নতুন দিল্লীঃ পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰীৰ সন্দেহ, পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত সঁচাকৈ পাকিস্তানৰ মাটিত থকা জইছ-ই-মহম্মদ জড়িত হয় নে নহয়! এই আক্ৰমণত ৪২ জন চি আৰ পি এফ জোৱান ছহিদ হৈছিল আৰু জইছ-ই-মহম্মদে ইয়াৰ দায়িত্ব স্বীকাৰ কৰিছিল।

ইয়াৰ পাছতো চুবুৰীয়া দেশখনৰ তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী ফাৱাদ চৌধুৰীয়ে 'দ্যা ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত কয় যে জইছ-ই-মহম্মদৰ দৰে সংগঠনসমূহ বৰ্তমান মৃতপ্ৰায় অৱস্থাত আছে, সেয়ে এই সংগঠনটোৰ এনেধৰণৰ আক্ৰমণ কৰিব পৰা সক্ষমতা আছে বুলি তেওঁৰ ভীষণ সন্দেহ আছে। তেওঁ লগতে কয় যে এই সংগঠনসমূহ পাক চৰকাৰৰ সুদৃঢ় নিয়ন্ত্ৰণৰ অধীনত আছে।

পাকিস্তানৰ ইমৰাণ খান চৰকাৰৰ লগত এই 'বিদ্ৰোহী’ সংগঠনসমূহে 'অতি ঘনিষ্ঠ’ সম্পৰ্ক ৰক্ষা কৰি আছে বুলি মন্ত্ৰীজনে দাবী কৰে আৰু চৰকাৰৰ শান্তি প্ৰক্ৰিয়াত এই সংগঠনসমূহে পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে বুলিও তেওঁ দৃঢ়তাৰে বিশ্বাস কৰে বুলি মন্তব্য কৰে।

এই আক্ৰমণে ভাৰত আৰু পাকিস্তানৰ শান্তি আলোচনা নিবিচৰা শক্তিটোক অধিক শক্তিশালী কৰিলে বুলি কৈ ভাৰতৰ লগত দেশখনে সম্পৰ্ক স্বাভাৱিক হোৱাটো বিচাৰে বুলি চৌধুৰীয়ে প্ৰকাশ কৰে। 'আমি এক অৰ্থনৈতিক সংকটৰপৰা উদ্ধাৰ হৈছোঁহে মাত্ৰ, আৰু এই ঘটনাৰ বাবে আৰু অধিক বেয়া সময় আমি বাঞ্ছা কৰা নাই,’-- এনেদৰে কয় চুবুৰীয়া দেশখনৰ মন্ত্ৰীজনে।

ইফালে, পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে পুলৱামা আক্ৰমণ সন্দৰ্ভত কয় যে যদি ভাৰতে এই আক্ৰমণত পাক সন্ত্ৰাসবাদী জড়িত থকাৰ তথ্য দিয়ে তেন্তে দেশখনে ভাৰতৰ সৈতে তদন্তত পূৰ্ণ সহযোগিতা আগবঢ়াব।