জাগীৰোডঃ বন বিভাগৰ ব্যৰ্থকাৰ বাবে এটাকৰ পিছত আন এটা গঁড় হত্যাকাণ্ড সংঘটিত হৈ আবিছে যদিও পবিতৰা অভয়াৰণ্যই ৰাজ্য খনলৈ ভাল খবৰ কঢ়িয়াই আনিছে৷ দেওবাৰে গঁড গণনা কৰা হয় পৰিতৰা অভয়াৰণ্যত৷ গণনাৰ অন্তত অভয়াৰণ্য খনত ১০২ গঁড় লাভ কৰে বন বিভাগে৷ এই তথ্য পোহৰলৈ আহিছে দেওবাৰে অভয়াৰণ্যখনত হোৱা গঁড়পিয়লত৷ পবিতৰা অভয়াৰণ্যত দেওবাৰে পুৱাৰে পৰা কৰা হৈছিল গঁড়ৰ গণনা৷ 

পবিতৰা অভয়াৰণ্যত গড়ৰ সংখ্যা নিৰ্দ্ধাৰণ কৰাৰ বাবে বনবিভাগে গঁড়ৰ গণনা কৰে। যাৰ পৰিপ্ৰেক্ষিতত দৰ্শনাৰ্থীৰ বাবে দিনটো বন্ধ থাকে অভয়াৰণ্যৰ দুৱাৰ। সমান্তৰালকৈ পবিতৰাত বন্ধ থাকে হাতী ছাফাৰী আৰু জীপ ছাফাৰীও। 

অভয়াৰণ্য খনত চাৰি বছৰৰ মূৰকত অনুষ্ঠিত হয় গঁড় পিয়ল৷ ২০১২ চনৰ পিছত পবিতৰাত গঁড়ৰ পিয়ল হোৱা নাছিল। ২০১২ চনৰ পিয়ল অনুসৰি অভয়াৰণ্য খনত আছিল ৯৩টা গঁড়। ২০১৮ চনৰ পিয়ল মতে পবিতৰাত বৰ্তমান বিচৰণ কৰি আছে ১০২ টা গঁড়ে৷ 

পিয়ল অনুসৰি পবিতৰাত বৃদ্ধি পাইছে ৯ টা গঁড়৷ আনহাতে এই সময়চোৱাত ৬টা গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হোৱাৰ লগতে স্বাভাৱিক মৃত্যু হয় ২০টা গঁড়ৰ৷ 

পবিতৰা অভয়াৰণ্যৰ মুঠ ৯টা ব্লকত বন বিভাগৰ লোকে হাতী আৰু জীপেৰে গঁড় পিয়লৰ কাম সম্পন্ন কৰে। মুঠ ৭ জন গণনাকাৰী আৰু প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত পুৱা ৬ বজাৰ পৰা গণনা কৰা হয় পবিতৰা অভয়াৰন্যৰ গঁড়ৰ পৰিমাণ।

আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ২৫ৰ পৰা ২৮ মাৰ্চলৈকে হ’ব গঁড় গণনা কৰা হ’ব (Rhino Population Estimation 2018)। উদ্যানখনৰ সঞ্চালক আকাশ দীপ বৰুৱাই এই সন্দৰ্ভত বিভাগীয় জাননী ইতিমধ্যে জাৰি কৰিছে৷

গঁড় গণনা কাৰ্য্যসূচীৰ বাবে ২৬ মাৰ্চত কাজিৰঙা সংমণ্ডল কহঁৰা; পশ্চিম সংমণ্ডল, বাগৰি আৰু বুঢ়াপাহাৰ সংমণ্ডল, ঘোৰাকাটিত আৰু ২৭ মাৰ্চত পূব সংমণ্ডল, অগৰাতলিত জীপ ছাফাৰি আৰু ২৬-২৮ মাৰ্চলৈকে উদ্যানখনৰ সকলো এলেকাতে পৰ্যটকৰ বাবে হাতী ছাফাৰি বন্ধ থাকিব বুলি জাননীখনত কোৱা হৈছে।

বিভাগীয় সূত্ৰই জনোৱা মতে, গঁড় গণনাকাৰীসকলৰ বাবে ২৫ মাৰ্চত কাজিৰঙাৰ কহঁৰাত বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব৷ ২৬ মাৰ্চত কাজিৰঙাৰ মাজেদি যোৱা ডিফলু নৈৰ দক্ষিণ পাৰৰ মুঠ ৪৪টা কম্পাৰ্টমেন্টত আৰু ২৭ মাৰ্চত উত্তৰ পাৰৰ মুঠ ৩৬টা কম্পাৰ্টমেন্টত হাতী লৈ গণনা কাৰ্য চলোৱা হ’ব৷