newsnextone.com | ডিজিটেল ডেস্কঃ ২৪ ঘণ্টাত ৩ লাখ ফ’লৱাৰ কমিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ৷ @narendramodi আৰু @PMOIndia নামেৰে থকা টুইটাৰ একাউণ্টৰ পৰা ফ’লৱাৰ কমে৷ ৪ কোটি ৩১ লাখ হৈ পৰে ফ’লৱাৰ৷ টুইটাৰট নৰেন্দ্ৰ মোডী বৰ্তমান ভাৰতবৰ্ষৰ সকলোতকৈ জনপ্ৰিয় ব্যক্তি৷ কোনো ভাৰতীয়ৰ ইমান ফ’লৱাৰ নাই৷ প্ৰশ্ন উত্থাপন হৈছে মোডীয়ে পূৰ্বৰ জনপ্ৰিয়তা হেৰাইছে নেকি? দুয়োটা একাউণ্ট মিলি ৩ লাখ ফ’লৱাৰ কমি অহাৰ পিছতে এই প্ৰশ্ন উত্থাপন হৈছে৷

বিগত কেইবাটাও দিনত ছ’চিয়েল মিডিয়াত কেইবাগৰাকী ভাৰতীয় ৰাজনীতিবিদৰ জনপ্ৰিয়তা কমিছে৷ বিশেষকৈ টুইটাৰত ফ’লৱাৰ কমিছে কেইবাগৰাকী ৰাজনেতাৰ৷ তাৰ কাৰণ হৈছে টুইটাৰে বিগত দিনত ভুৱা একাউণ্ট বন্ধ কৰাৰ বাবে চলোৱা অভিযানত ভাৰতৰ লাখ লাখ ভুৱা একাউণ্ট বন্ধ কৰি দিয়াত ক্ৰমান্বয়ে ভাৰতৰ ৰাজনেতাৰ ফ’লৱাৰ কমি আহিছে৷ লাখ লাখ একাউণ্ট ডিলিট কৰাৰ ফলত টুইটাৰত ভূমিকম্পৰ সৃষ্টি হয়৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় বিগত নিৰ্বাচনত ভুৱা একাউণ্টে বিশেষ প্ৰভাৱ পেলাইছিল৷ 

শুকুৰবাৰলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৩ লাখ, বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ ৭৪,১৩২ ফ’লৱাৰ কমি আহে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৯২ হাজাৰ ফ’লৱাৰ কমি আহে৷ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ ১৭ হাজাৰ, অখিলেশ যাদৱৰ ২২ হাজাৰ, অমিত শ্বাহৰ ৩৩ হাজাৰ, অৰুণ জেটলিৰ ৫১ হাজাৰ ফ’লৱাৰ কমে৷
 

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত চলোৱা ভুৱা খবৰৰ জৰিয়তে অসম, মহাৰাষ্ট্ৰ আৰু দেশৰ আন আন প্ৰান্তত শিশু চুৰিৰ অপৰাধত কেইবাগৰাকী লোকে মৃত্যুক আকোৱালি ল’ব লগা হোৱাত চৰকাৰে ছ’চিয়েল মিডিয়াৰ ছাইট সমূহক ভুৱা খবৰ বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল৷ তাৰ পিছতে সষ্টম হৈ পৰে ছ’চিয়েল মিডিয়া ছাইট সমূহ৷ টুইটাৰে ভৰষাপূৰ্ণ আৰু সঁচা একাউণ্টৰ বাহিৰে ভুৱা একাউণ্ট ডিলিট কৰাৰ ব্যৱস্থা কৰিছে৷ 

ইতিমধ্যে ভাৰতৰ লাখ লাখ ভুৱা একাউণ্ট ডিলিট কৰি পেলাইছে টুইটাৰে৷ যাৰ ফলত ভাৰতত টুইটাৰ ব্যৱহাৰকাৰীৰ সংখ্যা দ্ৰুত গতিত কমি আহে৷ একাংশ লোকে যোৱা কেইবাটাও বছৰত টুইটাৰৰ জৰিয়তে ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা কৰা বুলি প্ৰচাৰ হৈ আহিছিল৷ ইমানে নহয় একাংশ লোকে ভুৱা একাউণ্টৰ জৰিয়তে নিজৰ ব্যৱসায়ৰ জনিপ্ৰয়তা, ব্যক্তিগত কেৰিয়াৰৰ প্ৰচাৰ কৰাৰ বাবেও এনে একাউণ্টৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷

ছ’চিয়েল ছাইটত প্ৰচাৰ হোৱা ভুৱা খবৰ ৰোধ কৰাৰ বাবে একাউণ্ট ডিলিট কৰাৰ লগে লগে ভাৰতৰ নেতাৰ জনপ্ৰিয়তা কমিবলৈ ধৰে৷