ডিজিটেল ডেস্কঃ পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে দেশত নতুন ৰেকৰ্ড গঢ়িলে৷ ইয়াৰ পূৰ্বে পেট্ৰল আৰু ডিজেল ইমান মূল্যত বিত্ৰী হোৱা নাছিল দেশত৷ বিগত সময়ৰ ভিতৰত পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে সকলো সীমা অতিক্ৰম কৰে৷ 

দেওবাৰে পুৱাৰে পৰা প্ৰতি লিটাৰ ৭৪ টকা ৪০ পইচাকৈ বিক্ৰী হৈ আছে৷ আনহাতে পেট্ৰলৰ মূল্যতকৈ অলপ তলতে ডিজেল প্ৰতি লিটাৰত ৬৫ টকা ৬৫ পইচাকৈ বিক্ৰী হৈ আছে৷ শনিবাৰে প্ৰতি লিটাৰ পেট্ৰল-ডিজেলত ১৫ পইচাকৈ আৰু দেওবাৰ পুৱাৰে পৰা প্ৰতি লিটাৰ পেট্ৰল-ডিজেলত ১৯ পইচাকৈ বৃদ্ধি হয়৷ 

যাৰ ফলত দৰিদ্ৰ, শ্ৰমিক, খেতিয়ক, মধ্যবৃত্তই মূৰে-কপালে হাত দিব লগা হৈছে৷ দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, গুৱাহাটীত দেওবাৰে পুৱাৰে পৰা প্ৰতি লিটা পেট্ৰলত ৭৪ টকা ৪০ পইচাকৈ বিক্ৰী হৈ আছে৷ আনহাতে পেট্ৰলৰ মূল্যতকৈ অলপ তলতে ডিজেল প্ৰতি লিটাৰত ৬৫ টকা ৬৫ পইচাকৈ বিক্ৰী হৈ আছে৷ 

দক্ষিণ এছিয়াৰ ভিতৰত ভাৰততে এতিয়া পেট্ৰল-ডিজেল দাম সৰ্বাধিক৷ বিশ্বৰ বজাৰৰ দোহাই দি দাম বৃদ্ধি হোৱা বুলি তৈল সংস্থা সমূহে কব বিচাৰে৷ ২০১৬ চনৰ পৰাই তেলৰ শুল্কও বৃদ্ধি কৰা হয়৷ আনহাতে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’ল ৭৬.৪৯ টকা আৰু প্ৰতিলিটাৰ ডিজেল ৬৮.৫৩ টকা বিক্ৰী হোৱা পৰিলক্ষিত হয়৷