নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ২.০ মন্ত্ৰীসভাৰ এজন সদস্যক লৈ সৰ্বাধিক চৰ্চা হোৱা দেখা গৈছে। তেওঁৰ নাই কোনো অট্টালিকা, বিলাসী গাড়ী বা বেংক বেলেন্স। তেওঁৰ আছে মাথো জনসমৰ্থন।

আজীৱন চাইকেল চলাইয়ে গাঁৱে গাঁৱে ভ্ৰমি তেওঁ দুখীয়াক যৎকিঞ্চিৎ সহায় কৰি গৈছে। সমাজ সেৱা কৰি অহা লোকজনেৰ নাম প্ৰতাপ চন্দ্ৰ সাৰেংগী৷ পূৰ্বে ওড়িশাৰ নীলাগিৰি বিধানসভা সমষ্টিৰপৰা বিজেপিৰ হৈ দুবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা প্ৰতাপ চন্দ্ৰ সাৰেংগীয়ে এইবাৰ সাংসদ হৈ নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাত স্থান পাই চৰ্চালৈ আহিছে৷

অতি সাধাৰণ শৈলীৰে জীৱন অতিবাহিত কৰি আহিছে প্ৰতাপ চন্দ্ৰ সাৰেংগী৷ কোনোধৰণৰ ভিআইপিৰ আচৰণ নেদেখুৱা সাৰেংগী জীৱনত সাধু-সন্ত হোৱাৰ ইচ্ছা আছিল যদিও সময়ৰ পাক চক্ৰই তেওঁক ৰাজনীতিৰ পথাৰখনতহে প্ৰতিষ্ঠিত কৰিলে৷ ৬৪ বছৰ গৰকা সাৰেংগীয়ে ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনত বিজেডিৰ কোটিপতি সাংসদ ৰবীন্দ্ৰ কুমাৰ জেনাক ১২,৯৫৬ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷

মোডীৰ মন্ত্ৰীসভাৰ ৪৭ জন সদস্যৰ লগতে প্ৰতাপ চন্দ্ৰ সাৰেংগীয়েও গোপনীয় আৰু শপত গ্ৰহণ কৰে৷ আৰএছএছৰ লগত জড়িত থকা সাৰেংগীৰ সৰলতা তথা সমাজৰ প্ৰতি সমপৰ্ণ আৰু জনসেৱাৰ মনোভাবে তেওঁক মন্ত্ৰীসভাৰ সদস্য হিচাপে বাছনি কৰিলে৷

কাহানিও বিলাসী গাড়ীত গৈ ভোট নিবিচৰা সাৰেংগীয়ে ৰিক্সা, অট’ ভাড়া কৰি জনসাধাৰণৰ লগত জড়িত থাকিয়েই নিৰ্বাচনী প্ৰচাৰ কৰিছিল৷ ওড়িশাত ২০০৪-২০১৪ বৰ্ষলৈকে দুবাৰকৈ বিধায়কৰ পদত আছিল সাৰেংগী৷ বৰ্তমান মোডীৰ মন্ত্ৰীসভাত তেওঁক আটাইতকৈ দুখীয়া মন্ত্ৰী বুলি জানিব পৰা গৈছে৷