ডিজিটেল ডেস্কঃ এছীয়া বেডমিন্টন চেম্পিপিয়নশ্বিপত ভাগ লোৱা ভাৰতৰ দুজন সৰ্বশ্ৰেষ্ঠ বেডমিন্টন খেলুৱৈ এচ এচ প্ৰণ্ণয় আৰু চাইনা নেহৱাল চেমিফাইনেলতে থমকিবলগীয়া হয়। 

ছেমিফাইনেলত পৰাজয় বৰণ কৰি খেলৰ পৰা বাহিৰ হয় দুয়ো খেলুৱৈ৷ যোৱা বছৰ চাইনাই বিজয়ী টাই য়িংগৰ লগত হাৰ মানিছিল৷ আনহাতে প্ৰণ্ণয়ে অলিম্পিকৰ বিজেতা চেন লুংগ লগত পৰাজয় বৰণ কৰিব লগা হয়৷

২৫-২৭,১৯-২১ ছেটত হাৰ মানি খেলৰ পৰা বাহিৰ হয় চাইনা৷ বিশ্বৰ দশম স্থানৰ খেলুৱৈৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰা প্ৰণয়ে চেনৰ লগত ১৬-২১,১৮-২১ ত পৰাজয় বৰণ কৰে৷ উল্লখযোগ্য যে প্ৰথম অৱস্থাত ৫-২ ৰে ভাল প্ৰদৰ্শন কৰি শেষত ১১-১০ ত চেনে বিজয় লাভ কৰে৷ 

প্ৰণ্ণয় হৈছে ভাৰতৰ এজন সুদক্ষ বেডমিন্টন খেলুৱৈ৷ ২০০৭ চনৰ এছিয়া বেডমিন্টন চেম্পিপিয়নশ্বিপত অনুপ শ্ৰীধৰৰ পৰাজয় কৰি ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷ চাইনা নেহৱাল আৰু প্ৰণয়ে ছেমিফাইনেলৰ পৰা বাহিৰ হৈ ব্ৰঞ্জৰ পদক লাব কৰিবলৈ সক্ষম হয়৷