ডিজিটলে ডেস্কঃ বহু বিতৰ্কিত হিন্দী বোলছবি পদ্মাৱত নিষিদ্ধ কৰিবলৈ গৈ মুখথেকেচা খালে বিজেপি শাসিত চাৰি ৰাজ্যই৷ হাৰিয়ানা, গুজৰাট, মধ্য প্ৰদেশ আৰু ৰাজস্থান ৰাজ্য চৰকাৰে পদ্মাৱত বোলছবি খন নিষিদ্ধ কৰিছিল৷ উচ্চতম ন্যায়ালয়ে চাৰি ৰাজ্যৰ পৰা চৰকাৰৰ এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিয়ে৷ দেশৰ শীৰ্ষ আদালতে কয় য়ে, কোনো ৰাজ্যই বোলছবি নিষিদ্ধ কৰিব নোৱাৰে বুলি মন্তব্য দিয়ে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ, ন্যায়াধীশ এ এম খানউলকাৰ আৰু ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূৰৰ বেঞ্চে৷

সংবিধানৰ ১৯ নং দফা অনুসৰি চিনেমা হ’ল, ছবি নিৰ্মাতাৰ বাক স্বাধীনতাৰ অংগ বুলি দোহাৰে শীৰ্ষ আদালতে৷ যাৰ বাবে পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ পিটিচনৰ আৱেদন গ্ৰহণ কৰি ঐতিহাসিক ৰায় প্ৰদান কৰি চাৰি ৰাজ্যৰ পৰা পদ্মাৱতৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে শীৰ্ষ আদালতে৷ বোলছবি নিষিদ্ধ কৰাৰ ৰাজ্যৰ এক্তিয়াৰ আছে নে নাই ইয়াকে লৈ উচ্চতম ন্যায়ালয়ত প্ৰশ্ন উত্থাপন কৰিছিল পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে৷ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ এখন নিৰ্দেশনাৰ কথা উল্লেখ কৰি এই প্ৰশ্ন উত্থাপন কৰিছিল পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে৷

আইন-শৃংখলা জনিত কাৰণত কোনো এটা এলেকাত এখন ছবি নিষিদ্ধ কৰিব পাৰে যদিও সম্পূৰ্ণ নিষিদ্ধ কৰিব নোৱাৰে বুলি কৈছিল উচ্চতম ন্যায়ালয়ে৷ কিয়নো পৰিচালক পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ পদ্মাৱত পুনৰ ৪ খন ৰাজ্যই নিষিদ্ধ ঘোষণা কৰে৷ পুনৰ ৪ ৰাজ্যত নিষিদ্ধ হ’ল দীপিকাৰ পদ্মাৱত৷ বিজেপি শাসিত ৰাজ্যত নিষিদ্ধ হোৱাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে সঞ্জয় লীলা ভাঞ্চালীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে৷

উচ্চতম ন্যায়ালয়ে শুনানীৰ বাবে সন্মত হৈ বৃহস্পতিবাৰে উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বেঞ্চে শুনানী গ্ৰহণ কৰিব৷ বিতৰ্কিত বোলছবি খন পদ্মাৱতী নামেৰে পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে নিৰ্মাণ কৰিছিল যদিও বিতৰ্কৰ আৱৰ্তত সোমাই চেঞ্চৰবোৰ্ডে নাম সলনি কৰি পদ্মাৱত কৰে৷ ২৫ জানুৱাৰীত মুক্তি পোৱাৰ কথা আছিল বোলছবি খন৷ নাম সলনি কৰাৰ লগতে বিভিন্ন দৃশ্য কাটি দিয়া হয় বোল ছবি খনৰ পৰা৷ ছবি খন হাৰিয়ানা, গুজৰাট, মধ্য প্ৰদেশ আৰু ৰাজস্থানত নিষিদ্ধ কৰা হয়৷

উচ্চতম ন্যায়ালয়ত দাখিল কৰা পিটিচনত পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে চেঞ্চৰ বোৰ্ডৰ পৰামৰ্শ মতে ছবি খনৰ বহু সাল-সলনি কৰা বুলি কয়৷ আনকি নাম সলনি কৰাৰ পিছতো কি কৰাণত ছবি খন মুক্তি দিয়া নহ’ব তাক লৈ প্ৰশ্ন কৰে৷ ৩০ ডিচেম্বৰত ইউ-এ চাৰ্টিফিকেট পৰ্যন্ত প্ৰদান কৰিছিল চেঞ্চৰবোৰ্ডে৷ মঙলবাৰে হাৰিয়ানাকে তিনি ৰাজ্যত এই কথা ছবি খন নিষিদ্ধ কৰা হয়৷ বিতৰ্কই লগ এৰা নাই পদ্মাৱতীক৷

প্ৰথমে মুখ্য অভিনেত্ৰী দীপিকাক টুইটাৰ যোগে বিৰোধ তাৰ পিছত পদ্মাৱতী তথা অভিনেত্ৰী দীপিকা আৰু পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ মুৰৰ মূল্য ৫ কোটি টকা ঘোষণা কৰিছিল হাৰিয়ানাৰ এগৰাকী যুৱকে৷ তাৰ পিছত বিজেপিৰ নেতা সুৰজ পল অমুই অভিনেত্ৰী দীপিকা আৰু পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ মুৰৰ মূল্য দুগুণ কৰি ১০ কোটি টকালৈ বৃদ্ধি কৰে৷ যিয়ে তেওলোকৰ মুৰ-নাক কাটি আনিব তেওলোকক ১০ কোটি দিম বুলি ঘোষণা কৰিছিল৷

ৰাজপুত সেনাৰ এগৰাকী যুৱকে ৫ কোটি টকা ঘোষণা কৰিছিল৷ যুৱকজনক তেওক শুভেচ্ছা যাচে বিজেপিৰ নেতাগৰাকীয়ে৷ আনকি বিজেপি নেতা সুব্ৰমনিয়াম স্বামী আৰু যোগী আদিত্য নাথেও টুইট কৰে অভিনেত্ৰীৰ বিৰুদ্ধে৷ তাৰ পিছত আক্ৰমণৰ লক্ষ্য কৰি লয় ছবি খনৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীক৷ এগৰাকী লোকে হিন্দী বোলছবি খন বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে চূড়ান্ত সিন্ধান্তওঁ লয়।