কাজিৰঙাঃ ৰাজ্যজুৰি কৰ’না ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি দেশত লক ডাউন চলি অব্যাহত থকাৰ সময়তে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা গঁড় হত্যাৰ ঘটনা সংঘটিত হয়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ দুৱামাৰী বিলৰ পাৰত উক্ত গঁড় হত্যাৰ ঘটনা সংঘটিত হয়। 

প্ৰাপ্ত তথ্য অনুসৰি লক ডাউনৰ সুবিধা গ্ৰহণ কৰি চোৰাং চিকাৰীৰ এটা দলে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰি অতি নিৰ্মমভাৱে অসম গৌৰৱ এশিঙিয়া গঁড়টোক হত্যা কৰি খৰ্গ লৈ উধাও হয়৷ পৰৱৰ্তী সময়ত বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ এ কে ৪৭ ৰাইফলৰ আঠ জাই খালী কাৰ্টিজ উদ্ধাৰ কৰে৷ 

বনকৰ্মীৰ দলে গিজগিজাই থকা ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰী প্ৰৱেশ কৰি বন্দুকেৰে গুলীয়াই গঁড় হত্যা কৰি খৰ্গ কাটি উধাও হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকসকলে বনকৰ্মীৰ দলে পহৰা দি থাকোতে কেনেকৈ চোৰাং চিকাৰী উদ্যানখনত প্ৰৱেশ কৰিবলৈ সমৰ্থ হ’ল বুলিও বন বিভাগৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে।

চোৰাং চিকাৰীয়ে উদ্যানখনত উক্ত ঘটনা সংঘটিত কৰাৰ সময়তে আফ্ৰিকান ছুৱাইন ফিভাৰৰ সন্দৰ্ভত আজি স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ দাতিকাষৰীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰে৷ উক্ত পৰিদৰ্শন কালত বনবিভাগৰ লোকেও কৃষিমন্ত্ৰীগৰাকীক সংগ দিয়ে। কিন্তু ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰীয়ে সংঘটিত কৰা এই গঁড় হত্যাৰ ঘটনাৰ বিষয়ে মন্ত্ৰীগৰাকীক বন বিভাগে অৱগত নকৰোৱাৰ অভিযোগ উত্থাপিত হৈছে। 

ইফালে, ২০২০ চনত এইটোৱেই প্ৰথমটো গঁড় হত্যাৰ ঘটনা বুলি জানিবলৈ দিছে বন বিভাগে৷ ইয়াৰ পূৰ্বে ২০১৯ চনৰ ১ এপ্ৰিলত গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল ৰাষ্ট্ৰীয় উদ্যানখনত। প্ৰায় এবছৰ পিছত আজি কৰ’নাৰ বিভীষিকাৰ মাজতে পুনৰ এনেদৰে গঁড় হত্যা কৰি চোৰাং চিকাৰীয়ে খৰ্গ লৈ উধাও হোৱা ঘটনাটোক সহজভাৱে ল’ব পৰা নাই প্ৰকৃতিপ্ৰেমীসকলে।