newsnextone.com | গুৱাহাটীঃ নাৰী সুৰক্ষিত ক’ত? এয়া লৈ এতিয়া সকলোৱে সন্দেহ প্ৰকাশ কৰে৷ দেশৰ ভিতৰে বাহিৰে প্ৰতিদিনে অনেক নাৰী নিৰ্যাতিত, লাঞ্চিত হৈ অহাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হৈ আহিছে৷ 

নাৰী সুৰক্ষাৰ নামত প্ৰশাসনে নতুন নতুন আইন প্ৰৱৰ্তন কৰিলেও কিন্তু নাৰী নিৰ্যাতনৰ ঘটনা ৰোধ হোৱা পৰিলক্ষিত হোৱা নাই৷ ঘৰৰ ভিতৰত, বাছ ষ্টপেজত, ৰে’লৱে ষ্টেচনত, অফিচত সকলোতে নাৰী একাংশ  পুৰুষৰ কামনাৰ ৰোষত পৰি সৰ্বশ্ৰান্ত হোৱাৰ দৰে ঘটনা ঘটিয়েই আছে৷

এইবাৰ তেনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হ’ল বিমান বন্দৰত৷ গুৱাহাটীৰ পৰা দিল্লীলৈ স্পাইছ জেটৰ বিমানেৰে ৰাওনা হোৱা এগৰাকী গৰ্ভৱতী মহিলাক বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত এগৰাকী চিআইএছএফৰ মহিলা জোৱানে তালাচীৰ নামত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ 

যোৱা ১২ জুনত সুৰক্ষাকৰ্মীৰ হাতত এগৰাকী গৰ্ভৱতী মহিলা নিৰ্যাতিত হোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি  কৰিছে৷ ইফালে এই ঘটনাৰ কথা পোহৰলৈ অহাৰ পিছতে চিআইএছএফে ঘটনাৰ উচিত তদন্তৰো নিৰ্দেশ দিয়ে৷ 

নিৰ্যাতিতা মহিলাগৰাকী আৰু স্বামীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি, তেওঁ আৰু তেওঁৰ স্বামীয়ে পিতৃৰ বিয়োগ খবৰ লাভ কৰি গুৱাহাটীৰ ঘৰলৈ আহিছিল৷ গুৱাহাটীৰ পৰা স্পাইছ জেটৰ বিমান যোগে পুনৰাই দিল্লীলৈ উভটি যোৱাৰ সময়তে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত গৰ্ভৱতী মহিলাগৰাকীত এগৰাকী চিএইএছএফৰ মহিলা জোৱানে কথিত ৰূপত নিৰ্যাতন চলাই৷

মহিলাগৰাকীৰ অভিযোগ অনুসৰি, বৰ্ডিং পাছ প্ৰদানৰ নামত তেওঁ আৰু তেওঁৰ স্বামীক বিভিন্ন অপ্ৰয়োজনীয় প্ৰশ্ন কৰা হয়। প্ৰায় ২০ মিনিট সময় ব্যতিব্যস্ত কৰাৰ অন্তত গৰ্ভৱতী মহিলাগৰাকীক তালাচীৰ নামত মেনুৱেল আৰু মেটেৰিয়েল চেক কৰাৰ পিছতো পেটত সন্তান আছেনে অন্য কিবা আছে বুলি অকথ্য নিৰ্যাতন চলায় চিআইএছএফ জোৱানে৷

ইফালে, গৰ্ভৱতী মহিলাগৰাকীক সুকীয়া কোঠালৈ মাতি নি কাপোৰ খুলিও চেক কৰে বুলিও অভিযোগ উত্থাপন হৈছে চিআইএছএফৰ বিৰুদ্ধে৷ 

নিৰ্যাতিতা মহিলাগৰাকীয়ে জানিবলৈ দিয়া মতে, তেওঁ গৰ্ভৱতী বুলি জনাৰ পিছতো চিআইএছএফে  মহিলাগৰাকীৰ পেটত হেচুকি সন্তানৰ উপস্থিতি নিশ্চিত কৰিব বিচাৰে৷

বিমান বন্দৰক সুৰক্ষিত কৰাৰ নামত নামত এগৰাকী গৰ্ভৱতী মহিলাক এনেদৰে অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে মহিলাগৰাকী আৰু স্বামীয়ে চিএইএছএফৰ বিৰুদ্ধে এক অভিযোগ দাখিল কৰে৷ 

সুৰক্ষাৰ নামত নিয়োজিত এচাম সুৰক্ষা কৰ্মীৰ এনে উদ্ভট কাণ্ডই সমগ্ৰ সুৰক্ষা ব্যৱস্থাটোকেই লজ্জানত কৰিছে বুলি বিভিন্নজনে মন্তব্য প্ৰকাশ কৰাৰ লগতে এনে কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷