ডিজিটেল ৰিপ'ৰ্টঃ নিজম পৰিল ম’হঘূলি চাপৰি। বাপতি সাহোন পৰম্পৰাৰে ঐতিহ্যমণ্ডিত চাৰিকড়ীয়া নৈৰ পাৰত অনুষ্ঠিত হোৱা ফাটবিহু উৎসৱৰ আজি সামৰণি পৰে।

সামৰণি অনুষ্ঠানৰ দিনা জনসমুদ্ৰত পৰিণত হয় চাৰিকড়ীয়াৰ পাৰ। জাতি-জনগোষ্ঠীৰ সমন্বয়-সম্প্ৰীতিৰে উদ্ভাসিত ফাটবিহুক লৈ যোৱা দুদিনৰ দৰে দেওবাৰেও সমগ্ৰ ঢকুৱাখনাতে পৰিলক্ষিত হয় উদুলি-মুদুলি পৰিৱেশ।

কাৰ্যসূচী অনুযায়ী আজি পুৱা ১০ বজাত ফাটবিহুৰ অতিকে আকৰ্ষণীয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈয়ে। এই শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে।  

ইয়াৰ পিছতে অনুষ্ঠিত হয় ফাটবিহুৰ মুখ্য আকৰ্ষণ শাৰী শাৰী চিচুগছৰ তলত মুকলি বিহু প্ৰতিযোগিতা। বিহু প্ৰতিযোগিতাৰ পিছতে আৰম্ভ হয় মুকলি সভা।  ফাটবিহুৰ সভাপতি প্ৰদীপ চমুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভা উদ্বোধন কৰে লখিমপুৰৰ উপায়ুক্ত বৰুন ভূঞাই।

মুকলি অধিৱেশনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সচিব-দেৱ প্ৰসাদ মিশ্ৰ আৰু অসম মাধ্যমিক শিক্ষা পৰিষদৰ সচিব কমলজ্যোতি গগৈয়ে।

অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে সাহিত্যিক মনজিৎ সিং আৰু আমন্ত্ৰিত অতিথিৰূপে সাংস্কৃতিক কৰ্মী দয়াল কৃষ্ণ নাথৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে ১২ মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছিল ঐতিহ্যমণ্ডিত ফাট বিহু।