যোৰহাটঃ এই কৰ'না কালত কেনে আছে সম্প্ৰতি বাট-পথে ঘূৰি ফুৰা অথচ একালৰ কাৰোবাৰ মৰমৰ টমি-ৰকি-ডগী-কালু অথবা ভোলাহঁত? গাড়ী দেখিলে ভয়তে হওক বা আন কোনো কাৰণতেই হওক দেখিলে খেদি যোৱা এই টমি-ৰকি-ডগী-কালু অথবা ভোলাহঁতৰ খবৰ ল'বলৈ কোনোবা আছেনে? ৰাজ্যৰ অইন নগৰ-চহৰত গৰাকীবুিহীন এনে পোহনীয়া জীৱ-জন্তুবোৰৰ আলাই-আথানি নাইকিয়া কৰিবলৈ কোনো প্ৰকৃতি প্ৰেমী আৰু পশু প্ৰেমী দল-সংগঠন আছে নে নাই সেয়া নিশ্চিত নহ'লেও যোৰহাট নগৰে এইক্ষেত্ৰত সকলোকে পোহৰ দেখুৱাবলৈ সমৰ্থ হৈছে।

উজনি অসমৰ অন্যতম প্ৰাণকেন্দ্ৰস্বৰূপ এই নগৰখনত  যান্ত্ৰিকতাৰ ব্যস্তময় সমাজ জীৱনৰ মাজতো জীৱ প্ৰেমৰ এক উজ্জ্বল নিদৰ্শন দেখুৱাইছে 'পোহৰ' নামৰ এটি স্বেচ্ছাসেৱী সংস্থাই। দুচকুত সমাজৰ বাবে ভাল কিবা এটা কৰাৰ সপোন কঢ়িয়াই লৈ ফুৰা যোৰহাট জিলাখনৰ এদল উদ্যমী যুৱক-যুৱতীৰ নিঃস্বাৰ্থ প্ৰচেষ্টাত গঢ় লৈ এই সংগঠনটোৱে বুটলিবলৈ সক্ষম হৈছে ৰাইজৰ প্ৰশংসা। 

প্ৰথম অৱস্থাত এটা হোৱাটছএপ গ্ৰুপেৰে আৰম্ভ হোৱা 'পোহৰ' নামৰ সংস্থাটোৱে প্ৰতিদিনে চহৰখনৰ আশ্ৰয়হীন জীৱ-জন্তুবোৰক খাদ্য, পানী আৰু চিকিৎসা সেৱা প্ৰদান কৰাৰ এক আদৰণীয় পদক্ষেপ হাতত লৈছে। বিগত কেইবামাহৰ পৰা অব্যাহত থকা তেওঁলোকৰ এই প্ৰচেষ্টাই বৰ্তমান যথেষ্ট সফল ৰূপ পোৱা পৰিলক্ষিত হৈছে। সময়ে সময়ে Adoption Camp, Vaccination Camp আদিও অনুষ্ঠিত কৰি সংস্থাটোৱে ৰাইজক সেৱা আগবঢ়াই আহিছে। 

'পোহৰ'ৰ আঁৰত কোন?

জিলাখনৰ বিভিন্ন অঞ্চলৰ প্ৰায় ডেৰ শতাধিক যুৱক-যুৱতী এই 'পোহৰ' নামৰ সংস্থাটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে। যোৰহাটৰ পশু চিকিৎসক অপূৰ্ব বুঢ়াগোহাঁইক সভাপতি, উদ্যমী যুৱক বিনোদ হাজৰিকাক সাধাৰণ সম্পাদক, বৰহোলাৰ ৰাহুল সুৰজিৎ সন্দিকৈক সহকাৰী সম্পাদক, ফাইজা আহমেদক কোষাধ্যক্ষা আৰু চহৰখনৰ কেইবাজনো জ্যেষ্ঠ তথা সচেতন ব্যক্তিক উপদেষ্টা হিচাপেলৈ গঠন কৰিছে এখন পূৰ্ণাংগ পৰিচালনা সমিতি। 

এই সমিতিখনৰ পোন্ধৰগৰাকীতকৈয়ো অধিক যুৱক-যুৱতীৰ দ্বাৰা গঠন হৈছে এটা 'উদ্ধাৰকাৰী দল'। এই উদ্ধাৰকাৰী দলটোৱে কোনো উৎসৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত যিকোনো মুহূৰ্ততে চহৰখনৰ যিকোনো স্থানত আঘাতপ্ৰাপ্ত হোৱা জীৱ-জন্তুবোৰক উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে চিকিৎসাৰ ব্যৱস্থা কৰে।

প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা 'পোহৰ'ৰ সক্ৰিয় কৰ্মীসকলে তিনি-চাৰি ঘণ্টাৰ বাবে যোৰহাট চহৰখনত ঘূৰি ফুৰা আশ্ৰয়হীন জীৱ-জন্তুবোৰক খাদ্যৰ যোগান ধৰে। অসুস্থ তথা ৰুগীয়া জীৱ-জন্তুবোৰক চিকিৎসা সেৱা প্ৰদান কৰি ক'ৰবাত আশ্ৰয়ৰ ব্যৱস্থা কৰি দিয়ে। এই আঘাতপ্ৰাপ্ত আৰু ৰুগীয়া জীৱ-জন্তুবোৰৰ বাবে সংস্থাটোৱে এক স্থায়ী আশ্ৰয়গৃহ মুকলি কৰাৰো চিন্তা-চৰ্চা কৰিছে।

সংস্থাটোৰ প্ৰায় ডেৰ শতাধিক যুৱক-যুৱতীয়ে নিজৰ সাঁচতীয়া ধন ব্যয় কৰিয়েই প্ৰতিদিনে জীৱ-জন্তুবোৰক পুষ্টিকৰ খাদ্য যোগান ধৰি আহিছে। ইয়াৰ বাবে দৈনিক প্ৰায় ৫-৮ কেজিকৈ মাংস আৰু ১২-১৬ কেজি চাউল, ১০-১৫ কেজি পেডিক্ৰি ক্ৰয় কৰিব লগা হয় বুলি জনাইছে সংস্থাটোৰ এগৰাকী কৰ্মকৰ্তাই। 

ধুনীয়া চহৰত নাথাকে ৰুগীয়া জীৱ-জন্তু!

জীৱ-জন্তুবোৰৰ হৈ কৰি এই কামত মাজে সময়ে চহৰখনৰ দুই-এজন ব্যক্তিয়ে সহায়-সহযোগিতা আগবঢ়াইছে বুলিও সংস্থাটোৰ বিষয়-ববীয়াই জানিবলৈ দিছে।  যোৰহাটবাসীৰ এনে সহযোগিতাত সন্তুষ্টি প্ৰকাশ কৰি সংস্থাটোৰ বিষয়ববীয়াই কয়, 'যান্ত্ৰিকতাৰ ধামখুমীয়াত বৰ্তমান একাংশ লোকে পোহনীয়া জীৱ-জন্তুবোৰক এলাগী কৰি পেলোৱা কাৰ্য অতি দুৰ্ভাগ্যজনক। ভোকাতুৰ, আশ্ৰয়হীন, ৰুগীয়া জীৱ-জন্তুৰে ভৰা এখন চহৰ কেতিয়াও ধুনীয়া বুলিব নোৱাৰি। জীৱশ্ৰেষ্ঠ হিচাপে এই ক্ষেত্ৰত আমি সকলো সজাগ হ'বই লাগিব।’ 

উল্লেখ্য যে,  প্ৰথমটো লকডাউনৰ সংকটজনক পৰিস্থিতিত অসমৰ  বিভিন্ন  দিশত খাদ্য সংকটে দেখা দিয়া সময়ছোৱাত "পোহৰ"-এ যোৰহাটৰ বহু ঠাইত দৰিদ্ৰ তথা অভাৱী পৰিয়ালক চাউল, দাইল, তেল, নিমখকে আদি কৰি প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰি অহাৰ লগতে পদপথৰ কেইবা শতাধিক নিৰাশ্ৰয় ভোকাতুৰ কুকুৰৰ লগতে গৰু ছাগলী ইত্যাদি জীৱ-জন্তুবোৰকো পুৱা আৰু আবেলি আহাৰৰ ব্যৱস্থা কৰি আহিছে। লগতে এই কৰ’না কালত জীৱ-জন্তুবোৰৰ যাতে আলৈ-আথানি নহয় তাৰো ব্যৱস্থা হাতত লৈছে পশুপ্ৰেমী সংগঠনটোৱে।

সংস্থাটোৰ বিষয়ববীয়াসকলে জনোৱা মতে, অহা আগষ্ট মাহৰ পৰা যোৰহাট চহৰৰ গৰাকীবিহীন প্ৰায় পঞ্চাশটাতকৈ অধিক কৰ্কটত আক্ৰান্ত কুকুৰক চিকিৎসা প্ৰদানৰ পৰিকল্পনা হাতত লৈছে৷ সংস্থাটোৰ এনে পদক্ষেপক লৈ সন্তুষ্টি ব্যক্ত কৰিছে চহৰখনৰ সচেতন লোকসকলে। 'পোহৰ'ৰ ব্যতিক্ৰমী পদক্ষেপত অনাগত সময়ত যোৰহাট চহৰখন বাস্তৱিকতে ধুনীয়া হৈ পৰিব বুলিও আশা ব্যক্ত কৰে স্থানীয় প্ৰকৃতি প্ৰেমী আৰু জীৱ-জন্তু প্ৰেমীসকলে।