ডিজিটেল ডেস্কঃ ইছলামাবাদৰপৰা লণ্ডন অভিমুখে যাত্ৰা কৰা এখন ফ্লাইটৰ জেষ্ঠ্য পাইলট এজনে উৰণৰ সময়তে শুই গ’ল ফ্লাইটত। অলপমান জিৰণি ল’ম বুলি আমীৰ আখটাৰ হাছিমিয়ে প্ৰশিক্ষণৰত পাইলট এজনৰ হাতত উৰণৰ দায়িত্ব গতাই বিজনেচ ক্লাচত আহি শুই পৰে। কঁকাল পোনাবলৈ গৈ ককপিট এৰি হাছিমিয়ে আঢ়ৈ ঘণ্টা শুই পৰে। 

এই ঘটনা এপ্ৰিল মাহৰ ২৬ তাৰিখেই ঘটে যদিও ছ’চিয়েল মিডিয়া যোগেহে ঘটনাটো পোহৰলৈ আহে। গুৰু দায়িত্বত থকা পাকিস্তান ইণ্টাৰনেশ্যনেল এয়াৰলাইনচৰ এই পাইলটজনে এনেদৰে নিহপালি দি শুই থকা দেখি যাত্ৰী এজনে ফটো তুলি ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰাৰ লগে লগে ভাইৰেল হৈ পৰে ফটোখন।

যাত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কৰ্তৃপক্ষক এটি অভিযোগো দাখিল কৰে যদিও পাকিস্তান এয়াৰলাইনচ পাইলট এছ’চিয়েশ্যনৰ প্ৰাক্তন সচিবগৰাকীৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ সাহস কৰা নাছিল পিআইএয়ে।