newsnextone.com | ডিজিটেল ডেস্কঃ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ বুধবাৰে অনুষ্ঠিত হোৱা ২৭২ আসনৰ ভিতৰত ২১৮ খন আসনৰ ভোট গণনাৰ খবৰ আহিছে৷ পিটিআয়ে ১১৩ খন আসনত আগবাঢ়ি আছে৷ ইয়াৰ লগে লগে পিএমএল ৪৮ খন আসন, পিপিপি দলে ৩৩ খন আসনত আগবাঢ়ি আছে৷ ক্ৰিকটৰ পৰা ৰাজনীতিৰ পথাৰত ভৰি দিয়া পিটিআই দলৰ নেতা ইমৰাণ খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে৷

 দেশ শাসনৰ কৰাৰ দিশে আগবঢ়াৰ লগে লগে দেশৰ ভিতৰত সৰ্ববৃহৎ দল ৰূপে পৰিগণিত হ’বলৈ আগবাঢ়িছে পিটিআই৷ ইমৰাণ খানৰ ঘৰৰ চৌহদতো সুৰক্ষা ব্যৱস্থা বঢ়াই দিয়া হৈছে৷ ইতিমধ্য কাৰচী পূব আসনত ইমৰাণ খানে জয় লাভ কৰিছে৷ ইমৰাণ খানে ৫ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে৷ ৫ খন আসনতে আগবাঢ়ি আছে খান৷ 

প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ খানৰ তেহৰিক-ই-ইন্সাফ চমুকৈ পিটিআয়ে ১১৩ খন আসনত আগবাঢ়ি আছে। পাকিস্তান মুছলিম লীগে চমুকৈ পিএমএল ৪৮ খন আসনত আৰু পাকিস্তান পিপলছ পাৰ্টি চমুকৈ পিপিপি দলে ৩৪৩ খন আসনত আগবাঢ়ি আছে। ৰাজনৈতিৰ খবৰ ৰখা মহলে পাকিস্তানত প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ খানৰ তেহৰিক-ই-ইন্সাফ চমুকৈ পিটিআয়ে চৰকাৰ গঠন কৰাৰ আশংকা ব্যক্ত কৰিছে। সমগ্ৰ দেশত প্ৰায় সংখ্যাক আসনত আগবাঢ়ি আছে ইমৰাণৰ দলে।

ইয়াৰে বৰ্তমান শাসকীয় দল তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ দল পাকিস্তান মুছলিম লীগে পৰাজয় বৰণ কৰাটো একপ্ৰকাৰ নিশ্চিত হৈছে। আনহাতে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজিৰ ভুট্টোৰ দল তথা বৰ্তমান পুত্ৰ বিলাৱাল ভুট্টোৰ নেতৃত্বত চলা পাকিস্তান পিপলছ পাৰ্টি চমুকৈ পিপিপি দলেহে ইমৰান খানৰ দলক প্ৰত্যাহ্বান জনােৱা পৰিলক্ষিত হৈছে।

বুধবাৰে পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোটদান সন্ধিয়া ৬ বজাত সমাপ্ত হয়। ৬ বজাত ভোটদান সমাপ্ত হোৱাৰ পিছতে প্ৰায় ১ ঘণ্টা পলমকৈ ভোটগণনা আৰম্ভ হয়। আনহাতে পিটিআইৰ আন এজন নেতা গোলাম চাৰৱাৰ, মহম্মদ চাফিক, আমিৰ মোকাম আগবাঢ়ি আছে। পাকিস্তানৰ মিডিয়াৰ খবৰ মতে পিটিআয়ে দেশৰ বিভিন্ন প্ৰান্তত প্ৰথম ৰাউণ্ডৰ ভোট গণনাৰ পিছৰে পৰা বৃহৎ সংখ্যাক ভোটত আগবাঢ়িছে পিটিআিৰ প্ৰাৰ্থী।  

বুধবাৰে পুৱাৰে পৰা ভোটাৰে ঘৰৰ পৰা ওলাই আহি ভোট দিবৰ বাবে লাইনত থিয় দিয়া পৰিলক্ষিত হৈছিল পাকিস্তানৰ জনগণ। ভোটদান পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হৈছে আৰু সন্ধিয়া ৬ বজাত ভোটদান সমাপ্ত হ'ব। ইয়াৰ সাধাৰণ নিৰ্বাচনৰ লগতে চাৰিখন ৰাজ্যৰো ভোটদান অনুষ্ঠিত হৈছে। বলুচিস্তান, সিন্ধে, আৰু খৈবৰ পখতুনখা, পঞ্জাৱ চাৰিখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈছে। চাৰি ৰাজ্যত ১০ কোটি মানুহে ভোটাৰে ভোটদান কৰিব। 

পাকিস্তান নেচনেল এচেম্বলিৰ মুঠ ৩৪২ খন আসন আৰু ইয়াৰে ২৭২ খন আসনত নিৰ্বাচন অনুষ্ঠিত হয়। ২৭২ খন আসনৰ ভিতৰত ৬০ খন মহিলাৰ বাবে সংৰক্ষিত আৰু ১০ খন সংখ্যালঘূৰ বাবে সংৰক্ষিত।নেচনেল এচেম্বলিৰ নিৰ্বাচনত ১৭১ গৰাকী মহিলাই প্ৰতিদ্বন্দ্বিতা কৰিছে।

১১০ ৰাজনৈতিক দলে ৩,৬৭৫ প্ৰাৰ্থী থিয় কৰাইছে নিৰ্বাচনত। ইয়াৰ পূৰ্বে ২০১৩ চনত এনেদৰে নিৰ্বাচন অনুষ্ঠিত কৰিছিল আৰু সুস্থ চৰকাৰ গঠন হৈছিল। বাৰে বাৰে পাকিস্তানত ক্ষমতাৰ অপব্যৱহাৰ কৰি শাসনৰ গাদী দখল কৰা হৈছিল। ৬ বজাত ভোটদান সমাপ্ত হোৱাৰ লগে লগেই ভোট গণনা আৰম্ভ হয়।