গুৱাহাটীঃ বুধবাৰে নিশা ড্ৰাগছ মাফিয়া পাখি মিঞাক গুৱাহাটীৰ মাজ মাজিয়াৰ ভেটাপাৰত গুলায়াই হত্যাৰ চেষ্টা কৰে। মহানগৰ আৰক্ষীয়ে ব্যক্তিগত আক্ৰোশ পূৰণ তথা শত্ৰুতাৰ বাবেহে পাখিক আক্ৰমণ কৰা বুলি কয়। আনহাতে বৰ্তমানেও কোনো লোকক আটক কৰিব পৰা নাই। ছাত্ৰী শ্বেতা হত্যা কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে পুনৰ গুলী চালনাৰ দৰে আন এক ঘটনা সংঘটিত হ’য় মহানগৰীত৷ সেনা-আৰক্ষীয়ে গিজ গিজাই থকা গুৱাহাটী মহানগৰীৰ ভেটাপাৰাৰ হকী ষ্টেডিয়ামৰ সমীপত বুধবাৰে নিশা ড্ৰাগছ মাফিয়া পাখি মিঞাক গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰে৷

জানিব পৰা মতে, এখন জিপছীত উঠি আহি থকা অৱস্থাত হকী ষ্টেডিয়ামৰ সমীপত বাইকত অহা দুজন দুৰ্বত্তই নিচেই ওচৰৰ পৰা গুলীচলনা কৰে৷ গুলীৰ চালনাৰ ফলত পাখি উঠি অহা গাড়ী খন ৰৈ দিয়ে যদিও বাইকত অহা দুৰ্বত্তই পলায়ণ কৰে৷ হত্যা চেষ্টাৰ কৰি গুলী চালনা কৰিছিল যদিও হাতত গুলী লাগি কথমপি প্ৰাণৰক্ষা পৰে পাখিৰ৷

উক্ত সময়ত পাখিৰ সৈতে আব্দুল গণি চৌধুৰী নামৰ লোক এজন আছিল যদিও তেওৰ দেহত গুলী লগা নাই বুলি জানিব পৰা গৈছে৷ আনহাতে পাখি মিঞাৰ গাড়ী পিছে পিছে অহা আন এখন গাড়ীতো গুলী লাগে৷ পাখিক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে৷