ডিজিটেল ডেস্কঃ আন্তৰাষ্ট্ৰীয় বজাৰৰ তাৰতম্যৰ বাবে পেট্ৰল-ডিজেলৰ দাম কমা বুলি ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনে এক বিবৃতিযোগে প্ৰকাশ কৰিছে। মঙলবাৰৰপৰা কাৰ্যকৰী হোৱাকৈ কৰা এই ঘোষণা মতে পেট্ৰলৰ দাম প্ৰতি লিটাৰত ২.১৬ টকা আৰু ডিজেলৰ দাম ২.১০ টকা হ্ৰাস পাইছে। 

ইন্ধনৰ দাম ইয়াৰ আগেয়ে ৩০ এপ্ৰিলত সংশোধিত কৰা হৈছিল য’ত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৪৪ পইছা বাঢ়িছিল আৰু ডিজেলৰ বাঢ়িছিল ১ পইছাকৈ। দেশৰ সৰ্ববৃহৎ খুচুৰা বিক্ৰেতা কোম্পানীটোৱে সোমবাৰে নিশা এই বিবৃতি জাৰি কৰিছে।