নতুন দিল্লীঃ কৰ’না ভাইৰাছক লৈ বিশ্বৰ ভিন্ন প্ৰান্তৰ দেশসমূহৰ লগতে উদ্বিগ্ন হৈ পৰিছে ভাৰতো। কিন্তু এতিয়াও বহুতেই  'লকডাউন'ক গুৰুত্ব সহকাৰে লোৱা নাই বুলি ধাৰণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেওবাৰে আহ্বান জনোৱা 'জনতা কাৰ্ফিউ’ত ঠায়ে ঠায়ে উদ্ভৱ হোৱা পৰিস্থিতিৰ কথা জানিব পাৰি এতিয়া লকডাউনক লৈ অধিক কঠোৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।

লকডাউনক লৈ কঠোৰ হোৱা কেন্দ্ৰীয় চৰকাৰে সেয়ে এই লৈ জাৰি কৰিছে একাধিক নিৰ্দেশনা। এই অনুযায়ী লকডাউন নামানিলে অভিযুক্তক জেললৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰ চৰকাৰে। ইতিমধ্যে ৰাজ্য চৰকাৰসমূহকো বিষয়টোত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে। 

সোমবাৰে হিন্দীত কৰা এক টুইটত তেওঁ কৈছে যে লকডাউনক লৈ প্ৰশাসনৰ যাৱতীয় নিৰ্দেশ পালন কৰিছে নে নাই সেয়া ৰাজ্য চৰকাৰে নিশ্চিত কৰিব লাগিব। যদিহে কোনো ব্যক্তিয়ে লকডাউন উলংঘা কৰে তেন্তে তেনে ব্যক্তিক কঠোৰ শাস্তি বিহিবলৈকো কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে বুলি জনাইছে মোদীয়ে।

টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয়, 'বহুতেই এতিয়াও লকডাউনক ছিৰিয়াছলি লোৱা নাই। দয়া কৰি নিজকে ৰক্ষা কৰক আৰু নিজৰ পৰিয়ালক ৰক্ষা কৰক। প্ৰশাসনৰ যাৱতীয় নিৰ্দেশনা আখৰে আখৰে পালন কৰক।’

উল্লেখ্য যে এই পৰ্যন্ত সমগ্ৰ বিশ্বত কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যা হৈছে ১৪৬০০ ৰো অধিক। ইটালীত দেওবাৰৰ দিনটোত এদিনতে মৃত্যু হৈছে ৬৫০ গৰাকী লোকৰ। ভাৰততো কালিৰ দিনটোতেই প্ৰাণ হেৰুৱাইছে ৩জনকৈ লোকে। ইয়াৰে এজনৰ বয়স আছিল মাত্ৰ ৩৮ বছৰ। সোমবাৰে ভাৰতত কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈ ৪০০ৰ সীমা অতিক্ৰম কৰিছে।