চুৱুৰীয়া দুই এখন দেশক বাদ দিলে বিদেশ ভ্ৰমণৰ বাবে আগ্ৰহী প্ৰতিজন ভাৰতীয় নাগৰিকৰ বাবে পাচপৰ্ট বা পাৰপত্ৰ অপৰিহাৰ্য।তদুপৰি পাৰপত্ৰ কেৱল মাত্ৰ এখন ভ্ৰমণ নথি নহয়, ই হৈছে এগৰাকী নাগৰিকৰ শীৰ্ষস্হানীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ।

অৱশ্যে যি কোনো লোকৰ বাবে এখন ভাৰতীয় পাৰপত্ৰ লাভ কৰাটো বৰ সহজ প্ৰক্ৰিয়া নহয়। কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এগৰাকী আৱেদনকাৰীৰ বিষয়ে চৰজমিন তদন্ত কৰি নিশ্চিত হলেহে কোনো লোকক পাৰপত্ৰ প্ৰদান কৰে। এই তদন্ত প্ৰক্ৰিয়াটোত আৱেদনকাৰীৰ স্হানীয় আৰক্ষী থানা আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে।
এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে স্বয়ংক্ৰিয় আৰু ইয়াক নিখুত আৰু নিয়াৰিকৈ কৰিবৰ বাবে বৈদেশিক মন্ত্ৰালয়ে কিছুমান "পাছপৰ্ট সেৱা কেন্দ্ৰ" গঠন কৰি দিছে। অতি অত্যাধুনিক সা সুবিধা যুক্ত এই কেন্দ্ৰ সমুহত বিশ্বমানৰ সেৱা প্ৰদান কৰে দেশৰ অগ্ৰণী তথ্য প্ৰযুক্তি প্ৰতিস্হাণ Tata Consultancy Services য়ে।

অতি শেহতীয়া ভাৱে বৈদেশিক পৰিক্ৰমা মন্ত্ৰলয়ে পাৰপত্ৰ জাৰি কৰাৰ নিয়মাৱলী সমুহলৈ কিছু শিথিলতা আনিছে যাৰ ফলস্বৰুপে যিসকল ভাৰতীয় নাগৰিকে অদুৰ ভৱিষ্যতে পাৰপত্ৰ আৱেদন কৰিব তেওঁলোকলৈ এই নতুন নিয়মে কিছু সকাহ কঢ়িয়াই আনিব।

সংশোধিত নিয়মাৱলীঃ

ক) জন্মৰ তাৰিখ- যি সমুহ ভাৰতীয় নাগৰিকৰ জন্ম ১৯৮৯ চনৰ ২৬ জানুৱাৰীৰ পিছত তেওঁলোকে পাৰপত্ৰ আৱেদনত জন্মৰ প্ৰমান পত্ৰ গাঠি দিয়াটো আছিল বাধ্যতামুলক, এতিয়া এই নিয়মৰ সৰলীকৰণ কৰি তলৰ যিকোনো এবিধ নথিকেই মান্যতা প্ৰদান কৰা হৈছে-
স্বীকৃতিপ্ৰাপ্ত কোনো ৰাজ্যিক বৰ্ডে প্ৰদান কৰা শিক্ষান্ত পৰীক্ষাৰ প্ৰমান পত্ৰ,পান কাৰ্ড, আধাৰ কাৰ্ড, চৰকাৰী চাকৰিয়ালৰ চাৰ্ভিচ ৰেকৰ্ড, অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন অৰ্ডাৰ, গাড়ী চালকৰ অনুজ্ঞা পত্ৰ,ভোটাৰ পৰিচয় পত্ৰ, জীৱন বীমাৰ পলিচি।
খ) পূৰ্বতে পাৰপত্ৰ আৱেদনত পিতৃ মাতৃ দুয়োজনৰে নাম উল্লেখ কৰাটো আছিল বাধ্যতামুলক এতিয়া এই নিয়মৰ সৰলীকৰণ কৰি দুইজনৰ মাজৰ যিকোনা এজন অথবা আইনী অভিভাৱকৰ নাম দিলেই যথেষ্ট। অন্যহাতে সাধু সন্ন্যাসী সকলে পাৰপত্ৰ আৱেদন কৰিলে তেওঁলোকৰ গুৰুৰ নাম উল্লেখ কৰিলেই যথেষ্ট।অৱশ্যে এই গুৰুৰ নাম পুৰ্ৱৰ যিকোনো এখন চৰকাৰী নথিত নথিভুক্ত থাকিব লাগিব।
গ) পূৰ্বৰ ১৫ খন পৰিশিষ্ট ৰ তুলনাত এতিয়া মাথো ৯ খন কৰা হৈছে যাৰ অৰ্থ হল কম পৰিশিষ্ট মানে কম নথি পত্ৰ। 
ঘ)বিবাহৰ প্ৰমান পত্ৰ এতিয়া বাধ্যতামুলক নহয় আনহাতে বিবাহ বিচ্চেদিত পুৰুষ মহিলাইও তেওঁলোকৰ পুৰ্বৰ স্বামী অথবা পত্নীৰ নাম উল্লেখ কৰাটো বাধ্যতামুলক নহয়। ব্যক্তি স্বাধীনতা ৰক্ষাৰ ক্ষেত্ৰত ই এটা বৈপ্লৱিক পৰিবৰ্তন।

মুঠৰ ওপৰত পাৰপত্ৰ লাভ কৰাৰ বাবে সামগ্ৰিক ভাৱে বৈদেশিক মন্ত্ৰালয়ৰ ই এটা বৈপ্লৱিক পৰিৱৰ্তন যি নেকি এগৰাকী ভাৰতীয় নাগৰিক হিচাপে পাৰপত্ৰ লাভৰ অধিকাৰ ভোগৰ ক্ষেত্ৰত নাগৰিকসকলক সহায় কৰিব।