'লো।'  

কেৱল খাদ্য যোগান ধৰাই নহয় একাংশ কৰ্মহীন লোকক কৰ্মসংস্থাপনৰো দিহা কৰি দিয়া পদাতিক নাৰী সমাজে তেওঁলোকৰ  নিজা অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি কয়, 'এই সাহাজ্য জনসাধাৰনৰ মাজলৈ নিয়াত মেহজেবিন ৰহমান,ৰশ্মিৰেখা বৰাকে আদি কৰি কেইবাগৰাকীও কৰ্মীয়ে বিশেষভাৱে আগভাগ লৈছে।এই কামত আমি ভিন্ন অভিজ্ঞতা লভিলো। বেছিসংখ্যকেই খুব দুখজনক অভিজ্ঞতা। আমি পদে পদে অনুভৱ কৰিলো এইসকল লোকৰ দায়িত্ব যিকোনো প্ৰকাৰে চৰকাৰে গ্ৰহণ কৰিবই লাগিব। আমি এই দাবী কৰিছো আগলৈও কৰিম। এখন দেশৰ  প্ৰতিগৰাকী নাগৰিকৰ মৰ্য্যদাসম্পন্ন জীৱন নিৰ্বাহ কৰাৰ অধিকাৰ আছে। কিন্তু এই লকডাউনৰ সময়ছোৱাত আমাৰ শ্ৰমজীৱী মানুহৰ মৰ্যদা হানি   হৈছে। স্বেচ্ছাসেৱী সংগঠন আৰু অন্য অনুষ্ঠান বা ব্যক্তিয়ে যোগান ধৰা সাহায্যৰ বাবে  বাট চাব লগা হৈছে সাধাৰণ জনতাই। সাহায্য যোগানৰ কামটো বৰ মহান কাম বুলি নাভাৱো। এখন দেশৰ চৰকাৰ যেতিয়া অকৰ্মণ্য আৰু অকামিলা হৈ পৰে , তেতিয়াই একাংশ নাগৰিকৰ দায়িত্ব আন একাংশ লোকে ল'ব লগীয়া হয়। কিন্তু কল্যাণকামী দেশ এখন বাবে  এইটো ভাল লক্ষণ নহয়। প্ৰতিগৰাকী নাগৰিকৰ প্ৰাথমিক প্ৰয়োজন পূৰণ কৰাৰ লগতে মৰ্যদাপূৰ্ণ জীৱন -যাপনৰ ব্যৱস্থা কৰাটোও চৰকাৰৰেই দায়িত্ব। 

যোৱাটো বৰ্ষৰ ডিচেম্বৰ  মাহত ৪ গৰাকী উদ্যমী মহিলাৰ নিৰবচ্ছিন্ন প্ৰচেষ্ঠাত মহিলাৰ সমস্যাসমূহক লৈ মাত মতাৰ এখন মঞ্চ হিচাপে  পদাতিক নাৰী সমাজৰ জন্ম হৈছিল। পদাতিক নাৰী সমাজে মাত্ৰ ৪ মাহৰ ভিতৰতে বৃহৎ এখন মঞ্চলৈ পৰিবৰ্ধিত হ'ল। মাৰ্চ মাহত ঘোষণা কৰা লকডাউনত কৰ্মহীন হোৱা গুৱাহাটীৰ লগতে গোলাঘাট আৰু কৃষ্ণাইকে আদি কৰি কেইবাটাও অঞ্চলৰ প্ৰায় ২০০০ মানুহক সহায়ৰ হাত আগবঢ়াই চৰ্চালৈ আহিছে পদাতিক নাৰী সমাজ।  

কেনেদৰে কম সময়তে ঠন ধৰি উঠিল পদাতিক নাৰী সমাজ 

পদাতিক নাৰী সমাজ চৰ্চাৰ আওতালৈ অহাত একাংশই অসমত পুনৰ এক নতুন সংগঠনে ভুমুকি মাৰিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে।NNO ৰ সাংবাদিকৰ, পদাতিক নাৰী সমাজৰ  সৈতে যুক্ত এগৰাকী কৰ্মী 'মেহজেবিন ৰহমানৰ  বাৰ্তালাপত, তেওঁ জনাই পদাতিক নাৰী সমাজ কোনো সংগঠন নহয়। আমি এতিয়াও সাংগঠনিক ৰূপ দিয়া নাই।এইয়া এখন ৰাজহুৱা মঞ্চ। আমি ডিচেম্বৰ মাহতেই ইয়াৰ পৰিকল্পনা কৰিছিলো যদিও বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰাৰ বাবে মুষ্টিমেয় মানুহৰ মাজতে সীমাবদ্ধ আছিল। কিন্তু ৮ফেব্ৰুৱাৰী ২০২০ত আমাৰ প্ৰথমটো বৃহৎ কাৰ্যসূচী মহিলাৰ অধিকাৰ তথা সমস্যাসমূহ, সামাজিক সমস্যা, ৰাজনৈতিক বিভিন্ন সমস্যা, কা' আদি বহুকেইটা বিষয় সামৰি ৰাজভৱন যাত্ৰাত যিসকল লোকে অংশগ্ৰহণ কৰিছিল তেওঁলোককেই আমি পদাতিক নাৰী সমাজ বুলিছিলো। আমি প্ৰথম প্ৰচেষ্টাতে ৰাইজৰ সহাঁৰি লাভ কৰিলো। আনকি হীৰেণ গোহাঁই ছাৰৰ দৰে বুদ্ধিজীৱীয়েও আহি আমাৰ সৈতে অংশগ্ৰহণ কৰাটোৱে আমাক উৎসাহিত কৰি তুলিলে।

পদাতিক নাৰীসমাজ কেৱল মহিলাকেন্দ্ৰিক অনুষ্ঠান বুলি একাংশই ভুল কৰে বুলিও বিশিষ্ট সমাজকৰ্মী গৰাকীয়ে দোহাৰে। ই কেৱল মহিলা কেন্দ্ৰিকেই নহয়। শ্ৰমজীৱী মহিলাসকলৰ অধিকাৰ,সমস্যা ,সামাজিক মৰ্যদাক আমি বিশেষ গুৰুত্ব দিছো কাৰণ তেওঁলোক এতিয়াও বহু পিছপৰি আছে কিন্তু আমি কেৱল মহিলাকেন্দ্ৰিক কামকাজেই কৰিম বা কৰিছো এনে নহয়।আমি পুৰুষ,মহিলা, তৃতীয় লিংগ নিৰ্বিশেষে সমাজৰ উত্তৰণৰ স্বাৰ্থতকাঢ় কৰাৰ বাবে সংকল্পবদ্ধ।যিহেতু এইয়া জনসাধাৰণে সৃষ্টি কৰা  এখন মঞ্চ। বৰ্তমানো আমি কোনো সভাপতি, সম্পাদক সহিতে  সমিতি গঠন কৰা নাই। কৰণা মহামাৰীৰ এই জটিল সময়তো আমি কেৱল ৰাজহুৱা মঞ্চ হিচাঁপে ৰাইজৰ কাষত থিয় দিছো।'

কা আন্দোলনকাৰীৰ স্থিতিক  লৈ সৰব হৈ পৰা আহ্বায়ক গৰাকীয়ে কা' সন্দৰ্ভত নিজা স্থিতি এতিয়াও একে থকাৰ কথা প্ৰকাশ কৰি কয়, জাতিধ্বংসী আইনখন আমি এতিয়াও সম্পূৰ্ণ বিৰোধ কৰোঁ লগতে  শেহতীয়াভাৱে কৃষকসকলৰ বাবে অনা আইনখনেও শ্ৰমজীৱী মানুহকেই মাধমাৰ সোধাব। চৰকাৰৰ এই কৃষক-শ্ৰমিক বিৰোধী আইনৰ বিৰুদ্ধে দেশৰ সকলো নাগৰিককে একেলগে মাৰবান্ধি থিয় দিবলৈও NNO ৰ জৰিয়তে  আহ্বান জনায় আহ্বায়কগৰাকীয়ে।

ক্ষতিগ্ৰস্ত প্ৰতিগৰাকীলৈ ৮০০০ টকা  দিয়াৰ দাবী

লকডাউন, সাম্প্ৰতিক সংকট আৰু আমি' শীৰ্ষক অনুষ্ঠান আয়োজন কৰি পদাতিক নাৰী সমাজে ১৫৭গৰাকী দাতা ৰ লগতে গুৱাহাটী আৰ্টিষ্ট গীল্ডকে আদি কৰি সহায় আগবঢ়োৱা ৭ টাকৈ সংগঠনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। আহ্বায়কসকলে আলোচনাৰ মাজতে  বিজেপি চৰকাৰৰ জনবিৰোধী নীতি সমূহৰ বিৰোধিতা তথা  শ্ৰমিকসকলৰ অধিকাৰ খৰ্ব কৰা বিষয়টোত চৰকাৰক তীব্ৰ সমালোচনা কৰে। লকডাউনৰ সময়ছোৱাত  শ্ৰমিকসকলৰ প্ৰতি দায়িত্বহীনতাৰ পৰিচয় চৰকাৰখনে যাতে নিজকে বিবেচনা কৰি চাই লগতে তেওঁলোকে  শীঘ্ৰে যোৱা ৬ মাহে লকডাউনৰ ক্ষতিপূৰণৰ বাবে ক্ষতিপূৰণ হিচাপে প্ৰতিগৰাকী শ্ৰমিকক ৮০০০ টকাকৈ আদায় দিবলৈও দাবী উত্থাপন কৰে।