বিহালীঃ অৱসৰপ্ৰাপ্ত লোকে পেঞ্চন লাভ কৰে যদিও বিশ্বনাথ জিলাৰ এগৰাকী শিক্ষকে অৱসৰ লাভ কৰাৰ  পিছতো পালে ৫২ হাজাৰ টকা দৰমহা৷ বিশ্বনাথ জিলাৰ বিহালী শিক্ষা খণ্ডত সংঘটিত হৈছে এই ঘটনা৷ চলিত মাহত শিক্ষকৰ মাহেকীয়া দৰমহা প্ৰদানৰ সময়তে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ একাউন্টত সোমাল এই ধন৷

অমৰ দাহাল নামৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ একাউন্টত চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ দৰমহাৰ বাবদ ৫২৭৯১ টকাৰ দৰমহা সোমাই৷ ২৭২ নম্বৰ বিলযোগে এই ধন একাউন্টত সোমাই অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ৷ এই ঘটনা পোহৰলৈ অহাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি কৰে অঞ্চলটোত।

অমৰ দাহাল নামৰ লোকজনে শ'লমাৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ তেও যোৱা ৩১ অক্টোবৰত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। কাৰ ভূলৰ বাবে এই ঘটনা সংঘটিত হ’ল এই কথা এতিয়ালৈ জানিব পৰা হোৱা নাই৷